--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ২০০২ চনৰ গুজৰাট সংঘৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন খাৰিজ কৰি নৰেন্দ্ৰ মোদীক ক্লীনশ্বীট দিয়াৰ এদিন পাছতে গুজৰাটত গ্ৰেপ্তাৰ হৈছে তিস্তা ছেতালভাদ৷ গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী গোটে আজি মানৱ অধিকাৰ কৰ্মী তথী সাংবাদিক তিস্তা ছেতালবাদৰ এনজিঅ সৈতে জড়িত বিদেশী পুঁজিৰ গোচৰত গ্ৰেপ্তাৰ কৰে

তিস্তা ছেতালভাদৰ এনজিঅ ২০০২ চনৰ সংঘৰ্ষৰ বিষয়ে আৰক্ষীক তথ্য প্ৰদান কৰিছিল আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানত তেওঁৰ নাম উল্লেখ কৰা হৈছে যিয়ে নৰেন্দ্ৰ মোদীক এছআইটিৰ ক্লীনশ্বীটক সমৰ্থন কৰিছিল

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিস্তা ছেতালভাদক তীব্ৰ সমালোচনা কৰি গুজৰাট সংঘৰ্ষ সন্দৰ্ভত তেওঁৰ এনজিঅ ভিত্তিহীন তথ্য দিয়াৰ কিছু ঘণ্টাৰ পাছতেই গুজৰাট এটিএছে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ তিস্তা ছেটালভাদৰ অধিবক্তাই জনোৱা মতে, আৰক্ষীয়ে তেওঁৰ ঘৰত সোমাই তেওঁক আক্ৰমণ কৰে প্ৰথমে কৰ্মীজনক ছান্টা ক্ৰুজ থানালৈ লৈ যোৱা হয় ইয়াৰ পৰা আহমেদাবাদ চহৰৰ থানালৈ লৈ যোৱা

অমিত শ্বাহে এক বিশেষ সাক্ষাৎকাৰত এএনআইক কয় যে, মই ৰায়টো অতি ভালদৰে পঢ়িছোঁ ৰায়দানত তিস্তা ছেতালভাদৰ নাম স্পষ্টকৈ উল্লেখ আছে তেওঁ চলাই থকা এনজিঅটোৱে ভিত্তিহীন তথ্য দিছিল আৰক্ষীক৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গুজৰাটৰ হিংসাত্মক ঘটনাত নিহত কংগ্ৰেছ সাংসদ এহছান জাফ্ৰিৰ পত্নী জাকিয়া জাফ্ৰিৰ আবেদন নাকচ কৰি কয় যে এই আবেদন গুণগত মানৰ পৰা বঞ্চিত৷

ন্যায়াধীশ এম খানৱিলকাৰৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গুজৰাট সংঘৰ্ষৰ গোচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২০১২ চনত দিয়া বিশেষ তদন্তকাৰী দল বা এছআইটিৰ ক্লীনশ্বীটক সমৰ্থন কৰি কয় যে গোচৰৰ সহ-আবেদনকাৰী ছেতালভাদে জাকিয়া জাফ্ৰিৰ আৱেগক বিপথে পৰিচালিত কৰিছিল

উচ্চতম ন্যায়ালয়ে কয়তিস্তা ছেটালভাডৰ পূৰ্বসূৰীৰ সৈতে হিচাপ লোৱাৰ প্ৰয়োজন৷ কাৰণ তেওঁ ঘটনাৰ বলি জাকিয়া জাফ্ৰিৰ আৱেগক বিপথে পৰিচালিত কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ