--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ওচৰ চাপিছে দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন। বহু জল্পনা-কল্পনাৰ অন্তত দলটোৰ শীৰ্ষ পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে দুই জেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰ। দলৰ শীৰ্ষ পদৰ পৰা গান্ধী পৰিয়ালৰ সদস্য আঁতৰি থাকিব বুলি ৰাহুল গান্ধীয়ে গ্ৰহণ কৰা স্পষ্ট সিদ্ধান্তৰ পিছত এইবাৰ দীৰ্ঘদিনৰ মূৰত গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো এগৰাকী নেতা দলৰ সভাপতি পদত অধিষ্ঠিত হ’ব। কংগ্ৰেছৰ সভাপতি নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ তিতকাৰিৰ পিছত এইবাৰ বিজেপিক সকীয়নি দিছে নিৰ্বাচনৰ দৌৰত এইমুহূৰ্তলৈকে কিছু আগবাঢ়ি থকা মল্লিকাৰ্জুন খৰ্গেই। 

কংগ্ৰেছৰ সভাপতি নিৰ্বাচন দলটোৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কংগ্ৰেছৰ প্ৰকৃত যুঁজ বিজেপিৰ বিৰুদ্ধেহে হ’ব বুলি মন্তব্য কৰে। দেশৰ ৰাজনৈতিক, গণতান্ত্ৰিক আৰু সামাজিক পৰিৱেশক বিকৃত কৰি থকা  বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰকৃত যুঁজত অৱতীৰ্ণ হ’ব বুলি সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত খৰ্গেই মন্তব্য কৰে। আনহাতে বিৰোধী দলসমূহত গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ বিজেপিৰ কোনো নৈতিক অধিকাৰ নাই বুলি দাবী কৰি খৰ্গেই বিজেপিত সভাপতি পদত নেতা এগৰাকী কেনেদৰে নিৰ্বাচিত হৈছে কোনোবাই জানে নেকি বুলিও প্ৰশ্ন কৰে।

খৰ্গেই কয়, "যোৱা সাতটা দশকত কংগ্ৰেছে গঢ়ি তোলা গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ দুৰ্বল হৈ পৰিছে। ভিন্ন মতৰ কণ্ঠস্বৰ কঠোৰভাৱে দমন কৰি বাকৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ প্ৰকৃত যুঁজ হৈছে বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে, যি দেশৰ ৰাজনৈতিক, গণতান্ত্ৰিক আৰু সামাজিক পৰিৱেশ কলুষিত কৰিছে।" বিগত সময়চোৱাত আহি পৰা সকলো প্ৰতিকূলতাক  বাধা দি দেশৰ সংবিধান আৰু দেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ দলেই আগভাগলৈ আহিছে বুলিও দোহাৰে খৰ্গেই। 

"পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিং নেতৃত্বাধীন চৰকাৰলৈকে কংগ্ৰেছে গঢ়ি তোলা সম্পত্তি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বিক্ৰী কৰিছে। দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰাৰ বাবে কংগ্ৰেছৰ কৰ্মীসকলেই আগভাগ লৈ সকলোকে লগত লৈ যাব লাগিব।"— খৰ্গেই কয়। 

ইফালে চলিত নিৰ্বাচনক কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি তেওঁ কয় যে ইয়াৰ পূৰ্বে কংগ্ৰেছ অধ্যক্ষ পদৰ বাবে চাৰিবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। কিন্তু বিজেপিত কেতিয়া আৰু কেনেকৈ সভাপতি নিৰ্বাচন অনুষ্ঠিত হয় কোনেও নাজানে বুলি বিজেপিক আক্ৰমণ কৰি খৰ্গেই এনে কাৰণতে বিজেপিয়ে আন দলৰ বিষয়ে, বিশেষকৈ কংগ্ৰেছৰ দৰে দেশৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ গণতান্ত্ৰিক দলৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ অধিকাৰ নাই বুলি সকীয়াই দিয়ে।

আনহাতে সভাপতি নিৰ্বাচনৰ বাবে চলি থকা এই প্ৰস্তুতিৰ সমান্তৰালভাৱে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা 'ভাৰত জোড়ো যাত্ৰা'ৰ বিষয়ে উল্লেখ কৰি খৰ্গই এই অভিযানে এক নতুন আশাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। সাম্প্ৰদায়িক আৰু বিভাজনকাৰী শক্তি তথা ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে যুঁজিবলৈ, দেশত ধৰ্মীয় সম্প্ৰীতি আৰু শান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত ভাৰত জোড়ো যাত্ৰাই দেশবাসীৰ মাজত নৱজাগৰণৰ সৃষ্টি কৰি এক নতুন শক্তি প্ৰদান কৰিছে বুলি উল্লেখ কৰে খৰ্গেই।

উল্লেখ্য যে ১৯৯৮ চনত সীতাৰাম কেশৰীৰ পাছত দলৰ সভাপতিৰ আসনত ছোনীয়া গান্ধী অধিষ্ঠিত হোৱাৰ পৰা এই সূদীৰ্ঘ সময়ছোৱা গান্ধী পৰিয়ালৰ হাততে আছে দলটোৰ নেতৃত্ব। পিছে এইবাৰ কংগ্ৰেছত গান্ধী পৰিয়ালৰ এই ধাৰাবাহিক কৰ্তৃত্বৰ অৱসান ঘটাৰ দিশে আগবাঢ়িছে। সূদীৰ্ঘ এই ২৪ বছৰত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তি কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। অহা ১৭ অক্টোবৰত দেশৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দলটোৰ নতুন সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। এই নিৰ্বাচনৰ পাছতে ১৯ অক্টোবৰত দলটোৱে লাভ কৰিব নতুন সভাপতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু