--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়িকা নেহা কক্কৰ সংগীতানুৰাগীৰ ক্ষোভৰ সন্মুখীন হৈছে। নেহা কক্কৰ সন্মুখীন হৈছে ট্ৰ'লৰ। কি ভুল কৰিলে নেহাই? জনপ্ৰিয় গায়িকা ফাল্গুনী পাঠকৰ আইকনিক গীত 'মেইনে পায়েল হ্যে চনকাই'ৰ ৰিমেক কৰিছিল নেহা কক্কৰে। নেহাই অনুৰাগীসকলে খুব ভাল পাব বুলি বৰ আশাৰে 'মেইনে পায়েল হ্যে চনকাই' গীতটোৰ ৰিমেক বনাইছিল যদিও তাৰ বিপৰীত ঘটনাহে ঘটিল। 

গীতটোৰ সন্দৰ্ভত প্ৰতিজন লোকেই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিলে। বহু লোকে ক'লে যে ''নেহা আমাৰ শৈশৱৰ স্মৃতি নষ্ট নকৰিবা। এই গানটোৰ সৈতে আমাৰ শৈশৱ জড়িত হৈ আছে।'' 

দেওবাৰে টি-চিৰিজে মুকলি কৰিলে ফাল্গুনী পাঠকৰ জনপ্ৰিয় গান 'মেইনে পায়েল হ্যে চনকাই'ৰ নেহা কক্কৰে ৰিমেক কৰা গীতটিৰ টিজাৰ। গীতটি শুনিয়েই তীব্ৰ ক্ষোভত ফাটি পৰে সংগীতপ্ৰেমীসকল। নেহাক সকলোৱে ট্ৰ'ল কৰিবলৈ ধৰিলে। নেহা কক্কৰে মানুহৰ শৈশৱ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে নেটিজেনসকলে। এজন ইউজাৰে লিখিছে ''নেহা আপুনি গান গোৱা বন্ধ কৰক। খিচিৰিৰ দোকান খোলক। আপুনি গানৰ খিচিৰি ভাল বনায়।'' 

একে সময়তে আন এজন ইউজাৰে লিখিছে যে ''বহুত হ'ল, এই গানটোৱে মোৰ শৈশৱটো নষ্ট কৰি পেলালে। অতি ভয়ংকৰ।'' 

নেহা কক্কৰৰ গীতটো শুনি এজন ইউজাৰে ক্ষুব্ধ হৈ ক’লে ''ই এটা অতি মৰমলগা গীত, আপুনি আপোনাৰ কণ্ঠৰে ইয়াক নষ্ট কৰি পেলালে।''

আন এজন ব্যৱহাৰকাৰীয়ে ক’লে ''হে ভগৱান প্ৰতিটো ধুনীয়া পুৰণি গীত কিয় এনেদৰে নষ্ট কৰিব লাগে?'' 

এজন ব্যক্তিয়ে কয় যে, ''নেহা আপুনি ফাল্গুনী পাঠকক ঘোৰ অপমান কৰিছে।''

ফাল্গুনী পাঠকৰ ইমান ধুনীয়া গীতটো নেহা কক্কৰৰ নষ্ট কৰাৰ অধিকাৰ নাই বুলিও অনেক লোকেই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

মুঠৰ ওপৰত নানা মন্তব্যৰে নেহা কক্কৰক ট্ৰল কৰিছে নেটিজেনসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?