--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বজুৰি প্ৰযুক্তিৰ ক্ষেত্ৰ খনত ২০২৩ চনৰ  আৰম্ভনিৰে পৰাই মন্দাৱস্থা চলিছে।প্ৰায় প্ৰতিদিনেই বিভিন্ন প্ৰযুক্তি কোম্পানীত হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱাইছে। টুইটাৰ, গুগলকে ধৰি বহু কোম্পানীত এনে চাটাই অভিযান চলিছে। এক সমীক্ষা অনুসৰি  ২০২৩ চনৰ জানুৱাৰী মাহত   সমগ্ৰ প্ৰযুক্তি উদ্যোগৰ প্ৰায় ১,০৬,৯৫০ জন কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। 

এই সংখ্যা বিগত বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰত আছিল ক্ৰমান্বয়ে ৫০,৫৭৩  আৰু ৪০,৩৬৮ জন কৰ্মচাৰী।  কিন্তু নতুন বছৰৰ আৰম্ভনি মাহটোতে পূৰ্বৰ দুমাহতকৈ বহু বেছি লোকে প্ৰযুক্তি খণ্ডত চাকৰি হেৰুৱাইছে। Trueup.ioনামৰ ৱেবছাইটটোৱে গ্লাচডোৰ ৰেটিঙৰ ওপৰত আধাৰিত ব্যক্তিগত কোম্পানীবোৰৰ সমীক্ষাৰ উপৰি আটাইতকৈ প্ৰভাৱিত প্ৰযুক্তি খণ্ডবোৰৰ বিষয়ে অধ্যয়ন কৰিছিল । সমীক্ষাটোৱে দেখুৱাইছে যে আমাজন, গুগল, মাইক্ৰছফ্ট আৰু চেলচফৰ্চৰ দৰে প্ৰযুক্তি কোম্পানীবোৰে যোৱা মাহত বিশ্বব্যাপী সৰ্বাধিক সংখ্যক শ্ৰমিকক চাটাই কৰিছে। 

আমাজনে ১৮,০০০ কৰ্মচাৰীক ছাটাই কৰিছিল, আনহাতে গুগলে প্ৰায় ১২,০০০ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। মাইক্ৰছফ্ট আৰু চেলচফৰ্চে জানুৱাৰী ২০২৩ ত ক্ৰমান্বয়ে ১০,০০০আৰু ৭,০০০ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিছে।

ৱেবছাইটটোৱে কিছুমান ভাৰতত থকা প্ৰযুক্তি প্ৰতিষ্ঠানৰ কথাও উল্লেখ কৰিছে।  চুইগি, শ্বেয়াৰচেট আৰু ডুঞ্জোৰ তথ্য কৰ্মচাৰী চাটাইৰ তথ্যও প্ৰকাশ পাইছে। ভাৰতীয় খাদ্য বিতৰণ প্লেটফৰ্ম চুইগিয়ে ২০ জানুৱাৰীত প্ৰায় ৩৮০  জন শ্ৰমিকক চাটাই কৰে, আৰু গুগল সমৰ্থিত শ্বেয়াৰচেটে প্ৰায় একে সময়তে ইয়াৰ কৰ্মশক্তিৰ ২০ শতাংশ কৰ্তন কৰে। কেইদিনমান আগতে, ডুনজোৱে ইয়াৰ প্ৰায় ৩ শতাংশ কৰ্মচাৰীক  বৰ্খাস্ত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল।

ৱেবছাইটটোৱে এইটোও আঙুলিয়াই দিছে যে প্ৰযুক্তি উদ্যোগত বিশ্বব্যাপী গণ চাটাই অভিযান যোৱা বছৰৰ নৱেম্বৰ মাহতেই আৰম্ভ হৈছিল। প্ৰথমে এই অভিযান  টুইটাৰৰ জৰিয়তে আৰম্ভ হৈছিল। অক্টোবৰৰ শেষত ইলন মাস্কে আনুষ্ঠানিকভাৱে ছ'চিয়েল মিডিয়া কোম্পানীটো ক্ৰয় কৰাৰ পিছত কোম্পানীৰ চাটাই আৰম্ভ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য