--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মোজাম্মিলে দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে এখন ছুইফট গাড়ী জব্দ কৰে। এই গাড়ীখনৰ পৰা ক্রিংকভ এছাল্ট ৰাইফল, পাঁচ ৰাউণ্ড মেগজিন, ৮৩ ৰাউণ্ড গুলী, এটা পিষ্টল, দুটা খালী কার্টিজ উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্কঃ দেশত ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণৰ আন এক ষড়যন্ত্র আজি ব্যর্থ কৰে জম্মু আৰু কাশ্মীৰৰ আৰক্ষী আৰু ফৰিদাবাদৰ আৰক্ষীয়ে। তেওঁলোকৰ এক যুটীয়া অভিযানত জৈছ-ই-মহম্মদ আৰু আনছাৰ গজবাত-উল-হিন্দৰ সৈতে জড়িত আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদীয়ে দেশক ৰক্তাক্ত কৰাৰ এই ষড়যন্ত্র ফাদিল হয়।


আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰ জব্দ কৰা হৈছে। সন্ত্রাসবাদী নেটৱৰ্কৰ সৈতে জড়িত আঠটা সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত চিকিৎসক আৰু মৌলবীও আছে। গ্ৰেপ্তাৰ কৰা চিকিৎসককেইজনৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ আদিল আহমেদ আৰু মোজাম্মিল শ্বকীলৰ লগতে লক্ষ্ণৌৰ এগৰাকী মহিলা চিকিৎসকো আছে।


হাৰিয়ানাৰ ফৰিদাবাদত চলোৱা অভিযানৰ সময়ত আল ফালাহ বিশ্ববিদ্যালয়ৰ চিকিৎসক মোজাম্মিলক গ্ৰেপ্তাৰ কৰা হয়। চাৰে তিনি বছৰ ধৰি ফৰিদাবাদতে থকা মোজাম্মিল বিশ্ববিদ্যালয়ৰ চৌহদত চিকিৎসকৰূপে কৰ্মৰত আছিল।


মোজাম্মিলে দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে এখন ছুইফট গাড়ী জব্দ কৰে। এই গাড়ীখনৰ পৰা ক্রিংকভ এছাল্ট ৰাইফল, পাঁচ ৰাউণ্ড মেগজিন, ৮৩ ৰাউণ্ড গুলী, এটা পিষ্টল, দুটা খালী কার্টিজ উদ্ধাৰ কৰা হয়। এই গাড়ীখন বিশ্ববিদ্যালয়খনত কাম কৰা এগৰাকী মহিলা চিকিৎসকৰ। আনহাতে, আৰক্ষীয়ে মোজাম্মিলে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত ধৌজ এলেকাত তালাচী চলাই আঠটা ডাঙৰ আৰু চাৰিটা সৰু ছু্যুটকেছত ৩৬০ কিল'গ্রাম এম'নিয়াম নাইট্রেট উদ্ধাৰ কৰে। আই ই ডিত ব্যৱহাৰ কৰাৰ কাৰণে এই বিস্ফোৰকখিনি অনা হৈছিল।


ধৌজৰ এটা কোঠাৰ পৰা ইয়াৰ লগতে ২০টা টাইমাৰ, ২০টা বেটাৰী, তাঁৰ, ৰিমট, ধাতুৰ পাতল শ্বীট আৰু বাকী টকি উদ্ধাৰ কৰে। ইয়াৰ পাছত ফতেহপুৰ তগা গাঁৱত চলোৱা অভিযানত আন এক বৃহৎ সাফল্য লাভ কৰে। কালিৰ পৰা চলাই থকা তালাচী অভিযানৰ সময়ত ২৫৬৩ কিল'গ্রাম বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। প্রায় ৫০টা বস্তাত থকা এই বিস্ফোৰকখিনি আৰক্ষীয়ে ট্রাকত তাৰ পৰা লৈ যায়। ইয়াকে ধৰি মুঠ ২৯২৩ কিল'গ্রাম বিস্ফোৰক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে।


আৰক্ষীৰ মতে, এই বিস্ফোৰকখিনিও এম'নিয়াম নাইট্রেট আৰু ইয়াক আই ই ডি নির্মাণত ব্যৱহাৰ কৰাৰ কাৰণে অনা হৈছিল। আৰক্ষীয়ে এই সন্দৰ্ভত আন এজন চিকিৎসক আদিল আহমেদ ডাৰক গ্ৰেপ্তাৰ কৰে। ধৌজত বিস্ফোৰক উদ্ধাৰ কৰা কোঠাটো চিকিৎসক মোজাম্মিলে এজন মৌলানাৰ পৰা ভাৰাত লৈছিল। আৰক্ষীয়ে কালিৰ পুৱাৰ ভাগতে মৌলানা ইৰফান আদমেদক গ্ৰেপ্তাৰ কৰে। চিকিৎসক আদিল আহমেদ অনন্তনাগ জি এম চিৰ জ্যেষ্ঠ আৱাসিক চিকিৎসক আৰু তেওঁক যোৱা ২৭অক্টোবৰত সাহাৰানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁ দিয়া স্বীকাৰোক্তিৰ ভিত্তিত চিকিৎসক মোজাম্মিলক গ্ৰেপ্তাৰ কৰা হয়।


মোজাম্মিল শ্বকীল জন্ম আৰু কাশ্মীৰৰ পুলৱামাৰ বাসিন্দা। ইফালে, ফৰিদাবাদত সন্ত্রাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা আন এটা সন্ত্রাসবাদী ডাঃ মুজাফ্‌ফ্ফৰ আহমেদ ৰাথৰ পাকিস্তান বা আফগানিস্তানলৈ পলাই যায়। তেওঁৰ ভাতৃ ডাঃ আদিল আহমেদ ৰাথৰক গ্ৰেপ্তাৰ কৰা হৈছে। এই ষড়যন্ত্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ মহিলা চিকিৎসক শাহিন শাহিদক গ্ৰেপ্তাৰ কৰা হয়। শাহিন সন্ত্রাসবাদী সংগঠন জৈছ-ই-মহম্মদ আৰু আনছাৰ গজৱত-উল-হিন্দৰ সৈতে জড়িত বুলি জনা গৈছে। মহিলা চিকিৎসকগৰাকীৰ গাড়ীৰ পৰা ৰাইফল আৰু সজীৱ কার্টিজ উদ্ধাৰ কৰা হয়। তেওঁৰ গাড়ীখন চিকিৎসক মোজাম্মিলে ব্যৱহাৰ কৰে।


উল্লেখযোগ্য যে বিস্ফোৰকৰূপে ব্যৱহাৰ কৰা এম'নিয়াম নাইট্রেটক সন্ত্রাসবাদীয়ে সিহঁতৰ ভাষাত বগা পাউডাৰ বুলি কয়। সন্ত্রাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আন সন্দেহজনক সন্ত্রাসবাদীকেইটা হ'ল ক্রমে আৰিফ নিছাৰ ডাৰ ওৰফে সাহিল, য়াছিৰ-উল-আশ্রফ, মকছুদ আহমেদ ডাৰ ওৰফে শাহিদ আৰু জমীৰ আহমেদ অহাংগাৰ। সন্ত্রাসবাদীৰ এই চক্ৰটোৱে সামাজিক কল্যাণমূলক কাম-কাজৰ নামত ধন সংগ্ৰহ কৰি সন্ত্রাসবাদী কার্যকলাপত ব্যৱহাৰ কৰিছিল। আৰক্ষীয়ে সন্ত্রাসবাদীকেইটাৰ পৰা ইলেক্ট্রনিক সঁজুলি, ফ'ন আৰু ডিজিটেল ৰেকর্ডো জব্দ কৰিছে। সন্ত্ৰাবাদীৰ চক্ৰটোৱে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰৰ ৰচনা কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সন্ত্রাসবাদীকেইটাই বিদেশত থকা সিহঁতৰ নেতাৰ নিৰ্দেশ অনুসৰি কাম কৰি আছিল। সিহঁতে বিদেশত থকা নেতাৰ সৈতে সামাজিক মাধ্যম তথা এনক্রিপ্টেড চেনেলৰ জৰিয়তে যোগাযোগ ৰক্ষা কৰি আছিল।


আৰক্ষীৰ মতে, দেশৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সন্দৰ্ভত অধিক তথ্য সংবাদ মাধ্যমক জনোৱা হোৱা নাই। প্রতিৰক্ষা বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, এম'নিয়াম নাইট্রেট আৰ ডি এক্ৰ সমানেই বিপজ্জন। ৩০০ কিল'গ্রাম এম'নিয়াৰ জৰিয়তে এখন গাঁও বিধ্বস্ত কৰি পেলাব পাৰি আৰু ইয়াৰ প্রভাৱ কেইবা কিল'মিটাৰ দূৰলৈকে পৰে। ফৰিদাবাদত উদ্ধাৰ হোৱা বিস্ফোৰকখিনিৰে সমগ্ৰ মহানগৰখন বিধ্বস্ত কৰি পেলোৱাৰ ক্ষমতা আছে। সন্ত্রাসবাদীকেইটাক অবৈধ কার্যকলাপ প্রতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে কালি গুজৰাটৰ এ টি এছে আহমেদাবাদত তিনিটা সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰে। এই সন্ত্রাসবাদী তিনিটাৰ পৰা বিষাক্ত ৰাসায়নিক ৰিচিন জব্দ কৰা হৈছিল। তাৎপর্যপূর্ণ কথাটো হ'ল গুজৰাট এ টি এছে গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদী তিনিটাৰ এটা চিকিৎসক।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু