--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্ণ ছবিৰ জৰিয়তে বিশ্বত পৰিচিত হৈ পৰা ছানী লিয়নীয়ে পৰ্ণ ছবিৰ  বৃত্তিক ইতিমধ্যে বিদায় জনাইছে । সেই ছবি উদ্যোগেই তেওঁক  'দ্য ছানী' হিচাবে পৰিচিত কৰি  তুলিছিল।  পৰ্ণ চিনেমাৰ জগত খনৰ পৰা ওলাই আহি  তেওঁ  হিন্দী চলচ্চিত্ৰৰ জগতত খোপনি পোতাৰ চেষ্টা চলাইছিল। সেই চেষ্টা এতিয়াও অব্যাহত আছে। 

মূলতঃ পৰ্ণ ষ্টাৰ হিচাবেই পৰিচিত ছানী লিয়নী বৰ্তমান কিহত ব্যস্ত? ছানী লিয়নী বৰ্তমান হিন্দী চিনেমাৰ শ্বুটিঙৰ লগতে প্ৰমোদ ভ্ৰমণত ব্যস্ত। সম্প্ৰতি তেওঁ মালদ্বীপলৈ গৈছে।মালদ্বীপৰ সাগৰৰ মনোৰম পৰিবেশত ছানী লিয়নীয়ে অৱসৰ সময় কটাই আছে।শেহতীয়াকৈ ইনষ্টাগ্ৰামত তেওঁ মালদ্বীপ ভ্ৰমণৰ ছবি শ্বেয়াৰ কৰিছে। ছবিত তেওঁক এটা ক'লা মনোকিনি পিন্ধি থকা দেখা গৈছে। ছানী লিয়নীৰ সন্মুখত পৰিষ্কাৰ পানীত এটা ডাঙৰ বাস্কেট ভাঁহি আছে। 

য’ত  বিভিন্ন ধৰণৰ খাদ্য আৰু পানীয় আছে। ছবিৰ শিৰোনামত তেওঁ লিখিছে, 'ব্ৰেকফাষ্ট এনিৱান?'ছানী লিয়নীৰ  লগত তেওঁৰ  পৰিয়াল আছে নে নাই সেই বিষয়ত অভিনেত্ৰীগৰাকীয়ে একো কথা প্ৰকাশ কৰা নাই।




শেহতীয়াকৈ ছানী লিয়নীয়ে এইবুলি দুখ প্ৰকাশ কৰিছে যে তেওঁ বলীউডৰ কেইবাখনো  চলচ্চিত্ৰত অভিনয় কৰাৰ পিছতো নতুনকৈ বলীউডত যিমান  কাম পাব বুলি ভাবিছিল সিমান পোৱা নাই। অৱশ্যে শেহতীয়াকৈ পৰিচালক  অনুৰাগ কাশ্যপে ছানীক অডিচনৰ বাবে মাতিছে। অভিনেত্ৰীগৰাকীয়ে নিজেই  পৰিচালকগৰাকীৰ সৈতে একেলগে ফটো শ্বেয়াৰ কৰি ভাল খবৰটো দিছিল। ছানিয়ে ২০১২ চনত পূজা ভাটৰ থ্ৰিলাৰ ' জিছম ২'ৰ জৰিয়তে বলীউডত খোজ পেলাইছিল। 

পিছত, তেওঁ 'জেকপট', 'ৰাগিণী এমএমএছ ২', 'এক পহেলি লীলা' আৰু 'মস্তিজাদে'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰে। ছানীক শেহতীয়াকৈ এমএক্স প্লেয়াৰ ৱেব চিৰিজ 'অনামিকা'ত মুখ্য চৰিত্ৰত  অভিনয় কৰা দেখা গৈছে। এই চিৰিজটো চলিত বছৰৰ আৰম্ভণিতে মুক্তি দিয়া হৈছিল। ছানীক পৰৱৰ্তী সময়ত অৰ্জুন ৰামপাল অভিনীত 'দ্য বেটেল অফ ভীমা কোৰেগাঁও'ৰ এটা গানত দেখা যাব। ছবিখনে ২০২৩ চনত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?