--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকাহ লাভ কৰিলে একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰে! এক্সএক্সএক্স (XXX) নামৰ এখন ৱেব চিৰিজক কেন্দ্ৰ কৰি শেহতীয়াকৈ বিতৰ্কত সাঙোৰ খাই পৰিছিল দুয়ো।

ৱেব চিৰিজখনত প্ৰদৰ্শন কৰা কিছু আপত্তিজনক দৃশ্যৰ বাবে দুয়োৰে ওপৰত গ্ৰেপ্তাৰী পৰোৱানা লগোৱা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০০ আৰু ৫০৪ ধাৰাৰ অধীনত অভিযোগ দিছিল শম্ভু কুমাৰ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াই।

অভিযোগ অনুসৰি, ৱেব চিৰিজখনে দেশৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ভাৱাবেগত আঘাট হানিছে। ৱেব চিৰিজখনত সৈনিকসকলক কিছু আপত্তিজনক দৃশ্যত প্ৰদৰ্শন কৰা হৈছিল বুলি অভিযোগ কৰা হৈছিল। তাৰপাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একতা।

অৱশেষত পাটনা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগসমূহ উঠাই লয়।  বিহাৰৰ পাটনাস্থিত বেগুচৰাই আদালতত এই সম্পৰ্কত হোৱা  ৰায়প্ৰদানকালত আদালতে তেওঁলোকৰ সপক্ষে ৰায় প্ৰদান কৰে। আদালতত দুয়োগৰাকী চিত্ৰনিৰ্মাতা উপস্থিত থাকে।

পাটনা উচ্চ ন্যায়ালয়ে নিশ্চিতি প্ৰদান কৰে যে একতা আৰু শোভাই কোনো আইনী জটিলতাৰ মাজত সোমাই পৰিব লগা নহ’ব। তাৰ পৰিৱৰ্তে গোচৰীয়াপক্ষকহে এখনি জাননি জাৰি কৰা হয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়েও একতা কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছিল। এখন বিচাৰপীঠে কৈছিল যে একতা কাপুৰৰ ৱেব চিৰিজসমূহে দেশৰ যুৱ প্ৰজন্মৰ মাজত বিকৃত মানসিকতা সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক