--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নানান খাদ্য সামগ্ৰী, পেকেটৰ খাদ্য, পিঠাগুড়ি আদিত চৰকাৰে জ্এছটি আৰোপ কৰাৰ পিছত এইবাৰ  বিমান, ৰেল আৰু হোটেলৰ বাবে কৰা বুকিং বাতিল কৰিলেও মানুহে জিএছটিৰ ৰূপত জৰিমনা ভৰিব লাগিব৷ চৰকাৰৰ নতুন নিয়ম অনুসৰি এজন ব্যক্তিয়ে হোটেল, ৰে’ল আৰু বিমান টিকট বুক কৰাৰ পিছত বাতিল কৰিলে কৰ পৰিশোধ কৰিব লাগিব।

 এনে বুকিং বাতিল কৰিলে  গ্ৰাহকে পৰিশোধ কৰা জিএছটি একে হাৰতে পৰিশোধ কৰিব লাগিব। বিত্ত মন্ত্ৰালয়ৰ কৰ গৱেষণা গোটে এই সন্দৰ্ভত এক বিজ্ঞপ্তি জাৰি কৰিছে। য'ত বিভিন্ন পৰিস্থিতিৰ বাবে বুকিং বাতিল কৰাটো   জিএছটি আইনৰ অধীনলৈ অনাৰ কথা কোৱা হৈছে৷

 হোটেল, ৰে’ল আৰু বিমান টিকট বুকিং কৰাৰ সময়ত গ্ৰাহক এজনে  চুক্তিত সন্মত হয়৷ সেই চুক্তি হৈছে সেৱাৰ  যোগানৰ চুক্তি। গতিকে এয়া  কৰযোগ্য বিষয়। বিজ্ঞপ্তি খনত স্পষ্ট কৰি দিয়া হৈছে  যে বিভিন্ন পৰিস্থিতিত হোটেল, ৰে’ল আৰু বিমানৰ টিকট বাতিলৰ ক্ষেত্ৰত সেয়ে  জিএছটি লগোৱা  হ'ব।কৰ গৱেষণা গোটে জাৰি কৰা বিজ্ঞপ্তিত কোৱা হৈছে যে ৰে’লৰ প্ৰথম শ্ৰেণী বা এচি দবাৰ টিকটৰ বাবে গ্ৰাহকে  বাতিলকৰণ মাচুলৰ ওপৰত ৫ শতাংশ জিএছটি পৰিশোধ কৰিব লাগিব। 

একেদৰে, বিমানৰ টিকট বা হোটেল বুকিং বাতিল কৰাৰ পিছত  গ্ৰাহকে সেই বুকিঙৰ  সময়ছোৱাত পৰিশোধ কৰা জিএছটি হাৰৰ সমান কৰ পৰিশোধ কৰিব লাগিব।চৰকাৰৰ এনে সিদ্ধান্তই এতিয়া নানান কাৰণত হোটেল, ৰে’ল আৰু বিমানৰ টিকট বাতিল কৰা সকলক উপৰুৱাকৈ অধিক ধন ভৰিবলৈ বাধ্য কৰিব৷ চৰকাৰে প্ৰায় ভাগ সামগ্ৰী আৰু সেৱাৰ ওপৰতে এনেদৰে জিএছটি লগোৱাত মূল্যবৃদ্ধিয়ে কাবু কৰা জনতাক বিপাঙত পেলাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ