--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ অন্যতম আগশাৰীৰ অভিনেতা অক্ষয় কুমাৰ। অভিনেতাজনে নিজৰ প্ৰায় প্ৰতিখন ছবিৰ জৰিয়তে এটা সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰে। ‘পেডমেন, ‘টয়লেট: এ লাভ ষ্টৰী, ‘এয়াৰলিফ্ট-এনে বহু ছবি আছে। প্ৰতিখন ছবিতে নায়কজনে দৰ্শকলৈ কিছু বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে।

 তাৰ পৰাই বহুতো প্ৰশ্নৰ সৃষ্টি হৈছে। কিন্তু ৰাজনীতিত যোগদান কৰিবলৈ ইচ্ছ্যুক নেকি নায়কজন? ৰাজনীতিত অভিনেতা জড়িত হোৱাটো এইখন দেশত নতুন কথা নহয়। শত্ৰুঘ্নৰ পৰা কমল হাছান, হেমা মালিনী, জয়া বচ্চন আদি কেইবগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে ইতিমধ্যে ৰাজনীতিত যোগদান কৰিছে। সেই তালিকাত এইবাৰ অক্ষয় কুমাৰৰ নামো যোগ হব নেকি? বাৰে বাৰে এনে প্ৰশ্ন উত্থাপন হৈছে। মুম্বাইত এখন কিতাপ উদ্বোধনীৰ মুকলি অনুষ্ঠানলৈ আহি এই প্ৰশ্নৰ সন্মুখীন হবলগীয়া হৈছিল অভিনেতাগৰাকী।

 অৱশ্যে অভিনেতা অক্ষয় কুমাৰে কয় যে ‘মই মোৰ চলচ্চিত্ৰ জগতখনত বহুত সুখী। অভিনয়ত মই সুখী। মোৰ ছবিৰ জৰিয়তে দৰ্শকক কিছু সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰোঁ। এনে এখন চিনেমা মই প্ৰযোজনা কৰিব বিচাৰো। এতিয়ালৈকে ১৫০খনৰো অধিক ছবি আগবঢ়াইছো।’ ‘ৰক্ষাবন্ধনৰ উপৰি ছবিৰ এখন দীঘলীয়া তালিকা আছে তেওঁৰ হাতত। ইতিমধ্যে চাৰিখন ছবি ঘোষণা কৰা হৈছে। ‘চেলফি, ‘বড়ে মিয়া ছোটে মিয়া, ‘মিছন চিণ্ডেৰেলা, ‘হেৰা ফেৰী-৩ আৰু কিছুদিনৰ পাছত মুক্তি পাবলৈ গৈ আছে ‘ৰক্ষাবন্ধন



FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?