--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বপিং মলৰ পৰা সাধাৰণ দোকানলৈকেকিউআৰ কোড এতিয়া দেশৰ  সকলো   স্থানতে সমাদৃত হৈ পৰিছে । নৰেন্দ্ৰ মোদীৰ সোপনৰ সমগ্ৰ  ডিজিটেল লেনদেন এতিয়া সমগ্ৰ ভাৰততে জনপ্ৰিয়  হৈ পৰিছে। ভাৰতৰ বাহিৰতো এইবাৰ ফ্ৰান্সলৈ গ’ল  ইউনিফাইড পেমেণ্টচ ইণ্টাৰফেচ অৰ্থাৎ ইউপিআই।। ফ্ৰান্স ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  শুক্ৰবাৰে  ফ্ৰান্সত প্ৰথম ইউপিআই আইফেল টাৱাৰত মুকলি কৰে।

এতিয়াৰে পৰা আইফেল টাৱাৰতো মানুহে ইউপিআই ব্যৱহাৰ কৰি ধনৰ ডিজিটেল লেন দেন কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য  চিঙ্গাপুৰত প্ৰথমে ইউপিআই প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল। পিছলৈ ভূটান, নেপাল, ইউ.এ.ইতো  এই ডিজিটেল মাধ্যমেৰে ধনৰ লেনদেন আৰম্ভ হয়। এইবাৰ এয়া  ফ্ৰান্সত গ্ৰহণ কৰা হ'ব। শুকুৰবাৰে ভাৰতীয় আৰু প্ৰবাসী ভাৰতীয়সকলৰ এক সমাৱেশ সম্বোধন কৰি মোদীয়ে কয়, "ফ্ৰান্সত ইউপিআই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এয়া  আইফেল টাৱাৰত উপলব্ধ হ’ব । ই ভাৰতীয় পৰ্যটকসকলক উপকৃত কৰিব। ''

তেওঁ এইবুলিও  দাবী কৰে  যে ফ্ৰান্সত ইউপিআইৰ প্ৰৱৰ্তনৰ ফলত সামগ্ৰিক  ধনৰ বিনিময়ত লেনদেন কৰাটো সহজ হৈ পৰিব। উল্লেখ্য কেন্দ্ৰই ২০১৬ চনৰ নৱেম্বৰত বিমুদ্ৰাকৰণৰ পিছত নগদবিহীন লেনদেনক উৎসাহিত কৰা আৰম্ভ কৰিছিল। সেই সময়ৰ পৰাই ইউ.পি.আই. যেনে গুগলপে, ফোনপে, পেটিএম ইত্যাদি দেশত জনপ্ৰিয় হৈ পৰে। 

এনে এপৰ ব্যৱহাৰ প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। ডিজিটেল ধনৰ লেনদেন বৃদ্ধি হোৱাৰ লগে লগে, ভাৰতত ভীম (ইণ্ডিয়াজ ইণ্টাৰফেচ ফৰ মানি) এপো মুকলি কৰা হৈছিল। ভাৰতত ব্যৱহৃত এই এপবোৰ এনপিচিআই (ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম)ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীলৈ ফ্ৰান্সলৈ গৈছে। তেওঁৰ ভ্ৰমণকালত বহু দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু বাণিজ্য চুক্তি স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ পৰা সংযুক্ত আৰব গণৰাজ্যলৈ যাব। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ