--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্ণ ছবিৰ জৰিয়তে বিশ্বত পৰিচিত হৈ পৰা ছানী লিয়নীয়ে পৰ্ণ ছবিৰ  বৃত্তিক ইতিমধ্যে বিদায় জনাইছে । সেই ছবি উদ্যোগেই তেওঁক  'দ্য ছানী' হিচাবে পৰিচিত কৰি  তুলিছিল।  পৰ্ণ চিনেমাৰ জগত খনৰ পৰা ওলাই আহি  তেওঁ  হিন্দী চলচ্চিত্ৰৰ জগতত খোপনি পোতাৰ চেষ্টা চলাইছিল। সেই চেষ্টা এতিয়াও অব্যাহত আছে। 

মূলতঃ পৰ্ণ ষ্টাৰ হিচাবেই পৰিচিত ছানী লিয়নী বৰ্তমান কিহত ব্যস্ত? ছানী লিয়নী বৰ্তমান হিন্দী চিনেমাৰ শ্বুটিঙৰ লগতে প্ৰমোদ ভ্ৰমণত ব্যস্ত। সম্প্ৰতি তেওঁ মালদ্বীপলৈ গৈছে।মালদ্বীপৰ সাগৰৰ মনোৰম পৰিবেশত ছানী লিয়নীয়ে অৱসৰ সময় কটাই আছে।শেহতীয়াকৈ ইনষ্টাগ্ৰামত তেওঁ মালদ্বীপ ভ্ৰমণৰ ছবি শ্বেয়াৰ কৰিছে। ছবিত তেওঁক এটা ক'লা মনোকিনি পিন্ধি থকা দেখা গৈছে। ছানী লিয়নীৰ সন্মুখত পৰিষ্কাৰ পানীত এটা ডাঙৰ বাস্কেট ভাঁহি আছে। 

য’ত  বিভিন্ন ধৰণৰ খাদ্য আৰু পানীয় আছে। ছবিৰ শিৰোনামত তেওঁ লিখিছে, 'ব্ৰেকফাষ্ট এনিৱান?'ছানী লিয়নীৰ  লগত তেওঁৰ  পৰিয়াল আছে নে নাই সেই বিষয়ত অভিনেত্ৰীগৰাকীয়ে একো কথা প্ৰকাশ কৰা নাই।




শেহতীয়াকৈ ছানী লিয়নীয়ে এইবুলি দুখ প্ৰকাশ কৰিছে যে তেওঁ বলীউডৰ কেইবাখনো  চলচ্চিত্ৰত অভিনয় কৰাৰ পিছতো নতুনকৈ বলীউডত যিমান  কাম পাব বুলি ভাবিছিল সিমান পোৱা নাই। অৱশ্যে শেহতীয়াকৈ পৰিচালক  অনুৰাগ কাশ্যপে ছানীক অডিচনৰ বাবে মাতিছে। অভিনেত্ৰীগৰাকীয়ে নিজেই  পৰিচালকগৰাকীৰ সৈতে একেলগে ফটো শ্বেয়াৰ কৰি ভাল খবৰটো দিছিল। ছানিয়ে ২০১২ চনত পূজা ভাটৰ থ্ৰিলাৰ ' জিছম ২'ৰ জৰিয়তে বলীউডত খোজ পেলাইছিল। 

পিছত, তেওঁ 'জেকপট', 'ৰাগিণী এমএমএছ ২', 'এক পহেলি লীলা' আৰু 'মস্তিজাদে'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰে। ছানীক শেহতীয়াকৈ এমএক্স প্লেয়াৰ ৱেব চিৰিজ 'অনামিকা'ত মুখ্য চৰিত্ৰত  অভিনয় কৰা দেখা গৈছে। এই চিৰিজটো চলিত বছৰৰ আৰম্ভণিতে মুক্তি দিয়া হৈছিল। ছানীক পৰৱৰ্তী সময়ত অৰ্জুন ৰামপাল অভিনীত 'দ্য বেটেল অফ ভীমা কোৰেগাঁও'ৰ এটা গানত দেখা যাব। ছবিখনে ২০২৩ চনত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র