--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঝাৰখণ্ডৰ ধনবাদৰ এখন বিবাহ আলোচনাৰ বিষয় হৈ পৰিছে। কইনাঘৰৰ পৰা দিয়া যৌতুক গ্ৰহণ নকৰি মাত্ৰ এটকা আৰু এটা নাৰিকল গ্ৰহণ কৰিলে দৰাই। দৰা আকাশে কয় যে তেওঁ আগৰে পৰা সিদ্ধান্ত লৈছিল যে তেওঁ বিয়াত যৌতুক নলয়।

কইনাৰ পিতৃয়ে দৰা আকাশক ১ লাখ ৫১ হাজাৰ টকাৰ চেক আৰু যৌতুকত কিছু বস্তু দিছিল। ইয়াক আকাশৰ দেউতাকে অতি শ্ৰদ্ধাৰে ঘূৰাই দিলে। আৰম্ভণিতে কইনাৰ পিতৃয়ে অনুভৱ কৰিছিল যে তেওঁৰ হয়তো কিবা ভুল হ’ল, যাৰবাবে চেক আৰু সামগ্ৰী ঘূৰাই দিলে দৰাপক্ষই। 

কিন্তু, আকাশে যেতিয়া শহুৰেকক মাত্ৰ এটকা আৰু এটা নাৰিকল লৈ বিয়াখন সম্পন্ন কৰাৰ কথা ক’লে, তেতিয়া সকলো আচৰিত হৈ পৰে। ঘটনাস্থলীত উপস্থিত থকা সকলো লোক আৱেগিক হৈ পৰিল। বিয়াত উপস্থিত হোৱা আত্মীয়, অতিথি সকলোৱে আকাশ আৰু তেওঁৰ পিতৃৰ এই পদক্ষেপৰ শলাগ লৈছে।

দৰা আকাশে কয় যে তেওঁ যৌতুকমুক্ত বিবাহ কৰি সমাজখনক এটা বাৰ্তা দিব বিচাৰিছে। এই সিদ্ধান্তত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সমৰ্থন কৰিছিল। সেইবাবেই ১ টকা আৰু ১ টা নাৰিকল গ্ৰহণ কৰি তেওঁ কইনা মুস্কানক জীৱনসংগী কৰি তুলিলে। আকাশৰ পিতৃ ৰাজু বাল্মিকিয়ে কয় যে তেওঁ পুত্ৰক লৈ গৌৰৱ অনুভৱ কৰিছে। যৌতুক হিচাপে ১ লাখ ৫১ হাজাৰ টকাৰ চেক লাভ কৰিছিল, যিখন তেওঁ অতি শ্ৰদ্ধাৰে ঘূৰাই দিছিল।

কইনা মুস্কানে কয় যে তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁ যৌতুক অবিহনে বিয়া হ’ব। এই কথা গম পাই তেওঁ বৰ সুখী হৈ পৰিল। এনেকুৱা এজন স্বামী আৰু শহুৰেক পাই কইনা মুস্কানে নিজকে বৰ ভাগ্যৱান বুলি গণ্য কৰিছে। ৰাঁচীৰ বাল্মীকি নগৰত যৌতুক নোহোৱাকৈ বিয়া হোৱা প্ৰথম ছোৱালী মুস্কান।

বিজেপিৰ বিধায়ক ৰাজ সিনহাও আকাশ আৰু মুস্কানৰ বিবাহ পাৰ্টিত অংশগ্ৰহণ কৰে। তেওঁ কয় যে আকাশৰ যৌতুকমুক্ত বিবাহৰ বিষয়ে সকলোতে চৰ্চা চলি আছে। আকাশ আৰু তেওঁৰ পিতৃ-মাতৃয়ে সমাজত এক আদৰ্শ স্থাপন কৰিছে। আমি সকলোৱে ইয়াৰ শলাগ লৈছো।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা