--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাই ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ দেশবাসীক। শুকুৰবাৰে ওড়িশাৰ বালাছ’ৰত তিনিখন ৰে’লৰ দুৰ্ঘটনাত ২৩৮ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৯০০ লোক আহত হয়। ঘটনাস্থলীত এতিয়াও উদ্ধাৰৰ কাম চলি আছে। দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

শুকুৰবাৰে সন্ধিয়া কলকাতাৰ পৰা ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বালাসোৰ জিলাৰ বাহানাগা বজাৰ ষ্টেচনৰ সমীপত তিনিখন ৰে’লৰ সংঘৰ্ষ হয়।

ৰে’লৱেৰ বিষয়াসকলৰ মতে, বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ হাওৰা অভিমুখে গৈ থকা অৱস্থাত কেইবাটাও ডবা ৰেলপথৰ পৰা নামি কাষৰীয়া ট্ৰেকত বাগৰি পৰে।

চেন্নাই অভিমুখে গৈ থকা শালীমাৰ-চেন্নাই চেণ্ট্ৰেল ক’ৰমণ্ডল এক্সপ্ৰেছত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ ৰে’লপথৰ পৰা আঁতৰি যোৱা ডবাবোৰৰ মাজত সংঘৰ্ষ ঘটে।

ইয়াৰ পাছতে ৰে’লপথৰ পৰা ওলাই যোৱা ক’ৰমণ্ডল এক্সপ্ৰেছৰ ডবাবোৰে এখন মালবাহী ট্ৰেইনৰ ডবাত খুন্দা মাৰে।

এনে দুৰ্ঘটনাৰ কাৰণ মানৱীয় আৰু কাৰিকৰী দুয়োটা হ’ব পাৰে। ওড়িশা ৰেল দুৰ্ঘটনাৰ আঁৰৰ অন্যতম কাৰণ কাৰিকৰী দোষ বুলি প্ৰথমে ধাৰণা কৰা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি চিগনেল বিকল হোৱাৰ বাবে ৰে’লসমূহ ৰেলপথৰ পৰা ওলাই যায়। 

আচলতে ৰেল চালকে নিয়ন্ত্ৰণ কক্ষৰ পৰা অবিৰত নিৰ্দেশনা পায়, যাৰ ভিত্তিত তেওঁ ৰেল চলায়। ৰেলৱে কণ্ট্ৰল ৰুমত এখন ডাঙৰ পৰ্দা থাকে। পৰ্দাত সেউজীয়া আৰু ৰঙা ৰঙৰ জৰিয়তে দেখা যায় কোনখন ৰেল ট্ৰেকত আছে আৰু কোনখন নাই।

যদি ৰেলখন ট্ৰেকত চলি আছে তেন্তে ৰঙা লাইট ওলাব আৰু যদি ট্ৰেক খালী হয় তেন্তে সেউজীয়া লাইট ওলাব। এই পৰ্দাই ৰেল ড্ৰাইভৰ নিৰ্দেশনা প্ৰদান কৰে। ওড়িশা দুৰ্ঘটনাটোত অনুমান কৰা হৈছে যে ৰে’লখনে পৰ্দাত সঠিক সংকেত দেখুৱাব পৰা নাছিল, যাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।

এই শোকাৱহ দুৰ্ঘটনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি ৰাজ্যিক শোক দিৱস ঘোষণা কৰিছে ওড়িশা চৰকাৰে। ইফালে দুৰ্ঘটনাৰ পাছতে কৰ্তৃপক্ষই প্ৰায় ১২টা হেল্পলাইন নম্বৰ জাৰি কৰিছে। ওড়িশা চৰকাৰে এই ঘটনাত আহত সকলক উদ্ধাৰৰ বাবে হেল্পলাইন নম্বৰ ০৬৭৮২-২৬২২৮৬ জাৰি কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা