--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়িকা নেহা কক্কৰ সংগীতানুৰাগীৰ ক্ষোভৰ সন্মুখীন হৈছে। নেহা কক্কৰ সন্মুখীন হৈছে ট্ৰ'লৰ। কি ভুল কৰিলে নেহাই? জনপ্ৰিয় গায়িকা ফাল্গুনী পাঠকৰ আইকনিক গীত 'মেইনে পায়েল হ্যে চনকাই'ৰ ৰিমেক কৰিছিল নেহা কক্কৰে। নেহাই অনুৰাগীসকলে খুব ভাল পাব বুলি বৰ আশাৰে 'মেইনে পায়েল হ্যে চনকাই' গীতটোৰ ৰিমেক বনাইছিল যদিও তাৰ বিপৰীত ঘটনাহে ঘটিল। 

গীতটোৰ সন্দৰ্ভত প্ৰতিজন লোকেই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিলে। বহু লোকে ক'লে যে ''নেহা আমাৰ শৈশৱৰ স্মৃতি নষ্ট নকৰিবা। এই গানটোৰ সৈতে আমাৰ শৈশৱ জড়িত হৈ আছে।'' 

দেওবাৰে টি-চিৰিজে মুকলি কৰিলে ফাল্গুনী পাঠকৰ জনপ্ৰিয় গান 'মেইনে পায়েল হ্যে চনকাই'ৰ নেহা কক্কৰে ৰিমেক কৰা গীতটিৰ টিজাৰ। গীতটি শুনিয়েই তীব্ৰ ক্ষোভত ফাটি পৰে সংগীতপ্ৰেমীসকল। নেহাক সকলোৱে ট্ৰ'ল কৰিবলৈ ধৰিলে। নেহা কক্কৰে মানুহৰ শৈশৱ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে নেটিজেনসকলে। এজন ইউজাৰে লিখিছে ''নেহা আপুনি গান গোৱা বন্ধ কৰক। খিচিৰিৰ দোকান খোলক। আপুনি গানৰ খিচিৰি ভাল বনায়।'' 

একে সময়তে আন এজন ইউজাৰে লিখিছে যে ''বহুত হ'ল, এই গানটোৱে মোৰ শৈশৱটো নষ্ট কৰি পেলালে। অতি ভয়ংকৰ।'' 

নেহা কক্কৰৰ গীতটো শুনি এজন ইউজাৰে ক্ষুব্ধ হৈ ক’লে ''ই এটা অতি মৰমলগা গীত, আপুনি আপোনাৰ কণ্ঠৰে ইয়াক নষ্ট কৰি পেলালে।''

আন এজন ব্যৱহাৰকাৰীয়ে ক’লে ''হে ভগৱান প্ৰতিটো ধুনীয়া পুৰণি গীত কিয় এনেদৰে নষ্ট কৰিব লাগে?'' 

এজন ব্যক্তিয়ে কয় যে, ''নেহা আপুনি ফাল্গুনী পাঠকক ঘোৰ অপমান কৰিছে।''

ফাল্গুনী পাঠকৰ ইমান ধুনীয়া গীতটো নেহা কক্কৰৰ নষ্ট কৰাৰ অধিকাৰ নাই বুলিও অনেক লোকেই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

মুঠৰ ওপৰত নানা মন্তব্যৰে নেহা কক্কৰক ট্ৰল কৰিছে নেটিজেনসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ