--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ সুন্দৰী অভিনেত্ৰী সোণাক্ষী সিনহা ষ্টাইলৰ বাবে বিশেষভাৱে পৰিচিত। সোণাক্ষীৰ বহুত ফেন ফ’ল’ৱাৰ্ছ আছে। অভিনেত্ৰীগৰাকীৰ প্ৰতিটো পোষ্টৰ বাবে অপেক্ষা কৰি থাকে অনুৰাগীসকলে। এনে অৱস্থাত সোণাক্ষীয়েও নিজৰ অনুৰাগীক নিৰাশ নকৰে। সোণাক্ষীয়ে বৰ্তমান তেওঁৰ কেইখনমান ছবি শ্বেয়াৰ কৰিছে, যিবোৰ দেখি মানুহ আচৰিত হৈ পৰিছে। 



ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সোণাক্ষী সিনহাৰ নতুন ছবি। ইয়াৰ এটা বিশেষ কাৰণ হ’ল অভিনেত্ৰীগৰাকীৰ পৰিৱৰ্তিত ৰূপ। হয়, নতুন ছবিবোৰত সোণাক্ষীৰ চুলিৰ ৰং ৰূুপালী দেখা গৈছে। সোণাক্ষীৰ এই চেঞ্জড লুক ইন ব্লণ্ড হেয়াৰ লুকক লৈ বহু চৰ্চা হৈছে। চুলিৰ ৰঙৰ সৈতে মিল থকা গধুৰ এম্ব্ৰয়ডাৰী পোছাক পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। ছবিবোৰত সোণাক্ষীৰ পোছাক আৰু চুলিৰ ৰং হুবহু মিল আছে। স্মোকি আই মেকআপ আৰু নিউড লিপষ্টিকেৰে নিজৰ লুকটো সুন্দৰকৈ তুলি ধৰিছে সোণাক্ষীয়ে।

 

অনুৰাগীৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে সোণাক্ষী সিনহাৰ এই নতুন লুকক পচন্দ কৰিছে আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া দি আছে। কিন্তু সোণাক্ষীৰ ফটো সন্দৰ্ভত হুমা কুৰেশ্বীয়ে কৰা মন্তব্য সৰ্বাধিক চৰ্চিত হৈছে। হুমাই কমেন্টত Scary বুলি লিখিছে। কিন্তু দ্বিতীয়টো মন্তব্যত সোণাক্ষীৰ প্ৰতি তেওঁ মৰমো প্ৰকাশ কৰিছে। সোণাক্ষীক বলীউডৰ শীৰ্ষ অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হয়। ছলমান খানৰ বিপৰীতে দাবাং ছবিখনেৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। তেতিয়াৰ পৰা সোণাক্ষীৰ জিলিকনি অক্ষত অৱস্থাত আছে। বহুতে এই নতুন ফটোত সোণাক্ষীক জলপৰী বুলি অভিহিত কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ