--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিমানে সময় বাগৰিছে, সিমানেই জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ৷ বানবিধ্বস্ত অসমত বিসম্বাদীৰ সেৰেকা ৰণকৌশলৰ বিপৰীতে মুম্বাইত অধিক সক্ৰিয় হৈ পৰিছে শিৱসেনা৷ উদ্ধৱ থাকৰেয়ে শেষ মুহূৰ্তলৈ যুঁজ দিব বুলি সঞ্জয় ৰাউটে মন্তব্য কৰাৰ পাছত এইবাৰ প্ৰেক্ষাপট উদ্ধৱ-তনয় আদিত্য থাকৰে৷ 

ক্ষন্তেক সময় পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত আদিত্য ঠাকৰেয়ে মন্তব্য কৰি কৈছে যে মহাৰাষ্ট্ৰৰ সংকট সত্য আৰু মিছাৰ মাজৰ যুঁজ। মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন ‘মহা বিকাশ আঘাদী’য়ে একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছত ৰাজনৈতিক অস্থিৰতাৰ মাজত সোমাই পৰিছে। দলীয় কৰ্মীসকলক এক চমু ভাষণত শিৱসেনা মন্ত্ৰী আদিত্য থাকৰেয়ে কয় যে এয়া সত্য আৰু মিথ্যাৰ মাজৰ যুঁজ৷ 

মুম্বাইত অনুষ্ঠিত শিৱসেনাৰ কাৰ্যনিৰ্বাহকৰ সমাপ্তিৰ পাছত মুম্বাইস্থিত দলীয় কাৰ্যালয় এৰি যাওঁতে আদিত্য ঠাকৰেয়ে সংবাদ মাধ্যমক কয়, বৈঠকত কি আলোচনা কৰা হৈছিল আপোনালোক ইতিমধ্যে জানে, গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আমি বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলে কৰা বিশ্বাসঘাতকতাক পাহৰিব নোৱাৰিম। আমি (শিৱসেনা) নিশ্চিতভাৱে জিকিম৷

উদ্ধৱ ঠাকৰে মন্ত্ৰীসভাৰ মন্ত্ৰী আৰু থানে জিলাৰ এগৰাকী হেভিৱেইট নেতা সিন্দেয়ে দলটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি এমভিএ চৰকাৰক সংকটৰ মাজলৈ ঠেলি দিছে৷ সিন্দে প্ৰায় ৪০গৰাকী বিধায়কৰ সমৰ্থন দাবী কৰিছে, যিসকল সম্প্ৰতি গুৱাহাটীত বাহৰ পাতি আছে। শিৱসেনাই আজি সন্ধিয়াৰ ভিতৰত বিদ্ৰোহী বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি