--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঝাৰখণ্ডৰ ধনবাদৰ এখন বিবাহ আলোচনাৰ বিষয় হৈ পৰিছে। কইনাঘৰৰ পৰা দিয়া যৌতুক গ্ৰহণ নকৰি মাত্ৰ এটকা আৰু এটা নাৰিকল গ্ৰহণ কৰিলে দৰাই। দৰা আকাশে কয় যে তেওঁ আগৰে পৰা সিদ্ধান্ত লৈছিল যে তেওঁ বিয়াত যৌতুক নলয়।

কইনাৰ পিতৃয়ে দৰা আকাশক ১ লাখ ৫১ হাজাৰ টকাৰ চেক আৰু যৌতুকত কিছু বস্তু দিছিল। ইয়াক আকাশৰ দেউতাকে অতি শ্ৰদ্ধাৰে ঘূৰাই দিলে। আৰম্ভণিতে কইনাৰ পিতৃয়ে অনুভৱ কৰিছিল যে তেওঁৰ হয়তো কিবা ভুল হ’ল, যাৰবাবে চেক আৰু সামগ্ৰী ঘূৰাই দিলে দৰাপক্ষই। 

কিন্তু, আকাশে যেতিয়া শহুৰেকক মাত্ৰ এটকা আৰু এটা নাৰিকল লৈ বিয়াখন সম্পন্ন কৰাৰ কথা ক’লে, তেতিয়া সকলো আচৰিত হৈ পৰে। ঘটনাস্থলীত উপস্থিত থকা সকলো লোক আৱেগিক হৈ পৰিল। বিয়াত উপস্থিত হোৱা আত্মীয়, অতিথি সকলোৱে আকাশ আৰু তেওঁৰ পিতৃৰ এই পদক্ষেপৰ শলাগ লৈছে।

দৰা আকাশে কয় যে তেওঁ যৌতুকমুক্ত বিবাহ কৰি সমাজখনক এটা বাৰ্তা দিব বিচাৰিছে। এই সিদ্ধান্তত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সমৰ্থন কৰিছিল। সেইবাবেই ১ টকা আৰু ১ টা নাৰিকল গ্ৰহণ কৰি তেওঁ কইনা মুস্কানক জীৱনসংগী কৰি তুলিলে। আকাশৰ পিতৃ ৰাজু বাল্মিকিয়ে কয় যে তেওঁ পুত্ৰক লৈ গৌৰৱ অনুভৱ কৰিছে। যৌতুক হিচাপে ১ লাখ ৫১ হাজাৰ টকাৰ চেক লাভ কৰিছিল, যিখন তেওঁ অতি শ্ৰদ্ধাৰে ঘূৰাই দিছিল।

কইনা মুস্কানে কয় যে তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁ যৌতুক অবিহনে বিয়া হ’ব। এই কথা গম পাই তেওঁ বৰ সুখী হৈ পৰিল। এনেকুৱা এজন স্বামী আৰু শহুৰেক পাই কইনা মুস্কানে নিজকে বৰ ভাগ্যৱান বুলি গণ্য কৰিছে। ৰাঁচীৰ বাল্মীকি নগৰত যৌতুক নোহোৱাকৈ বিয়া হোৱা প্ৰথম ছোৱালী মুস্কান।

বিজেপিৰ বিধায়ক ৰাজ সিনহাও আকাশ আৰু মুস্কানৰ বিবাহ পাৰ্টিত অংশগ্ৰহণ কৰে। তেওঁ কয় যে আকাশৰ যৌতুকমুক্ত বিবাহৰ বিষয়ে সকলোতে চৰ্চা চলি আছে। আকাশ আৰু তেওঁৰ পিতৃ-মাতৃয়ে সমাজত এক আদৰ্শ স্থাপন কৰিছে। আমি সকলোৱে ইয়াৰ শলাগ লৈছো।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস