--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজনৈতিক স্বাৰ্থত একাংশই যিমানেই সাম্প্ৰদায়িক বিষবাষ্প সমাজত নছটিয়াওক কিয়, ভাৰতীয় মানুহৰ হৃদয়ত আজিও সন্তৰ্পনে সোমাই আছে প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ অমোঘ মন্ত্ৰ। হয়, মুনাফা লাভৰ বাবে একাংশ স্বাৰ্থান্বেষী লোকৰ ষড়যন্ত্ৰৰ বলি হৈ সমাজৰ বহু লোকে বিপৰীত ধৰ্মৰ প্ৰতি বিদ্বেষ আৰু ঘৃণাৰ ভাৱ পোষণ কৰিছে। কিন্তু তাৰ মাজতো ভাৰতৰ ‘বৈচিত্ৰৰ মাজত ঐক্য’ নীতিক সজোৰে প্ৰমাণ কৰি ভাতৃত্ববোধৰ দোলেৰে বান্ধ খাই আছে সমাজৰ অধিকাংশ লোক। ধৰ্মীয় সম্প্ৰীতিৰ এনে এক মোহনীয় দৃষ্টি দেখিবলৈ পোৱা গ’ল জম্মু-কাশ্মীৰত।

শনিবাৰে কাশ্মীৰৰ স্থানীয় কাশ্মীৰি হিন্দুসকলে হজৰ পৰা উভতি অহা মুছলমান তীৰ্থযাত্ৰীসকলক বিমানবন্দৰতে আৰতি-উপাসনাৰে এটা ইছলামিক ধৰ্মীয় গীত গাই আদৰণি জনায়। তীৰ্থযাত্ৰীসকলক আদৰিবলৈ অপেক্ষা কৰি থকা কাশ্মীৰি পণ্ডিতসকলে প্ৰতিজন হজযাত্ৰীকে একোপাহকৈ গোলা ফুল দি কৰমৰ্দন কৰি ভ্ৰাতৃত্ববোধৰ এক অমূল্য নিদৰ্শন দাঙি ধৰে।

শ্ৰীনগৰ বিমানবন্দৰৰ এই দৃষ্টিনন্দন দৃশ্যৰ এটা চমু ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে উত্তৰ প্ৰদেশৰ বিধায়ক আব্বাছ বিন মুখতাৰ আনছাৰীয়ে। টুইটাৰত এই ভিডিঅ’টোৰ লগতে তেওঁ কয় যে কাশ্মীৰি পণ্ডিতসকলে বিমানবন্দৰৰ বাহিৰত শাৰী পাতি পয়গম্বৰ মুহাম্মাদৰ প্ৰশংসাত গীত পৰিৱেশন কৰি তীৰ্থযাত্ৰী সকলক অভিনন্দন জনাইছে।

আনছাৰীয়ে উত্তৰ প্ৰদেশৰ মৌ সদৰ সমষ্টিৰ পৰা অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটৰ সহযোগী সহযোগী দল সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ (SBSP) বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

"যেতিয়া হজৰ পৰা উভতি অহা তীৰ্থযাত্ৰীসকল শ্ৰীনগৰ বিমানবন্দৰৰ পৰা ওলাই আহিছিল, কাশ্মীৰী পণ্ডিত ভাতৃসকলে গীত পৰিৱেশন তথা আৰতি কৰি তেওঁলোকক আদৰণি জনাইছিল আৰু অভিনন্দন জনাইছিল। আশা কৰোঁ এই প্ৰেমে ৰাজনীতিৰ নিকৃষ্ট দৃষ্টিয়ে এই দৃশ্যক স্পৰ্শ নকৰিব।"- ভিডিঅ'টোৰ সৈতে এইদৰে টুইটটোত উল্লেখ কৰে বিধায়ক আনছাৰীয়ে।

উল্লেখ্য যে কেইমাহমান পূৰ্বে বলীউডৰ ‘দ্য কাশ্মীৰ ফাইলছ’ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে কাশ্মীৰত এক সাম্প্ৰদায়িক সংঘাতৰ পৰিৱেশ সৃষ্টিত হাত উজান দিছিল হিন্দুত্ববাদী গোটসমূহে। ছবিখনৰ প্ৰচাৰৰ জৰিয়তে মুকলিকৈ সাম্প্ৰদায়িক বিষবাষ্প ছটিওৱাৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছিল এই হিন্দুত্ববাদী মহল। কাশ্মীৰৰ শেহতীয়া এই সম্প্ৰীতিৰ বাৰ্তা এই ষড়যন্ত্ৰৰ প্ৰতি এক শক্তিশালী প্ৰত্যাহ্বান বুলিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান