--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কথাতে কয় বতৰৰ ফল বতৰত খাব লাগে। প্ৰচণ্ড গৰমৰ দিনত এতিয়া আম সকলোৰে প্ৰিয়। ফলৰ ৰজা বুলি যাক কোৱা হয় সেই আম হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো প্ৰিয়। 

প্রধানমন্ত্ৰীয়ে আম খাই ভাল পায় বুলি জানিয়েই কিজানি তেওঁলৈ আম পঠিয়ালে মমতা বেনাৰ্জীয়ে। ১২ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি প্ৰধানমন্ত্ৰীলৈ বেংগলৰ আম প্ৰেৰণ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল প্ৰধানমন্ত্ৰীয়ে নহয় ৰাষ্ট্রপতি দ্রৌপদী মুর্মু, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈও আম পঠিয়ালে মমতা বেনাৰ্জীয়ে। 

সততে কেন্দ্ৰীয় চৰকাৰৰে সংঘাত দেখিবলৈ পোৱা যায় মমতা বেনাৰ্জীৰ। একাধিক বিষয়ত কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীক তীক্ষ্ণ সমালোচনা কৰি আহিছে মমতাই। কিন্তু প্ৰচণ্ড গ্ৰীষ্মৰ দিনত ৰাজনৈতিক দ্বন্দ্ব নিলগাই ৰাখি মোদীলৈ আম পঠিয়ালে বংগকন্যাই। আজিৰ তাৰিখত পশ্চিমবংগত ভেটি বৰ শক্তিশালী নহয় ভাৰতীয় জনতা পাৰ্টীৰ। বিগত বিধানসভা নিৰ্বাচনতো মুখথেকেচা খাইছিল গেৰুৱা দলটোৱে। 

প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ বহু সংখ্যক নিৰ্বাচনী ৰেলীয়েও উদ্ধাৰ কৰিব পৰা নাছিল দলটোক। পৰৱৰ্তী সময়ত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি কঠোৰ হৈছে বিভিন্ন তদন্তকাৰী সংস্থা। তৃণমূল কংগ্ৰছৰ বহু নেতাৰ বিৰুদ্ধে অভিযানত নামি পৰিছে ED-CBIৰ দৰে সংস্থা। আজিৰ তাৰিখত বিৰোধী ঐক্যমঞ্চৰ নেতৃত্ব দিবলৈও প্ৰস্তুত মমতা বেনাৰ্জী। ২০২৪ত দেশৰ পৰা বিজেপিক উৎখাত কৰাৰ আহ্বান জনাই আহিছে বংগ কন্যাই। তেনে প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীলৈ আম প্ৰেৰণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস