--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকাহ লাভ কৰিলে একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰে! এক্সএক্সএক্স (XXX) নামৰ এখন ৱেব চিৰিজক কেন্দ্ৰ কৰি শেহতীয়াকৈ বিতৰ্কত সাঙোৰ খাই পৰিছিল দুয়ো।

ৱেব চিৰিজখনত প্ৰদৰ্শন কৰা কিছু আপত্তিজনক দৃশ্যৰ বাবে দুয়োৰে ওপৰত গ্ৰেপ্তাৰী পৰোৱানা লগোৱা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০০ আৰু ৫০৪ ধাৰাৰ অধীনত অভিযোগ দিছিল শম্ভু কুমাৰ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াই।

অভিযোগ অনুসৰি, ৱেব চিৰিজখনে দেশৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ভাৱাবেগত আঘাট হানিছে। ৱেব চিৰিজখনত সৈনিকসকলক কিছু আপত্তিজনক দৃশ্যত প্ৰদৰ্শন কৰা হৈছিল বুলি অভিযোগ কৰা হৈছিল। তাৰপাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একতা।

অৱশেষত পাটনা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগসমূহ উঠাই লয়।  বিহাৰৰ পাটনাস্থিত বেগুচৰাই আদালতত এই সম্পৰ্কত হোৱা  ৰায়প্ৰদানকালত আদালতে তেওঁলোকৰ সপক্ষে ৰায় প্ৰদান কৰে। আদালতত দুয়োগৰাকী চিত্ৰনিৰ্মাতা উপস্থিত থাকে।

পাটনা উচ্চ ন্যায়ালয়ে নিশ্চিতি প্ৰদান কৰে যে একতা আৰু শোভাই কোনো আইনী জটিলতাৰ মাজত সোমাই পৰিব লগা নহ’ব। তাৰ পৰিৱৰ্তে গোচৰীয়াপক্ষকহে এখনি জাননি জাৰি কৰা হয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়েও একতা কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছিল। এখন বিচাৰপীঠে কৈছিল যে একতা কাপুৰৰ ৱেব চিৰিজসমূহে দেশৰ যুৱ প্ৰজন্মৰ মাজত বিকৃত মানসিকতা সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু