--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ ৰক্তক্ষয়ী যুদ্ধ  খন হঠাতে সমাপ্ত হোৱাৰ কোনো ইংগিত পোৱা হোৱা নাই। ইয়াৰ বিপৰীতে প্ৰয়োজনত ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমানৱিক অস্তৰ ব্যবহাৰৰহে ভাবুকি দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। এনে সময়তে আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত মেক্সিকোৰ প্ৰতিনিধিয়ে এক তাৎপৰ্যপূণ মন্তব্য কৰে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে  ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব পাৰিব বুলি ৰাষ্ট্ৰসংঘৰ মজিয়াত মন্তব্য কৰে মেক্সিকোৰ প্ৰতিনিধিয়ে।মেক্সিকো যুদ্ধ বন্ধ কৰাৰ বাবে আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘক এখন সমিতি গঠন কৰাৰ প্ৰস্তাৱ দিছে। য'ত ভাৰতীয় প্ৰধানমন্ত্ৰী অন্তৰ্ভুক্ত থাকিব মন্ত্ৰী নৰেন্দ্ৰ মোদী, পোপ ফ্ৰান্সিছ আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে  এই আলোচনাত মধ্যস্থতা কৰিব বুলি মেক্সিকোৰ প্ৰতিনিধিয়ে কয়।

 আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত এই প্ৰস্তাৱটো দিয়ে মেক্সিকোৰ মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবনে । ইউক্ৰেইনৰ বিষয়ত  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিতৰ্কত অংশগ্ৰহণ কৰিছিল  মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবন ।প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনকঅলপতে সাক্ষাৎ কৰাৰ কেইদিনমান পিছতে এনে ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে। পুটিনক সাক্ষাতৰ সময়ত মোদীয়ে এইবুলি কৈছিল  "আজিৰ  যুগ যুদ্ধৰ যুগ নহয়"।

প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যক আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বই আদৰণি জনাইছে। মোদীৰ এনে মন্তব্যৰ বাবেই মোদীয়ে পুটিনক যুদ্ধ বন্ধ কৰিবলৈ সৈমান কৰিব পাৰিব বুলি মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবনে বিশ্বাস কৰে। কাউচবনে কয় "আন্তৰ্জাতিক সম্প্ৰদায়ে এতিয়া শান্তি স্থাপনৰ  বাবে সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা চলাব লাগিব ।  মই মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মানুৱেল লোপেজৰ প্ৰস্তাৱ আপোনালোকৰ ওচৰত উপস্থাপন কৰিছো"।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ