--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বজুৰি প্ৰযুক্তিৰ ক্ষেত্ৰ খনত ২০২৩ চনৰ  আৰম্ভনিৰে পৰাই মন্দাৱস্থা চলিছে।প্ৰায় প্ৰতিদিনেই বিভিন্ন প্ৰযুক্তি কোম্পানীত হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱাইছে। টুইটাৰ, গুগলকে ধৰি বহু কোম্পানীত এনে চাটাই অভিযান চলিছে। এক সমীক্ষা অনুসৰি  ২০২৩ চনৰ জানুৱাৰী মাহত   সমগ্ৰ প্ৰযুক্তি উদ্যোগৰ প্ৰায় ১,০৬,৯৫০ জন কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। 

এই সংখ্যা বিগত বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰত আছিল ক্ৰমান্বয়ে ৫০,৫৭৩  আৰু ৪০,৩৬৮ জন কৰ্মচাৰী।  কিন্তু নতুন বছৰৰ আৰম্ভনি মাহটোতে পূৰ্বৰ দুমাহতকৈ বহু বেছি লোকে প্ৰযুক্তি খণ্ডত চাকৰি হেৰুৱাইছে। Trueup.ioনামৰ ৱেবছাইটটোৱে গ্লাচডোৰ ৰেটিঙৰ ওপৰত আধাৰিত ব্যক্তিগত কোম্পানীবোৰৰ সমীক্ষাৰ উপৰি আটাইতকৈ প্ৰভাৱিত প্ৰযুক্তি খণ্ডবোৰৰ বিষয়ে অধ্যয়ন কৰিছিল । সমীক্ষাটোৱে দেখুৱাইছে যে আমাজন, গুগল, মাইক্ৰছফ্ট আৰু চেলচফৰ্চৰ দৰে প্ৰযুক্তি কোম্পানীবোৰে যোৱা মাহত বিশ্বব্যাপী সৰ্বাধিক সংখ্যক শ্ৰমিকক চাটাই কৰিছে। 

আমাজনে ১৮,০০০ কৰ্মচাৰীক ছাটাই কৰিছিল, আনহাতে গুগলে প্ৰায় ১২,০০০ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। মাইক্ৰছফ্ট আৰু চেলচফৰ্চে জানুৱাৰী ২০২৩ ত ক্ৰমান্বয়ে ১০,০০০আৰু ৭,০০০ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিছে।

ৱেবছাইটটোৱে কিছুমান ভাৰতত থকা প্ৰযুক্তি প্ৰতিষ্ঠানৰ কথাও উল্লেখ কৰিছে।  চুইগি, শ্বেয়াৰচেট আৰু ডুঞ্জোৰ তথ্য কৰ্মচাৰী চাটাইৰ তথ্যও প্ৰকাশ পাইছে। ভাৰতীয় খাদ্য বিতৰণ প্লেটফৰ্ম চুইগিয়ে ২০ জানুৱাৰীত প্ৰায় ৩৮০  জন শ্ৰমিকক চাটাই কৰে, আৰু গুগল সমৰ্থিত শ্বেয়াৰচেটে প্ৰায় একে সময়তে ইয়াৰ কৰ্মশক্তিৰ ২০ শতাংশ কৰ্তন কৰে। কেইদিনমান আগতে, ডুনজোৱে ইয়াৰ প্ৰায় ৩ শতাংশ কৰ্মচাৰীক  বৰ্খাস্ত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল।

ৱেবছাইটটোৱে এইটোও আঙুলিয়াই দিছে যে প্ৰযুক্তি উদ্যোগত বিশ্বব্যাপী গণ চাটাই অভিযান যোৱা বছৰৰ নৱেম্বৰ মাহতেই আৰম্ভ হৈছিল। প্ৰথমে এই অভিযান  টুইটাৰৰ জৰিয়তে আৰম্ভ হৈছিল। অক্টোবৰৰ শেষত ইলন মাস্কে আনুষ্ঠানিকভাৱে ছ'চিয়েল মিডিয়া কোম্পানীটো ক্ৰয় কৰাৰ পিছত কোম্পানীৰ চাটাই আৰম্ভ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়