--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ অত্যাচাৰত অসহায় হৈ পৰিছে এজন স্বামী। পত্নীৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি স্বামী আৰক্ষীৰ কাষ চাপিছে। ২০২৩ চনৰ ১৭ নৱেম্বৰত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। সময়ৰ লেখেৰে তেওঁলোকৰ সংসাৰখনে মাথোঁ ৬ মাহতহে ভৰি দিছে। এই কম দিনতে পত্নীয়ে সৰিয়হ ফুল দেখুৱাইছে স্বামীক।  

উত্তৰ প্ৰদেশৰ বিজনৌৰৰ পৰা আহিছে এক ভয়ংকৰ খবৰ। পত্নীৰ জঘন্য আচৰণে স্বামীক অতীষ্ঠ কৰি তুলিছে। বৰ্তমানে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পত্নীগৰাকীক। স্বামীৰ নাম মন্নান জাইদি আৰু পত্নীৰ নাম মেহেৰজাহান।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, দুয়ো প্ৰেম বিবাহ কৰিছিল। বিয়াৰ পাছতে পত্নীয়ে বিচৰামতে পৰিয়ালৰ পৰাও আঁতৰি গৈ বেলেগকৈ ঘৰ ভাড়া কৰি থাকে দুয়ো স্বামী-স্ত্ৰী। 

কিন্তু তথাপি সুখী নাছিল মেহেৰজাহান, মন্নানৰ সৈতে নিতৌ কৰিছিল কাজিয়া। অৱশেষত ২৯ এপ্ৰিলৰ নিশা তেওঁ স্বামীৰ ওপৰত চলালে ভাবিব নোৱাৰা অত্যাচাৰ। গাখীৰৰ সৈতে কোনো নিচাৰ সামগ্ৰী মিহলাই খুৱাই দিয়ে স্বামীক। তাৰ পাছত হাত-ভৰি বান্ধি লৈ আৰম্ভ কৰে অত্যাচাৰ।

পত্নীয়ে প্ৰথমে স্বামীৰ ডিঙিত চেপা মাৰি ধৰে, চুৰিৰে ৰেপি দিয়ে। তাৰ পাছত স্বামীৰ গুপ্তাংগতো চুৰিৰে ৰেপি দিয়ে কেইবা ঠাইতো। লগতে নিজে চিগাৰেট খোৱাৰ উপৰি সেই চিগাৰেটেৰে স্বামীৰ গুপ্তাংগতো কেইবাঠাইত জ্বলাই দিয়ে।
UP Shocker: Woman Ties Husband, Burns His Private Parts With Cigarette and  Tries to Cut Genitals in Bijnor, Horrifying Pics and Videos Surface | ????  LatestLY
পত্নীৰ অত্যাচাৰত চিঞৰি চিঞৰি কান্দে স্বামীয়ে। তথাপিও হৃদয় নগলিল পাষাণ হৃদয়ৰ পত্নীৰ। চলাই গ’ল ইটোৰ পাছত সিটো অত্যাচাৰ।

পাশৱিকতাৰ সীমা চেৰাই যোৱা অত্যাচাৰ কৰি শেষত পত্নীয়ে সুৰাৰ নিচাত শুই যায় স্বামীৰ কাষতে। পত্নী শুই যোৱাৰ পাছত বহু কষ্টৰে নিজক কোনোমতে মোকলাই সেই স্থানৰ পৰা পলায়ন কৰি আৰক্ষীৰ ওচৰলৈ ঢপলিয়াই যায় মন্নান জাইদি।

পত্নীয়ে হাত-ভৰি বান্ধি কৰা এইটোৱেই প্ৰথম নৃশংস কাৰ্য নহয়।  ইয়াৰ আগতেও মদ্যপান কৰি স্বামী মন্নানক বহুবাৰ হাৰাশাস্তি কৰিছিল মেহেৰজাহানে।

আৰক্ষীয়ে প্ৰমাণৰ বাবে তদন্ত চলাওতে কোঠাৰ ভিতৰৰ চিচি টিভি ফুটেজ উদ্ধাৰ কৰে। সেই ভিডিঅ’তে পত্নীৰ সকলো অত্যাচাৰ পোহৰলৈ আহে, যি দেখি আৰক্ষীয়ো আচৰিত হৈ পৰিছে। বৰ্তমানে স্বামী হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে অত্যাচাৰী পত্নী আৰক্ষীৰ জালত।

জানিব পৰা অনুসৰি মন্নানে বিয়াৰ পিছত গম পালে যে পত্নীয়ে মদ, চিগাৰেট আদি সেৱন কৰে। যেতিয়া তেওঁ প্ৰতিবাদ কৰিছিল তেতিয়া তেওঁ কাজিয়া আৰম্ভ কৰিছিল, শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰিছিল আৰু হত্যাৰ চেষ্টা কৰিছিল।

সুৰা, চিগাৰেট, গুটখা আদিৰ দৰে মাদক দ্ৰব্য আনি নিদিলেই স্বামী মন্নান জাইদিৰ ওপৰত অত্যাচাৰ চলায় পত্নী মেহেৰজাহানে। স্বামীৰ অভিযোগ যে বিয়াৰ পিছৰে পৰা পত্নীয়ে তেওঁক অবিৰতভাৱে শোষণ কৰি আহিছে।

এই কথা বাহিৰত ফাদিল কৰিলে ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিয়ে পত্নী মেহেৰজাহানে। 

অৱশেষত মন্নানে ঘৰৰ ভিতৰত গোপনে চিচি কেমেৰা স্থাপন কৰে। ইয়াৰ বাবেই ২৯ এপ্ৰিলত পত্নীয়ে সংঘটিত কৰা অত্যাচাৰ চিচি কেমেৰাত বন্দী হয়।

কেমেৰাৰ ৰেকৰ্ডিঙত পত্নীয়ে স্বামীক জোৰকৈ মাদক দ্ৰব্য খুৱাই দিয়া, হাত-ভৰি বান্ধি ৰখা, গোপন অংগ ৰেপি দিয়া, চিগাৰেটেৰে গোপন অংগ জ্বলাই দিয়া, ডিঙি চেপি ধৰা আদি দৃশ্য স্পষ্টকৈ দেখা যায়। যদি এই ঘটনাৰ কোনো ভিডিঅ’ ৰেকৰ্ডিং নহ’লহেঁতেন তেন্তে হয়তো কোনেও এই কাণ্ডটো বিশ্বাস নকৰিলেহেঁতেন।
शौहर के साथ ऐसी हैवानियत: नशे की गोलियां खिलाकर की बर्बरता...गुप्तांग पर  चलाया चाकू, फिर सिगरेट से दागती रही; वजह जान पुलिस भी सन्न - Private Part  Cut ... ঘটনাৰ চিচিটিভি ফুটেজ দেখাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement