--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ৰবাত ভুল কৰিলে নেকি টীম ইণ্ডিয়াই? কি কৰাহ’লে বিশ্ব কাপ জয় কৰিব পাৰিলেহেঁতেন টীম ইণ্ডিয়াই? এইবাৰ বিশ্ব কাপৰ ফাইনেলত টীম ইণ্ডিয়াৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিলে অখিলেশ যাদৱে৷

অখিলেশ যাদৱৰ মতে, ফাইনেল মেচখন লক্ষ্ণৌত অনুষ্ঠিত কৰাহ’লে টীম ইণ্ডিয়াই ভগৱান বিষ্ণু আৰু অটল বিহাৰী বাজপেয়ীৰ আশীৰ্বাদ পালেহেঁতেন আৰু ভাৰত জয়ী হ’লহেঁতেন৷

বিজেপিক পৰোক্ষভাৱে উপহাস কৰি সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে মঙলবাৰে কয় যে আহমেদাবাদৰ পৰিৱৰ্তে লক্ষ্ণৌত খেলখন অনুষ্ঠিত হ’লে টীম ইণ্ডিয়াই হাই-ভল্টেজ আইচিচি ক্ৰিকেট বিশ্ব কাপৰ ফাইনেলত জয়ী হ’লহেঁতেন।

উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি যাদৱে লগতে কয় যে যদি খেলখন লক্ষ্ণৌত অনুষ্ঠিত হ’লহেঁতেন, তেন্তে টীম ইণ্ডিয়াই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভগৱান বিষ্ণু আৰু অটল বিহাৰী বাজপেয়ীৰ আশীৰ্বাদ লাভ কৰিলেহেঁতেন।

পূৰ্বৰ সমাজবাদী পাৰ্টি চৰকাৰে লক্ষ্ণৌৰ ক্ৰিকেট ষ্টেডিয়ামক ‘একানা ষ্টেডিয়াম’ বুলি নামকৰণ কৰিছিল। লক্ষণীয়ভাৱে ‘একানা’ ভগৱান বিষ্ণুৰ বহুতো নামৰ ভিতৰত এটা।

পাছত ২০১৮ত যোগী আদিত্যনাথ চৰকাৰে ইয়াক ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়াম বুলি নামকৰণ কৰে।

অখিলেশ যাদৱে লগতে অভিযোগ কৰে যে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটছত কিছু সমস্যা আছে, যাৰ বাবে খেলুৱৈসকলৰ প্ৰস্তুতি অসম্পূৰ্ণ হৈ পৰিছিল।

উল্লেখযোগ্য যে মঙলবাৰে দিনটোৰ আৰম্ভণিতে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি তেওঁক পনৌটি বুলি অভিহিত কৰি কয় যে তেওঁৰ প্ৰৱেশৰ ফলত ভাৰতে যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০২৩ৰ বিশ্বকাপৰ ফাইনেল মেচত পৰাজিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন