--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব চলচ্চিত্ৰ। আজি এই কথা ঘোষণা কৰিছে চলচ্চিত্ৰখনৰ প্ৰযোজকে। মহাবীৰ জৈনে লাইকা প্ৰডাকচনৰ উদ্যোগত চিনেমাখন প্ৰযোজনা কৰিব। লগতে আজি আহিব লগা চিনেমাখনৰ নামো ঘোষণা কৰিছে প্ৰযোজকে। প্ৰযোজকে ঘোষণা কৰা অনুসৰি আহিব লগা চিনেমাখনৰ নাম হ’ব ‘ফানকাৰ’। ছবিখন পৰিচালনা কৰিব ‘ফুক্ৰে’ খ্যাত পৰিচালক মৃঘদীপ সিং লাম্বাই। লাম্বাই এক বিবৃতিত কয়, ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ‘ফানকাৰ’ কপিল শৰ্মাৰ কাহিনী দৰ্শকৰ ওচৰলৈ আগবঢ়াই নিয়াৰ বাবে তেওঁ অপেক্ষা কৰি আছে। ‘আমাক সকলোকে প্ৰেম, জীৱন আৰু হাঁহিৰ প্ৰয়োজন। কপিল শৰ্মাৰ সৌজন্যত কোটি কোটি লোকে তেওঁলোকৰ দৈনিক ডোপামিনৰ পালি লাভ কৰে। আমি চিনেমাৰ পৰ্দাত কমেডি চুপাৰষ্টাৰ কপিল শৰ্মাৰ অকথিত কাহিনী উপস্থাপন কৰিবলৈ পাই গৌৰৱান্বিত’ বিবৃতি যোগে পৰিচালক মৃঘদীপ সিং লাম্বাই উল্লেখ কৰে। উল্লেখযোগ্য যে অমৃতসৰৰ পৰা অহা কপিল শৰ্মাই ২০০৭ চনত কমেডি ৰিয়েলিটি টেলিভিছন শ্ব' ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ জয় কৰাৰ পাছতেই এই ক্ষেত্ৰখনত খ্যাতি লাভ কৰিছিল। ৪০ বছৰীয়া কৌতুক অভিনেতাজনে ২০১৩ চনত কে ৯ প্ৰডাকচনৰ অধীনত নিজৰ অনুষ্ঠান ‘কমেডি নাইটছ উইথ কপিল’ মুকলি নকৰালৈকে ৰিয়েলিটি শ্ব'ৰ বাবে অভিনয় অব্যাহত ৰাখিছিল। এই প্ৰচেষ্টাই তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছিল। শৰ্মাই বৰ্তমান ‘দ্য কপিল শৰ্মা শ্ব’ৰ আয়োজন কৰিছে। তেওঁ ২০১৫ চনত আব্বাছ মস্তান পৰিচালিত ব্যংগাত্মক চলচ্চিত্ৰ ‘কিছ কিছ কো প্যাৰ কৰো’ৰ জৰিয়তে চলচ্চিত্ৰ অভিনয়ত প্ৰৱেশ কৰিছিল। তাৰ পাছত ঐতিহাসিক নাটক ‘ফিৰংগী’ত অভিনয় কৰিছিল কপিল শৰ্মাই। বৰ্তমান কপিল শৰ্মাৰ সকলো অনুৰাগীয়ে অহা ২৮ জানুৱাৰীত জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰিমিয়াৰ হ'ব লগা ‘কপিল শৰ্মা: আই এম নট ডান য়েট’ৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ