--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰত পথভ্ৰষ্ট হ'ল এখন ৰে’ল। দিশ সলনি হৈ বেলেগ ঠাইলৈ গতি কৰিলে ৰেলখনে । গোচৰটো হৈছে গুৱাহাটীৰ পৰা জম্মু তাৱীলৈ যোৱা ১৫৬৫৩ আপ অমৰনাথ এক্সপ্ৰেছৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত পথভ্ৰষ্ট হ'ল ৰে’লখনৰ। বৰাউনীৰ  পাছত ৰেলখন সমস্তিপুৰলৈ যাব লগা আছিল ৰেলখন, পিছে দিশ সলনি হৈ বিদ্যাপতিনগৰ পালেগৈ। এই তথ্যৰ পাছতে সোণপুৰ ৰে’ল সংমণ্ডলৰ বিষয়াসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

বিদ্যাপতিনগৰত উপস্থিত হোৱা ৰেলখন পুনৰ বচোৱাৰালৈ অনা হ’ল। তাৰ পিছত উক্ত ৰেলখখনক সমস্তিপুৰলৈ পঠিওৱা হ’ল। উক্ত সময়ছোৱাত প্ৰায় এঘণ্টা সময় লাগিছিল। আনহাতে, বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সোণপুৰৰ ডিআৰ( DRM)এম নীল মণিয়ে বচোৱাৰা ষ্টেচনৰ সহকাৰী ষ্টেচন মাষ্টৰ কুন্দন কুমাৰ আৰু সুৰজ কুমাৰক তাৎক্ষণিকভাৱে  নিলম্বন কৰি বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। ডিআৰএমৰ মতে এয়া এক ডাঙৰ গাফিলতি।

তথ্য অনুসৰি পুৱা ৪.৪৫ বজাত আৰম্ভ  হয় বৰাউনীৰ পৰা অমৰনাথ এক্সপ্ৰেছৰ যাত্ৰা। ৰেলখনৰ পোনপটীয়া ষ্টপেজ আছিল সমস্তিপুৰত। কিন্তু পুৱা ৫.১৫ বজাত বাচৱাৰাত ৰেলখন পাৰ হৈ গৈছিল। বচোৱাৰা ষ্টেচনত ভুল লাইন হোৱাৰ বাবে বৰাউনী-সমস্তিপুৰ পথৰ সলনি বাচোৱাৰা-হাজীপুৰ ৰে’ল অংশত ৰে’লখন চলাচল কৰিবলৈ আৰম্ভ কৰে৷

ৰেলখনে বিদ্যাপতিনগৰ ষ্টেচনৰ বাহিৰৰ চিগনেলত উপনীত হ’ল ইফালে ৰে’লখনৰ ড্ৰাইভাৰে সন্মুখত অন্য ঠাই বিচাৰি নাপাই ৰে’লখন ৰখাই ৰে’লৱে কণ্ট্ৰ’লক খবৰ দিয়ে। পাছত ৰেলখন পুনৰ বচোৱাৰালৈ অনা হয়। কিন্তু তেতিয়া সময়ৰা পুৱা ছয় বাজিছিল। ইয়াৰ পৰবৰ্তী সময়ত সন্ধিয়া ৬.১৫ বজাত সমস্তিপুৰলৈ ৰাওনা হয় ৰে’লখন।

ৰে’লৱেৰ সূত্ৰই জনোৱা মতে, পুৱা হোৱাৰ বাবে এএছএমকে( ASM) ধৰি ষ্টেচনত নিয়োজিত কৰ্মী সকল টোপনি যোৱা বুলি জানিব পৰা গৈছে। যিহেতু বাচোৱাৰা ষ্টেচনত বেছি ৰেল ৰৈ নাথাকে। আৰু বেছিভাগ ৰে’ল ৰৈ নোযোৱাকৈয়ে পাৰ হৈ যায়। ৰে’লৱেৰ কৰ্মচাৰী সকলৰ টোপনিৰ ফলতেই ভুল ট্ৰেক বনাইছিল বুলি অনুমান কৰা হৈছে। ফলত পূৰ্ণ গতিৰে অহা অমৰনাথ এক্সপ্ৰেছ ৰে’লখনে ট্ৰেক সলনি কৰি বিদ্যাপতিনগৰ পালেগৈ। বৰ্তমান সমগ্ৰ বিষয়টোত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ