--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ অন্যতম আগশাৰীৰ অভিনেতা অক্ষয় কুমাৰ। অভিনেতাজনে নিজৰ প্ৰায় প্ৰতিখন ছবিৰ জৰিয়তে এটা সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰে। ‘পেডমেন, ‘টয়লেট: এ লাভ ষ্টৰী, ‘এয়াৰলিফ্ট-এনে বহু ছবি আছে। প্ৰতিখন ছবিতে নায়কজনে দৰ্শকলৈ কিছু বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে।

 তাৰ পৰাই বহুতো প্ৰশ্নৰ সৃষ্টি হৈছে। কিন্তু ৰাজনীতিত যোগদান কৰিবলৈ ইচ্ছ্যুক নেকি নায়কজন? ৰাজনীতিত অভিনেতা জড়িত হোৱাটো এইখন দেশত নতুন কথা নহয়। শত্ৰুঘ্নৰ পৰা কমল হাছান, হেমা মালিনী, জয়া বচ্চন আদি কেইবগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে ইতিমধ্যে ৰাজনীতিত যোগদান কৰিছে। সেই তালিকাত এইবাৰ অক্ষয় কুমাৰৰ নামো যোগ হব নেকি? বাৰে বাৰে এনে প্ৰশ্ন উত্থাপন হৈছে। মুম্বাইত এখন কিতাপ উদ্বোধনীৰ মুকলি অনুষ্ঠানলৈ আহি এই প্ৰশ্নৰ সন্মুখীন হবলগীয়া হৈছিল অভিনেতাগৰাকী।

 অৱশ্যে অভিনেতা অক্ষয় কুমাৰে কয় যে ‘মই মোৰ চলচ্চিত্ৰ জগতখনত বহুত সুখী। অভিনয়ত মই সুখী। মোৰ ছবিৰ জৰিয়তে দৰ্শকক কিছু সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰোঁ। এনে এখন চিনেমা মই প্ৰযোজনা কৰিব বিচাৰো। এতিয়ালৈকে ১৫০খনৰো অধিক ছবি আগবঢ়াইছো।’ ‘ৰক্ষাবন্ধনৰ উপৰি ছবিৰ এখন দীঘলীয়া তালিকা আছে তেওঁৰ হাতত। ইতিমধ্যে চাৰিখন ছবি ঘোষণা কৰা হৈছে। ‘চেলফি, ‘বড়ে মিয়া ছোটে মিয়া, ‘মিছন চিণ্ডেৰেলা, ‘হেৰা ফেৰী-৩ আৰু কিছুদিনৰ পাছত মুক্তি পাবলৈ গৈ আছে ‘ৰক্ষাবন্ধন



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ