--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ ৰক্তক্ষয়ী যুদ্ধ  খন হঠাতে সমাপ্ত হোৱাৰ কোনো ইংগিত পোৱা হোৱা নাই। ইয়াৰ বিপৰীতে প্ৰয়োজনত ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমানৱিক অস্তৰ ব্যবহাৰৰহে ভাবুকি দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। এনে সময়তে আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত মেক্সিকোৰ প্ৰতিনিধিয়ে এক তাৎপৰ্যপূণ মন্তব্য কৰে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে  ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব পাৰিব বুলি ৰাষ্ট্ৰসংঘৰ মজিয়াত মন্তব্য কৰে মেক্সিকোৰ প্ৰতিনিধিয়ে।মেক্সিকো যুদ্ধ বন্ধ কৰাৰ বাবে আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘক এখন সমিতি গঠন কৰাৰ প্ৰস্তাৱ দিছে। য'ত ভাৰতীয় প্ৰধানমন্ত্ৰী অন্তৰ্ভুক্ত থাকিব মন্ত্ৰী নৰেন্দ্ৰ মোদী, পোপ ফ্ৰান্সিছ আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে  এই আলোচনাত মধ্যস্থতা কৰিব বুলি মেক্সিকোৰ প্ৰতিনিধিয়ে কয়।

 আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত এই প্ৰস্তাৱটো দিয়ে মেক্সিকোৰ মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবনে । ইউক্ৰেইনৰ বিষয়ত  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিতৰ্কত অংশগ্ৰহণ কৰিছিল  মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবন ।প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনকঅলপতে সাক্ষাৎ কৰাৰ কেইদিনমান পিছতে এনে ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে। পুটিনক সাক্ষাতৰ সময়ত মোদীয়ে এইবুলি কৈছিল  "আজিৰ  যুগ যুদ্ধৰ যুগ নহয়"।

প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যক আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বই আদৰণি জনাইছে। মোদীৰ এনে মন্তব্যৰ বাবেই মোদীয়ে পুটিনক যুদ্ধ বন্ধ কৰিবলৈ সৈমান কৰিব পাৰিব বুলি মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবনে বিশ্বাস কৰে। কাউচবনে কয় "আন্তৰ্জাতিক সম্প্ৰদায়ে এতিয়া শান্তি স্থাপনৰ  বাবে সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা চলাব লাগিব ।  মই মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মানুৱেল লোপেজৰ প্ৰস্তাৱ আপোনালোকৰ ওচৰত উপস্থাপন কৰিছো"।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ