--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া নহয় বলীউডত এইবাৰ প্ৰেম বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মালাইকাৰ অ’ৰোৰা-অৰ্জুন কাপুৰৰ বিচ্ছেদৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে বলীউডত। এই খবৰৰ পাছতে হতবাক হৈ পৰিছে অনুৰাগীসকল। কেৱল সেয়াই নহয়, আৱেগিক মালাইকা সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও প্ৰকাশ পাইছে। নীৰৱে, নিজানে অকলশৰে দিন অতিবাহিত কৰিছে মালাইকাই। বিগত বৰ্ষৰ শেষৰ ফালে বিকি কৌশল-কেটৰিনা কাঈফৰ পাছত মালাইকা-অৰ্জুনৰ বিবাহৰো ছেহনাইৰ গুঞ্জন উঠিছিল। অলপতে,মালদ্বীপ ভ্ৰমণলৈ গৈছিল দুয়ো। দুয়োজন তাৰকাৰ ইনষ্টাগ্ৰাম ফটো আৰু ভিডিঅ’ৰে ভৰি পৰিছিল।এটি সাক্ষাৎকাৰত তেওঁলোকৰ প্ৰেমৰ বিষয়েও মুকলিকৈ প্ৰকাশ কৰিছিল। সৰ্বভাৰতীয় এটি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ‘মালাইকা-অৰ্জুনৰ ৪বছৰীয়া সম্পৰ্কত এতিয়া ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে। বিগত ৪দিন ধৰি ঘৰৰ বাহিৰলৈ ওলোৱা নাই মালাইকাই। আশংকা অনুসৰি, বিচ্ছেদৰ বাবে মানসিকভাৱে ভাগি পৰিছে মালাইকা। অৰ্জুনেও মালাইকাৰ কাষলৈ যোৱা নাই। মালাইকাৰ বিচ্ছেদৰ উৰাবাতৰিৰ মাজত মালাইকাই হট ফটোশ্বুটে এতিয়া সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে৷ নেটিজেনসকলক এতিয়া মালাইকাৰ সোণালী ৰঙৰ চকু ছাট মৰা পোছাকে দৃষ্টি আকৰ্ষণ কৰিছে৷ মালাইকাৰ এতিয়া প্ৰায় পঞ্চাশ বছৰ হৈছে। কিন্তু তেওঁৰ ফিটনেছ এতিয়াও সাইলাখ ২০-২৫ যুৱতীৰ নিছিনা৷ ফটো’শ্বুটত মালাইকাৰ চুটি পোছাকৰ সৈতে সেউজীয়া নিয়ন ৰঙৰ পাম্প চুট পিন্ধি আছে। তেওঁক এই পোছাকযোৰে যেন পুনৰ চিৰযৌৱন কৰি তুলিলে তুলিলে বুলি নেটিজেনসকলে ক’ৱ খোজে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু