--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কথাতে কয় বতৰৰ ফল বতৰত খাব লাগে। প্ৰচণ্ড গৰমৰ দিনত এতিয়া আম সকলোৰে প্ৰিয়। ফলৰ ৰজা বুলি যাক কোৱা হয় সেই আম হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো প্ৰিয়। 

প্রধানমন্ত্ৰীয়ে আম খাই ভাল পায় বুলি জানিয়েই কিজানি তেওঁলৈ আম পঠিয়ালে মমতা বেনাৰ্জীয়ে। ১২ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি প্ৰধানমন্ত্ৰীলৈ বেংগলৰ আম প্ৰেৰণ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল প্ৰধানমন্ত্ৰীয়ে নহয় ৰাষ্ট্রপতি দ্রৌপদী মুর্মু, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈও আম পঠিয়ালে মমতা বেনাৰ্জীয়ে। 

সততে কেন্দ্ৰীয় চৰকাৰৰে সংঘাত দেখিবলৈ পোৱা যায় মমতা বেনাৰ্জীৰ। একাধিক বিষয়ত কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীক তীক্ষ্ণ সমালোচনা কৰি আহিছে মমতাই। কিন্তু প্ৰচণ্ড গ্ৰীষ্মৰ দিনত ৰাজনৈতিক দ্বন্দ্ব নিলগাই ৰাখি মোদীলৈ আম পঠিয়ালে বংগকন্যাই। আজিৰ তাৰিখত পশ্চিমবংগত ভেটি বৰ শক্তিশালী নহয় ভাৰতীয় জনতা পাৰ্টীৰ। বিগত বিধানসভা নিৰ্বাচনতো মুখথেকেচা খাইছিল গেৰুৱা দলটোৱে। 

প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ বহু সংখ্যক নিৰ্বাচনী ৰেলীয়েও উদ্ধাৰ কৰিব পৰা নাছিল দলটোক। পৰৱৰ্তী সময়ত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি কঠোৰ হৈছে বিভিন্ন তদন্তকাৰী সংস্থা। তৃণমূল কংগ্ৰছৰ বহু নেতাৰ বিৰুদ্ধে অভিযানত নামি পৰিছে ED-CBIৰ দৰে সংস্থা। আজিৰ তাৰিখত বিৰোধী ঐক্যমঞ্চৰ নেতৃত্ব দিবলৈও প্ৰস্তুত মমতা বেনাৰ্জী। ২০২৪ত দেশৰ পৰা বিজেপিক উৎখাত কৰাৰ আহ্বান জনাই আহিছে বংগ কন্যাই। তেনে প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীলৈ আম প্ৰেৰণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক