--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰিকেট অতি বিখ্যাত। এই দেশত এই খেলৰ প্ৰতি এক সুকীয়া আকৰ্ষণ আছে। এই খেলখনেই হৈ পৰে বহু মানুহৰ সুখৰ কাৰণ। ৰাজপথতো ক্ৰিকেট খেলি থকা শিশুক দেখা যায়। প্ৰতিটো শ্বট আৰু উইকেটতে তেওঁলোকে আনন্দ বিচাৰি পায় কিন্তু পুনেত ক্ৰিকেটৰ বাবেই এটা পৰিয়ালে নিজৰ সন্তানক হেৰুৱালে।

পুনেৰ লোহেগাঁৱত ক্ৰিকেট খেলি থকা অৱস্থাত মৃত্যু হয় ১১ বছৰীয়া শৌৰ্য্যৰ। এই বেদনাদায়ক দুৰ্ঘটনাটো তাত স্থাপন কৰা চিচিটিভি কেমেৰাতো বন্দী হৈছিল। শৌৰ্য্যই গ্ৰীষ্ম বন্ধৰ দিনত ভায়েক আৰু বন্ধুৰ সৈতে ক্ৰিকেট খেলি আছিল। বৃহস্পতিবাৰে সন্ধিয়া এই আটাইকেইজন শিশুৱে লোহেগাঁৱত অৱস্থিত জগতগুৰু ক্ৰীড়া একাডেমীত খেলি আছিল। শৌৰ্য্যই বলিং কৰি আছিল। সন্মুখত থিয় হৈ থকা বেটছমেনজনে তেওঁৰ কিছুমান বলত শ্বট মাৰিলে। তেনে এটা বল পোনে পোনে শৌৰ্য্যৰ ওচৰলৈ আহিল। বলটোৱে পোনে পোনে শৌৰ্য্যৰ গুপ্তাংগত খুন্দা মাৰে। ১১ বছৰীয়া শৌৰ্য্য বলটোৰ খুন্দাত বাগৰি পৰে। বিষত তেওঁ থাকিব নোৱাৰা হ’ল। লগেলগে তেওঁৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে।

শৌৰ্য্যই লৰচৰ কৰিবলৈ ধৰিলে আৰু আকৌ অচেতন হৈ মাটিত পৰিল। লগৰবোৰ শৌৰ্য্যৰ ওচৰলৈ আহিল। আনকি তেওঁলোকৰো কোনো ধাৰণা নাছিল যে শৌৰ্য্যৰ কি হৈছে। প্ৰথমতে তেওঁলোকে সামান্য আঘাত বুলি ভাবিছিল, কিন্তু তাৰ পিছত যেতিয়া শৌৰ্য্যই চকু মেলা নাছিল তেতিয়া সকলোৱে ভয় খালে। তেওঁৰ পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰা হয়। পৰিয়ালৰ লোকে শৌৰ্য্যক চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসকে শৌৰ্য্যক মৃত ঘোষণা কৰে।


অৱশ্যে এই গোচৰত বিমন্তল থানাত আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। শৌৰ্য্যৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাছন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ