--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাই ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ দেশবাসীক। শুকুৰবাৰে ওড়িশাৰ বালাছ’ৰত তিনিখন ৰে’লৰ দুৰ্ঘটনাত ২৩৮ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৯০০ লোক আহত হয়। ঘটনাস্থলীত এতিয়াও উদ্ধাৰৰ কাম চলি আছে। দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

শুকুৰবাৰে সন্ধিয়া কলকাতাৰ পৰা ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বালাসোৰ জিলাৰ বাহানাগা বজাৰ ষ্টেচনৰ সমীপত তিনিখন ৰে’লৰ সংঘৰ্ষ হয়।

ৰে’লৱেৰ বিষয়াসকলৰ মতে, বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ হাওৰা অভিমুখে গৈ থকা অৱস্থাত কেইবাটাও ডবা ৰেলপথৰ পৰা নামি কাষৰীয়া ট্ৰেকত বাগৰি পৰে।

চেন্নাই অভিমুখে গৈ থকা শালীমাৰ-চেন্নাই চেণ্ট্ৰেল ক’ৰমণ্ডল এক্সপ্ৰেছত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ ৰে’লপথৰ পৰা আঁতৰি যোৱা ডবাবোৰৰ মাজত সংঘৰ্ষ ঘটে।

ইয়াৰ পাছতে ৰে’লপথৰ পৰা ওলাই যোৱা ক’ৰমণ্ডল এক্সপ্ৰেছৰ ডবাবোৰে এখন মালবাহী ট্ৰেইনৰ ডবাত খুন্দা মাৰে।

এনে দুৰ্ঘটনাৰ কাৰণ মানৱীয় আৰু কাৰিকৰী দুয়োটা হ’ব পাৰে। ওড়িশা ৰেল দুৰ্ঘটনাৰ আঁৰৰ অন্যতম কাৰণ কাৰিকৰী দোষ বুলি প্ৰথমে ধাৰণা কৰা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি চিগনেল বিকল হোৱাৰ বাবে ৰে’লসমূহ ৰেলপথৰ পৰা ওলাই যায়। 

আচলতে ৰেল চালকে নিয়ন্ত্ৰণ কক্ষৰ পৰা অবিৰত নিৰ্দেশনা পায়, যাৰ ভিত্তিত তেওঁ ৰেল চলায়। ৰেলৱে কণ্ট্ৰল ৰুমত এখন ডাঙৰ পৰ্দা থাকে। পৰ্দাত সেউজীয়া আৰু ৰঙা ৰঙৰ জৰিয়তে দেখা যায় কোনখন ৰেল ট্ৰেকত আছে আৰু কোনখন নাই।

যদি ৰেলখন ট্ৰেকত চলি আছে তেন্তে ৰঙা লাইট ওলাব আৰু যদি ট্ৰেক খালী হয় তেন্তে সেউজীয়া লাইট ওলাব। এই পৰ্দাই ৰেল ড্ৰাইভৰ নিৰ্দেশনা প্ৰদান কৰে। ওড়িশা দুৰ্ঘটনাটোত অনুমান কৰা হৈছে যে ৰে’লখনে পৰ্দাত সঠিক সংকেত দেখুৱাব পৰা নাছিল, যাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।

এই শোকাৱহ দুৰ্ঘটনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি ৰাজ্যিক শোক দিৱস ঘোষণা কৰিছে ওড়িশা চৰকাৰে। ইফালে দুৰ্ঘটনাৰ পাছতে কৰ্তৃপক্ষই প্ৰায় ১২টা হেল্পলাইন নম্বৰ জাৰি কৰিছে। ওড়িশা চৰকাৰে এই ঘটনাত আহত সকলক উদ্ধাৰৰ বাবে হেল্পলাইন নম্বৰ ০৬৭৮২-২৬২২৮৬ জাৰি কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস