--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বপিং মলৰ পৰা সাধাৰণ দোকানলৈকেকিউআৰ কোড এতিয়া দেশৰ  সকলো   স্থানতে সমাদৃত হৈ পৰিছে । নৰেন্দ্ৰ মোদীৰ সোপনৰ সমগ্ৰ  ডিজিটেল লেনদেন এতিয়া সমগ্ৰ ভাৰততে জনপ্ৰিয়  হৈ পৰিছে। ভাৰতৰ বাহিৰতো এইবাৰ ফ্ৰান্সলৈ গ’ল  ইউনিফাইড পেমেণ্টচ ইণ্টাৰফেচ অৰ্থাৎ ইউপিআই।। ফ্ৰান্স ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  শুক্ৰবাৰে  ফ্ৰান্সত প্ৰথম ইউপিআই আইফেল টাৱাৰত মুকলি কৰে।

এতিয়াৰে পৰা আইফেল টাৱাৰতো মানুহে ইউপিআই ব্যৱহাৰ কৰি ধনৰ ডিজিটেল লেন দেন কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য  চিঙ্গাপুৰত প্ৰথমে ইউপিআই প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল। পিছলৈ ভূটান, নেপাল, ইউ.এ.ইতো  এই ডিজিটেল মাধ্যমেৰে ধনৰ লেনদেন আৰম্ভ হয়। এইবাৰ এয়া  ফ্ৰান্সত গ্ৰহণ কৰা হ'ব। শুকুৰবাৰে ভাৰতীয় আৰু প্ৰবাসী ভাৰতীয়সকলৰ এক সমাৱেশ সম্বোধন কৰি মোদীয়ে কয়, "ফ্ৰান্সত ইউপিআই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এয়া  আইফেল টাৱাৰত উপলব্ধ হ’ব । ই ভাৰতীয় পৰ্যটকসকলক উপকৃত কৰিব। ''

তেওঁ এইবুলিও  দাবী কৰে  যে ফ্ৰান্সত ইউপিআইৰ প্ৰৱৰ্তনৰ ফলত সামগ্ৰিক  ধনৰ বিনিময়ত লেনদেন কৰাটো সহজ হৈ পৰিব। উল্লেখ্য কেন্দ্ৰই ২০১৬ চনৰ নৱেম্বৰত বিমুদ্ৰাকৰণৰ পিছত নগদবিহীন লেনদেনক উৎসাহিত কৰা আৰম্ভ কৰিছিল। সেই সময়ৰ পৰাই ইউ.পি.আই. যেনে গুগলপে, ফোনপে, পেটিএম ইত্যাদি দেশত জনপ্ৰিয় হৈ পৰে। 

এনে এপৰ ব্যৱহাৰ প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। ডিজিটেল ধনৰ লেনদেন বৃদ্ধি হোৱাৰ লগে লগে, ভাৰতত ভীম (ইণ্ডিয়াজ ইণ্টাৰফেচ ফৰ মানি) এপো মুকলি কৰা হৈছিল। ভাৰতত ব্যৱহৃত এই এপবোৰ এনপিচিআই (ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম)ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীলৈ ফ্ৰান্সলৈ গৈছে। তেওঁৰ ভ্ৰমণকালত বহু দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু বাণিজ্য চুক্তি স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ পৰা সংযুক্ত আৰব গণৰাজ্যলৈ যাব। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস