--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ‘দিদি মা’ নামেৰে জনা যাব উমা ভাৰতীক। টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পূৰ্বে উমা ভাৰতীয়ে জনাইছিল যে অহা ১৭ নৱেম্বৰৰ পৰা সকলো ব্যক্তিগত সম্পৰ্ক তেওঁ চ্ছিন্ন কৰিব। ইয়াৰ কাৰণ হৈছে ১৯৯২ চনৰ ১৭ নৱেম্বৰত তেওঁ ‘সন্ন্যাস’ গ্ৰহণ কৰিছিল। ‘সন্ন্যাস’ গ্ৰহণ কৰাৰ ত্ৰিশ বছৰ পূৰ্তি উপলক্ষে তেওঁ এই পদক্ষেপ হাতত লৈছে।

আনহাতে নিজৰ নতুন সম্পৰ্কত উমা ভাৰতীয়ে জনায় যে তেওঁৰ গুৰু শ্ৰী বিদ্যাসাগৰ জী মহাৰাজৰ পৰামৰ্শমতে এই পৰিকল্পনা কৰিছে। গুৰুজনে তেওঁক কৈছিল যে ভাৰতী শব্দটোৱে সমগ্ৰ ভাৰতকে বুজায় অৰ্থাৎ দেশবাসীৰ দিদি মাতা। সেয়ে উমা ভাৰতীকো ‘দিদি মাতা’ নাম ল’বলৈ মহাৰাজে পৰামৰ্শ দিয়ে।

নিজৰ টুইটটোত তেওঁ লিখে যে সমগ্ৰ বিশ্বই তেওঁৰ নিজৰ পৰিয়াল। সেয়ে এতিয়া কেৱল এটা পৰিয়ালৰ সলনি, সকলো লোকেই তেওঁৰ পৰিয়ালৰ অন্তৰ্ভূক্ত।

“এতিয়া মোৰ নিজৰ পৰিয়ালটোও মোৰ পৰা মুক্ত আৰু মইও মোৰ পৰিয়ালৰ পৰা মুক্ত।”- উমাই লিখে।

 

আনহাতে, শেহতীয়াকৈ উমা ভাৰতীক ৰাজনৈতিক মঞ্চত দেখা নাপালেও সামাজিক জীৱন অতিবাহিত কৰি আছে। গুজৰাটত হ’বলগা আগন্তুক বিধানসভা নিৰ্বাচনৰ বিষয়ে উমা ভাৰতীয়ে কয় যে ৰাজ্যখনত বিজেপিয়ে বৃহৎ বিজয়সাব্যষ্ট কৰিব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু