--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰিকেট অতি বিখ্যাত। এই দেশত এই খেলৰ প্ৰতি এক সুকীয়া আকৰ্ষণ আছে। এই খেলখনেই হৈ পৰে বহু মানুহৰ সুখৰ কাৰণ। ৰাজপথতো ক্ৰিকেট খেলি থকা শিশুক দেখা যায়। প্ৰতিটো শ্বট আৰু উইকেটতে তেওঁলোকে আনন্দ বিচাৰি পায় কিন্তু পুনেত ক্ৰিকেটৰ বাবেই এটা পৰিয়ালে নিজৰ সন্তানক হেৰুৱালে।

পুনেৰ লোহেগাঁৱত ক্ৰিকেট খেলি থকা অৱস্থাত মৃত্যু হয় ১১ বছৰীয়া শৌৰ্য্যৰ। এই বেদনাদায়ক দুৰ্ঘটনাটো তাত স্থাপন কৰা চিচিটিভি কেমেৰাতো বন্দী হৈছিল। শৌৰ্য্যই গ্ৰীষ্ম বন্ধৰ দিনত ভায়েক আৰু বন্ধুৰ সৈতে ক্ৰিকেট খেলি আছিল। বৃহস্পতিবাৰে সন্ধিয়া এই আটাইকেইজন শিশুৱে লোহেগাঁৱত অৱস্থিত জগতগুৰু ক্ৰীড়া একাডেমীত খেলি আছিল। শৌৰ্য্যই বলিং কৰি আছিল। সন্মুখত থিয় হৈ থকা বেটছমেনজনে তেওঁৰ কিছুমান বলত শ্বট মাৰিলে। তেনে এটা বল পোনে পোনে শৌৰ্য্যৰ ওচৰলৈ আহিল। বলটোৱে পোনে পোনে শৌৰ্য্যৰ গুপ্তাংগত খুন্দা মাৰে। ১১ বছৰীয়া শৌৰ্য্য বলটোৰ খুন্দাত বাগৰি পৰে। বিষত তেওঁ থাকিব নোৱাৰা হ’ল। লগেলগে তেওঁৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে।

শৌৰ্য্যই লৰচৰ কৰিবলৈ ধৰিলে আৰু আকৌ অচেতন হৈ মাটিত পৰিল। লগৰবোৰ শৌৰ্য্যৰ ওচৰলৈ আহিল। আনকি তেওঁলোকৰো কোনো ধাৰণা নাছিল যে শৌৰ্য্যৰ কি হৈছে। প্ৰথমতে তেওঁলোকে সামান্য আঘাত বুলি ভাবিছিল, কিন্তু তাৰ পিছত যেতিয়া শৌৰ্য্যই চকু মেলা নাছিল তেতিয়া সকলোৱে ভয় খালে। তেওঁৰ পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰা হয়। পৰিয়ালৰ লোকে শৌৰ্য্যক চিকিৎসালয়লৈ লৈ যায় যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসকে শৌৰ্য্যক মৃত ঘোষণা কৰে।


অৱশ্যে এই গোচৰত বিমন্তল থানাত আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। শৌৰ্য্যৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাছন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু