--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰত পথভ্ৰষ্ট হ'ল এখন ৰে’ল। দিশ সলনি হৈ বেলেগ ঠাইলৈ গতি কৰিলে ৰেলখনে । গোচৰটো হৈছে গুৱাহাটীৰ পৰা জম্মু তাৱীলৈ যোৱা ১৫৬৫৩ আপ অমৰনাথ এক্সপ্ৰেছৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত পথভ্ৰষ্ট হ'ল ৰে’লখনৰ। বৰাউনীৰ  পাছত ৰেলখন সমস্তিপুৰলৈ যাব লগা আছিল ৰেলখন, পিছে দিশ সলনি হৈ বিদ্যাপতিনগৰ পালেগৈ। এই তথ্যৰ পাছতে সোণপুৰ ৰে’ল সংমণ্ডলৰ বিষয়াসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

বিদ্যাপতিনগৰত উপস্থিত হোৱা ৰেলখন পুনৰ বচোৱাৰালৈ অনা হ’ল। তাৰ পিছত উক্ত ৰেলখখনক সমস্তিপুৰলৈ পঠিওৱা হ’ল। উক্ত সময়ছোৱাত প্ৰায় এঘণ্টা সময় লাগিছিল। আনহাতে, বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সোণপুৰৰ ডিআৰ( DRM)এম নীল মণিয়ে বচোৱাৰা ষ্টেচনৰ সহকাৰী ষ্টেচন মাষ্টৰ কুন্দন কুমাৰ আৰু সুৰজ কুমাৰক তাৎক্ষণিকভাৱে  নিলম্বন কৰি বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। ডিআৰএমৰ মতে এয়া এক ডাঙৰ গাফিলতি।

তথ্য অনুসৰি পুৱা ৪.৪৫ বজাত আৰম্ভ  হয় বৰাউনীৰ পৰা অমৰনাথ এক্সপ্ৰেছৰ যাত্ৰা। ৰেলখনৰ পোনপটীয়া ষ্টপেজ আছিল সমস্তিপুৰত। কিন্তু পুৱা ৫.১৫ বজাত বাচৱাৰাত ৰেলখন পাৰ হৈ গৈছিল। বচোৱাৰা ষ্টেচনত ভুল লাইন হোৱাৰ বাবে বৰাউনী-সমস্তিপুৰ পথৰ সলনি বাচোৱাৰা-হাজীপুৰ ৰে’ল অংশত ৰে’লখন চলাচল কৰিবলৈ আৰম্ভ কৰে৷

ৰেলখনে বিদ্যাপতিনগৰ ষ্টেচনৰ বাহিৰৰ চিগনেলত উপনীত হ’ল ইফালে ৰে’লখনৰ ড্ৰাইভাৰে সন্মুখত অন্য ঠাই বিচাৰি নাপাই ৰে’লখন ৰখাই ৰে’লৱে কণ্ট্ৰ’লক খবৰ দিয়ে। পাছত ৰেলখন পুনৰ বচোৱাৰালৈ অনা হয়। কিন্তু তেতিয়া সময়ৰা পুৱা ছয় বাজিছিল। ইয়াৰ পৰবৰ্তী সময়ত সন্ধিয়া ৬.১৫ বজাত সমস্তিপুৰলৈ ৰাওনা হয় ৰে’লখন।

ৰে’লৱেৰ সূত্ৰই জনোৱা মতে, পুৱা হোৱাৰ বাবে এএছএমকে( ASM) ধৰি ষ্টেচনত নিয়োজিত কৰ্মী সকল টোপনি যোৱা বুলি জানিব পৰা গৈছে। যিহেতু বাচোৱাৰা ষ্টেচনত বেছি ৰেল ৰৈ নাথাকে। আৰু বেছিভাগ ৰে’ল ৰৈ নোযোৱাকৈয়ে পাৰ হৈ যায়। ৰে’লৱেৰ কৰ্মচাৰী সকলৰ টোপনিৰ ফলতেই ভুল ট্ৰেক বনাইছিল বুলি অনুমান কৰা হৈছে। ফলত পূৰ্ণ গতিৰে অহা অমৰনাথ এক্সপ্ৰেছ ৰে’লখনে ট্ৰেক সলনি কৰি বিদ্যাপতিনগৰ পালেগৈ। বৰ্তমান সমগ্ৰ বিষয়টোত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে