--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ট্ৰেন্সজেণ্ডাৰ অভিনেতা সুশান্ত দিৱগিকাৰৰ ঘৰত অগ্নিকাণ্ড। অভিনেতাগৰাকীৰ ঘৰত সংঘটিত এই দুৰ্ঘটনাই যথেষ্ট ক্ষতিসাধন কৰিছে। এই কথা প্ৰকাশ কৰিছে তেওঁৰ ঘনিষ্ঠ বন্ধুৱে। 

সুশান্তৰ বন্ধুৱে জনাইছে যে শনিবাৰে তেওঁৰ ঘৰত অগ্নিকাণ্ড হয়, সেই সময়ত তেওঁ পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছিল। কিন্তু দুৰ্ঘটনাটোত অভিনেতাজনৰ লগতে তেওঁৰ পৰিয়ালৰ কোনো ক্ষতি হোৱা নাই। 

সুশান্তৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে। এক সাক্ষাৎকাৰত সুশান্তৰ বন্ধুৱে এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হৈছিল সেই কথা কৈছে। মুম্বাইত সুশান্তৰ ঘৰৰ শোৱনি কোঠাত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ কাৰণ এয়াৰ কণ্ডিচনাৰত শ্বৰ্ট চাৰ্কিট বুলি কোৱা হৈছে। সেই সময়ত সুশান্তই পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ খাই আছিল। হঠাতে এচিৰ পৰা ধোঁৱা ওলাই আহিল আৰু জুই লাগিল।

এই জুই বিয়পিবলৈ বেছি সময় নালাগিল। শোৱনি কোঠাৰ মাজেৰে পাৰ হৈ পাকঘৰ আৰু অন্যান্য কোঠাবোৰো পালেগৈ। অগ্নিকাণ্ডৰ বাবে সুশান্তৰ বহু ক্ষতি হৈছে। তেওঁৰ ঘৰত ৰখা বহু মূল্যবান বস্তু জ্বলি গ’ল। আনকি তেওঁৰ সন্মানত দিয়া ট্ৰফীবোৰো জ্বলি গ’ল। মেক-আপ কিট আৰু চৰকাৰী নথি-পত্ৰও জুইত নষ্ট হৈ যায়। অৱশ্যে বহু দেৰি হোৱাৰ আগতেই অগ্নিনিৰ্বাপক বাহিনীয়ে আহি জুই নিয়ন্ত্ৰণ কৰে।

ঘনিষ্ঠ আত্মীয়ৰ মতে, অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি সুশান্ত আৰু তেওঁৰ পৰিয়ালক নিৰাপদে ঘৰৰ পৰা উলিয়াই আনে। অৱশ্যে বিষয়াসকলে এতিয়াও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰু অগ্নিকাণ্ডৰ আন কোনো কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু