--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বকাপত দূৰ্দান্ত খেল খেলিলেও ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়। দেশৰ মাটিত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয়ৰ ভাৰতৰ সপোন পূৰণ নহ’ল। সেই পৰাজয়ৰ জোকাৰণি মানি ল’ব পৰা নাছিল ৰোহিত শৰ্মা বা বিৰাট কোহলীয়ে। মেচ শেষ হোৱাৰ পিছত কান্দি উঠিছিল। ১১ দিনৰ অন্তত ৰবিচন্দ্ৰন অশ্বিনে সেই নিশাৰ কাহিনী ৰাজহুৱা কৰিলে।

প্ৰাক্তন ক্ৰিকেটাৰ সুব্ৰহ্মণ্যম বদ্ৰিনাথৰ ইউটিউব শ্ব’ত অশ্বিনে কয়, ''আমাৰ প্ৰত্যেকেই গভীৰ শোকত আছিলোঁ। ৰোহিত আৰু বিৰাটে কান্দি আছিল। সিহঁতক দেখি বৰ দুখ লাগিছিল। কিন্তু কোনোৱে কৰিব পৰা একো নাছিল। আমাৰ দলটো আছিল অতি অভিজ্ঞ। কি কৰিব লাগে সকলোৱে জানিছিল। প্ৰত্যেকেই আছিল এজন পেছাদাৰী ক্ৰিকেটাৰ। তেওঁলোকে ৰুটিন, ৱাৰ্ম আপবোৰ জানিছিল। দুয়োজনেই দলৰ নেতা। তেওঁলোকে দলটোত এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰ পিছতো নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাছিল।"

অশ্বিনে ৰোহিত শৰ্মাক প্ৰশংসা কৰি কয় যে ৰোহিতে নেতৃত্বৰ এক বেলেগ শৈলী সৃষ্টি কৰিছিল যিটো বাকীবোৰতকৈ পৃথক। তেওঁ প্ৰতিজন ক্ৰিকেটাৰৰ লগত পৃথকে পৃথকে কথা পাতিছিল আৰু তেওঁলোকৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছিল।

অশ্বিনৰ ভাষাত- “ভাৰতীয় ক্ৰিকেটলৈ চালে প্ৰায় সকলোৱেই এম এছ ধোনীক সৰ্বশ্ৰেষ্ঠ অধিনায়কৰ তালিকাত প্ৰথম স্থান দিব। কিন্তু ব্যক্তি হিচাপেও ৰোহিত মহান। দলৰ সকলোকে ভালদৰে চিনি পায়। কোনে কি ভাল পায় কি বেয়া পায় জানে। সকলোকে চিনি পোৱাৰ আঁৰত তেওঁৰ বহুত কষ্ট আছে। দলীয় সভাত উপস্থিত থাকিবলৈ তেওঁ টোপনি নাহে। দলটোক প্ৰথম স্থান দিয়ে। তেওঁও চাই থাকে যাতে সকলোৱে তেওঁৰ কৌশল ভালদৰে বুজিব পাৰে। ভাৰতীয় ক্ৰিকেটক তেওঁ আন এটা স্তৰলৈ লৈ গৈছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক