--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নানান খাদ্য সামগ্ৰী, পেকেটৰ খাদ্য, পিঠাগুড়ি আদিত চৰকাৰে জ্এছটি আৰোপ কৰাৰ পিছত এইবাৰ  বিমান, ৰেল আৰু হোটেলৰ বাবে কৰা বুকিং বাতিল কৰিলেও মানুহে জিএছটিৰ ৰূপত জৰিমনা ভৰিব লাগিব৷ চৰকাৰৰ নতুন নিয়ম অনুসৰি এজন ব্যক্তিয়ে হোটেল, ৰে’ল আৰু বিমান টিকট বুক কৰাৰ পিছত বাতিল কৰিলে কৰ পৰিশোধ কৰিব লাগিব।

 এনে বুকিং বাতিল কৰিলে  গ্ৰাহকে পৰিশোধ কৰা জিএছটি একে হাৰতে পৰিশোধ কৰিব লাগিব। বিত্ত মন্ত্ৰালয়ৰ কৰ গৱেষণা গোটে এই সন্দৰ্ভত এক বিজ্ঞপ্তি জাৰি কৰিছে। য'ত বিভিন্ন পৰিস্থিতিৰ বাবে বুকিং বাতিল কৰাটো   জিএছটি আইনৰ অধীনলৈ অনাৰ কথা কোৱা হৈছে৷

 হোটেল, ৰে’ল আৰু বিমান টিকট বুকিং কৰাৰ সময়ত গ্ৰাহক এজনে  চুক্তিত সন্মত হয়৷ সেই চুক্তি হৈছে সেৱাৰ  যোগানৰ চুক্তি। গতিকে এয়া  কৰযোগ্য বিষয়। বিজ্ঞপ্তি খনত স্পষ্ট কৰি দিয়া হৈছে  যে বিভিন্ন পৰিস্থিতিত হোটেল, ৰে’ল আৰু বিমানৰ টিকট বাতিলৰ ক্ষেত্ৰত সেয়ে  জিএছটি লগোৱা  হ'ব।কৰ গৱেষণা গোটে জাৰি কৰা বিজ্ঞপ্তিত কোৱা হৈছে যে ৰে’লৰ প্ৰথম শ্ৰেণী বা এচি দবাৰ টিকটৰ বাবে গ্ৰাহকে  বাতিলকৰণ মাচুলৰ ওপৰত ৫ শতাংশ জিএছটি পৰিশোধ কৰিব লাগিব। 

একেদৰে, বিমানৰ টিকট বা হোটেল বুকিং বাতিল কৰাৰ পিছত  গ্ৰাহকে সেই বুকিঙৰ  সময়ছোৱাত পৰিশোধ কৰা জিএছটি হাৰৰ সমান কৰ পৰিশোধ কৰিব লাগিব।চৰকাৰৰ এনে সিদ্ধান্তই এতিয়া নানান কাৰণত হোটেল, ৰে’ল আৰু বিমানৰ টিকট বাতিল কৰা সকলক উপৰুৱাকৈ অধিক ধন ভৰিবলৈ বাধ্য কৰিব৷ চৰকাৰে প্ৰায় ভাগ সামগ্ৰী আৰু সেৱাৰ ওপৰতে এনেদৰে জিএছটি লগোৱাত মূল্যবৃদ্ধিয়ে কাবু কৰা জনতাক বিপাঙত পেলাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ