--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন সাংসদ ভৱনত স্থাপন কৰা হ’ব ৰাজদণ্ড! দেওবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ দিনা এই ৰাজদণ্ড স্থাপন কৰিব।

২৪ মে’ত দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত এক সংবাদমেলত অমিত শ্বাহে কয় যে ন্যায়ৰ শাসনৰ প্ৰতীক হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত এই ৰাজদণ্ড স্থাপন কৰিব।

উল্লেখ্য যে এই ৰাজদণ্ডৰ স’তে ভাৰতৰ স্বাধীনতাৰ আন্দোলনো জড়িত হৈ আছে। ১৯৪৭ চনৰ ১৪ আগষ্টত মাজনিশা এই ৰাজদণ্ড ব্ৰিটিছ শাসকৰ পৰা ভাৰতৰ স্বাধীন চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ হাতত ক্ষমতা অৰ্পণ কৰা হৈছিল। এতিয়ালৈকে সেই ৰাজদণ্ডটো এলাহাবাদৰ সংগ্ৰহালয়ত ৰখা হৈছিল। এইবাৰ ইয়াক সংসদ ভৱনত ৰখা হ’ব।

এই ৰাজদণ্ড অধ্যক্ষৰ মঞ্চৰ সন্মুখত স্থাপন কৰা হ’ব। অমিত শ্বাহে কয় যে প্ৰথমে পণ্ডিত জৱাহৰলাল নেহৰুক ৰাজদণ্ড অৰ্পণ কৰা তামিলনাডুৰ মঠৰ পুৰোহিতসকলে প্ৰধানমন্ত্ৰী মোডীক ৰাজদণ্ড অৰ্পণ কৰিব।

গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। প্ৰায় ৬০ হাজাৰ শ্ৰমিক এই নিৰ্মাণৰ কামত জড়িত আছিল আৰু সকলোকে সন্মান জনোৱা হ’ব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস