--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ২০০২ চনৰ গুজৰাট সংঘৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন খাৰিজ কৰি নৰেন্দ্ৰ মোদীক ক্লীনশ্বীট দিয়াৰ এদিন পাছতে গুজৰাটত গ্ৰেপ্তাৰ হৈছে তিস্তা ছেতালভাদ৷ গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী গোটে আজি মানৱ অধিকাৰ কৰ্মী তথী সাংবাদিক তিস্তা ছেতালবাদৰ এনজিঅ সৈতে জড়িত বিদেশী পুঁজিৰ গোচৰত গ্ৰেপ্তাৰ কৰে

তিস্তা ছেতালভাদৰ এনজিঅ ২০০২ চনৰ সংঘৰ্ষৰ বিষয়ে আৰক্ষীক তথ্য প্ৰদান কৰিছিল আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানত তেওঁৰ নাম উল্লেখ কৰা হৈছে যিয়ে নৰেন্দ্ৰ মোদীক এছআইটিৰ ক্লীনশ্বীটক সমৰ্থন কৰিছিল

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিস্তা ছেতালভাদক তীব্ৰ সমালোচনা কৰি গুজৰাট সংঘৰ্ষ সন্দৰ্ভত তেওঁৰ এনজিঅ ভিত্তিহীন তথ্য দিয়াৰ কিছু ঘণ্টাৰ পাছতেই গুজৰাট এটিএছে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ তিস্তা ছেটালভাদৰ অধিবক্তাই জনোৱা মতে, আৰক্ষীয়ে তেওঁৰ ঘৰত সোমাই তেওঁক আক্ৰমণ কৰে প্ৰথমে কৰ্মীজনক ছান্টা ক্ৰুজ থানালৈ লৈ যোৱা হয় ইয়াৰ পৰা আহমেদাবাদ চহৰৰ থানালৈ লৈ যোৱা

অমিত শ্বাহে এক বিশেষ সাক্ষাৎকাৰত এএনআইক কয় যে, মই ৰায়টো অতি ভালদৰে পঢ়িছোঁ ৰায়দানত তিস্তা ছেতালভাদৰ নাম স্পষ্টকৈ উল্লেখ আছে তেওঁ চলাই থকা এনজিঅটোৱে ভিত্তিহীন তথ্য দিছিল আৰক্ষীক৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গুজৰাটৰ হিংসাত্মক ঘটনাত নিহত কংগ্ৰেছ সাংসদ এহছান জাফ্ৰিৰ পত্নী জাকিয়া জাফ্ৰিৰ আবেদন নাকচ কৰি কয় যে এই আবেদন গুণগত মানৰ পৰা বঞ্চিত৷

ন্যায়াধীশ এম খানৱিলকাৰৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গুজৰাট সংঘৰ্ষৰ গোচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২০১২ চনত দিয়া বিশেষ তদন্তকাৰী দল বা এছআইটিৰ ক্লীনশ্বীটক সমৰ্থন কৰি কয় যে গোচৰৰ সহ-আবেদনকাৰী ছেতালভাদে জাকিয়া জাফ্ৰিৰ আৱেগক বিপথে পৰিচালিত কৰিছিল

উচ্চতম ন্যায়ালয়ে কয়তিস্তা ছেটালভাডৰ পূৰ্বসূৰীৰ সৈতে হিচাপ লোৱাৰ প্ৰয়োজন৷ কাৰণ তেওঁ ঘটনাৰ বলি জাকিয়া জাফ্ৰিৰ আৱেগক বিপথে পৰিচালিত কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ