--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ সুন্দৰী অভিনেত্ৰী সোণাক্ষী সিনহা ষ্টাইলৰ বাবে বিশেষভাৱে পৰিচিত। সোণাক্ষীৰ বহুত ফেন ফ’ল’ৱাৰ্ছ আছে। অভিনেত্ৰীগৰাকীৰ প্ৰতিটো পোষ্টৰ বাবে অপেক্ষা কৰি থাকে অনুৰাগীসকলে। এনে অৱস্থাত সোণাক্ষীয়েও নিজৰ অনুৰাগীক নিৰাশ নকৰে। সোণাক্ষীয়ে বৰ্তমান তেওঁৰ কেইখনমান ছবি শ্বেয়াৰ কৰিছে, যিবোৰ দেখি মানুহ আচৰিত হৈ পৰিছে। 



ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সোণাক্ষী সিনহাৰ নতুন ছবি। ইয়াৰ এটা বিশেষ কাৰণ হ’ল অভিনেত্ৰীগৰাকীৰ পৰিৱৰ্তিত ৰূপ। হয়, নতুন ছবিবোৰত সোণাক্ষীৰ চুলিৰ ৰং ৰূুপালী দেখা গৈছে। সোণাক্ষীৰ এই চেঞ্জড লুক ইন ব্লণ্ড হেয়াৰ লুকক লৈ বহু চৰ্চা হৈছে। চুলিৰ ৰঙৰ সৈতে মিল থকা গধুৰ এম্ব্ৰয়ডাৰী পোছাক পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। ছবিবোৰত সোণাক্ষীৰ পোছাক আৰু চুলিৰ ৰং হুবহু মিল আছে। স্মোকি আই মেকআপ আৰু নিউড লিপষ্টিকেৰে নিজৰ লুকটো সুন্দৰকৈ তুলি ধৰিছে সোণাক্ষীয়ে।

 

অনুৰাগীৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে সোণাক্ষী সিনহাৰ এই নতুন লুকক পচন্দ কৰিছে আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া দি আছে। কিন্তু সোণাক্ষীৰ ফটো সন্দৰ্ভত হুমা কুৰেশ্বীয়ে কৰা মন্তব্য সৰ্বাধিক চৰ্চিত হৈছে। হুমাই কমেন্টত Scary বুলি লিখিছে। কিন্তু দ্বিতীয়টো মন্তব্যত সোণাক্ষীৰ প্ৰতি তেওঁ মৰমো প্ৰকাশ কৰিছে। সোণাক্ষীক বলীউডৰ শীৰ্ষ অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হয়। ছলমান খানৰ বিপৰীতে দাবাং ছবিখনেৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। তেতিয়াৰ পৰা সোণাক্ষীৰ জিলিকনি অক্ষত অৱস্থাত আছে। বহুতে এই নতুন ফটোত সোণাক্ষীক জলপৰী বুলি অভিহিত কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু