--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিমানে সময় বাগৰিছে, সিমানেই জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ৷ বানবিধ্বস্ত অসমত বিসম্বাদীৰ সেৰেকা ৰণকৌশলৰ বিপৰীতে মুম্বাইত অধিক সক্ৰিয় হৈ পৰিছে শিৱসেনা৷ উদ্ধৱ থাকৰেয়ে শেষ মুহূৰ্তলৈ যুঁজ দিব বুলি সঞ্জয় ৰাউটে মন্তব্য কৰাৰ পাছত এইবাৰ প্ৰেক্ষাপট উদ্ধৱ-তনয় আদিত্য থাকৰে৷ 

ক্ষন্তেক সময় পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত আদিত্য ঠাকৰেয়ে মন্তব্য কৰি কৈছে যে মহাৰাষ্ট্ৰৰ সংকট সত্য আৰু মিছাৰ মাজৰ যুঁজ। মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন ‘মহা বিকাশ আঘাদী’য়ে একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছত ৰাজনৈতিক অস্থিৰতাৰ মাজত সোমাই পৰিছে। দলীয় কৰ্মীসকলক এক চমু ভাষণত শিৱসেনা মন্ত্ৰী আদিত্য থাকৰেয়ে কয় যে এয়া সত্য আৰু মিথ্যাৰ মাজৰ যুঁজ৷ 

মুম্বাইত অনুষ্ঠিত শিৱসেনাৰ কাৰ্যনিৰ্বাহকৰ সমাপ্তিৰ পাছত মুম্বাইস্থিত দলীয় কাৰ্যালয় এৰি যাওঁতে আদিত্য ঠাকৰেয়ে সংবাদ মাধ্যমক কয়, বৈঠকত কি আলোচনা কৰা হৈছিল আপোনালোক ইতিমধ্যে জানে, গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আমি বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলে কৰা বিশ্বাসঘাতকতাক পাহৰিব নোৱাৰিম। আমি (শিৱসেনা) নিশ্চিতভাৱে জিকিম৷

উদ্ধৱ ঠাকৰে মন্ত্ৰীসভাৰ মন্ত্ৰী আৰু থানে জিলাৰ এগৰাকী হেভিৱেইট নেতা সিন্দেয়ে দলটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি এমভিএ চৰকাৰক সংকটৰ মাজলৈ ঠেলি দিছে৷ সিন্দে প্ৰায় ৪০গৰাকী বিধায়কৰ সমৰ্থন দাবী কৰিছে, যিসকল সম্প্ৰতি গুৱাহাটীত বাহৰ পাতি আছে। শিৱসেনাই আজি সন্ধিয়াৰ ভিতৰত বিদ্ৰোহী বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ