--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব চলচ্চিত্ৰ। আজি এই কথা ঘোষণা কৰিছে চলচ্চিত্ৰখনৰ প্ৰযোজকে। মহাবীৰ জৈনে লাইকা প্ৰডাকচনৰ উদ্যোগত চিনেমাখন প্ৰযোজনা কৰিব। লগতে আজি আহিব লগা চিনেমাখনৰ নামো ঘোষণা কৰিছে প্ৰযোজকে। প্ৰযোজকে ঘোষণা কৰা অনুসৰি আহিব লগা চিনেমাখনৰ নাম হ’ব ‘ফানকাৰ’। ছবিখন পৰিচালনা কৰিব ‘ফুক্ৰে’ খ্যাত পৰিচালক মৃঘদীপ সিং লাম্বাই। লাম্বাই এক বিবৃতিত কয়, ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ‘ফানকাৰ’ কপিল শৰ্মাৰ কাহিনী দৰ্শকৰ ওচৰলৈ আগবঢ়াই নিয়াৰ বাবে তেওঁ অপেক্ষা কৰি আছে। ‘আমাক সকলোকে প্ৰেম, জীৱন আৰু হাঁহিৰ প্ৰয়োজন। কপিল শৰ্মাৰ সৌজন্যত কোটি কোটি লোকে তেওঁলোকৰ দৈনিক ডোপামিনৰ পালি লাভ কৰে। আমি চিনেমাৰ পৰ্দাত কমেডি চুপাৰষ্টাৰ কপিল শৰ্মাৰ অকথিত কাহিনী উপস্থাপন কৰিবলৈ পাই গৌৰৱান্বিত’ বিবৃতি যোগে পৰিচালক মৃঘদীপ সিং লাম্বাই উল্লেখ কৰে। উল্লেখযোগ্য যে অমৃতসৰৰ পৰা অহা কপিল শৰ্মাই ২০০৭ চনত কমেডি ৰিয়েলিটি টেলিভিছন শ্ব' ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ জয় কৰাৰ পাছতেই এই ক্ষেত্ৰখনত খ্যাতি লাভ কৰিছিল। ৪০ বছৰীয়া কৌতুক অভিনেতাজনে ২০১৩ চনত কে ৯ প্ৰডাকচনৰ অধীনত নিজৰ অনুষ্ঠান ‘কমেডি নাইটছ উইথ কপিল’ মুকলি নকৰালৈকে ৰিয়েলিটি শ্ব'ৰ বাবে অভিনয় অব্যাহত ৰাখিছিল। এই প্ৰচেষ্টাই তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছিল। শৰ্মাই বৰ্তমান ‘দ্য কপিল শৰ্মা শ্ব’ৰ আয়োজন কৰিছে। তেওঁ ২০১৫ চনত আব্বাছ মস্তান পৰিচালিত ব্যংগাত্মক চলচ্চিত্ৰ ‘কিছ কিছ কো প্যাৰ কৰো’ৰ জৰিয়তে চলচ্চিত্ৰ অভিনয়ত প্ৰৱেশ কৰিছিল। তাৰ পাছত ঐতিহাসিক নাটক ‘ফিৰংগী’ত অভিনয় কৰিছিল কপিল শৰ্মাই। বৰ্তমান কপিল শৰ্মাৰ সকলো অনুৰাগীয়ে অহা ২৮ জানুৱাৰীত জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰিমিয়াৰ হ'ব লগা ‘কপিল শৰ্মা: আই এম নট ডান য়েট’ৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু