--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভেজালৰ বাবে পাম তেল, পামৰ গুটিৰ তেল আৰু পাম 'লিন মিলোৱা হৈছিল। এই দ্রব্যবোৰ 'বেটা-কেৰ'টিন, এছিটিক এচিড ইষ্টাৰ, ঘিউৰ সুগন্ধিৰ সৈতে ন্যূনতম পৰিমাণৰ ঘিউৰ সৈতে মিহলোৱা হৈছিল

ডিজিটেল ডেস্কঃ অন্ধ্র প্রদেশৰ তিৰুপতি জিলাৰ তিৰুমালাৰ শ্রী ভেংকটেশ্বৰ স্বামী মন্দিৰলৈ ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ২৫০.৮০ কোটি টকা মূল্যৰ ভেজাল ঘিউ যোগান ধৰা হৈছিল। মন্দিৰটোৰ প্ৰখ্যাত 'লাড্ডু প্রসাদম' ভেজালকৰণ বিষয়ত তদন্ত কৰিবলৈ গঠিত বিশেষ অনুসন্ধান গোটৰ (এছ আই টি) তদন্তত এই কথা প্রকাশ পাইছে।


উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত উক্ত এছ আই টি গঠন কৰা হৈছিল। এছ আই টিৰ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে উক্ত ভেজাল ঘিউ যোগান ধৰিছিল হৰ্ষ ফ্ৰেছ ডেইৰী প্ৰডাক্টছ বা ভোলে বাবা অৰগেনিক ডেইৰী মিল্ক প্রাইভেট লিমিটেডে। ইয়াৰ উপ কোম্পানীসমূহ হৈছে-বৈষ্ণৱী ডেইৰী স্পেচিয়েলিটিজ প্রাইভেট লিমিটেড, মলগংগা মিল্ক এণ্ড এগ্র' প্রডাক্টছ প্রাইভেট লিমিটেড আৰু এ আৰ ডেইৰী ফুচ্ছ প্রাইভেট লিমিটেড। এছ আই টিৰ বিষয়াৰ মতে উত্তৰাখণ্ডৰ ৰুৰকীৰ সমীপৰ ভগৱানপুৰৰ এটা প্রকল্পত উক্ত ভেজালকৰণ হৈছিল।

ভেজালৰ বাবে পাম তেল, পামৰ গুটিৰ তেল আৰু পাম 'লিন মিলোৱা হৈছিল। এই দ্রব্যবোৰ 'বেটা-কেৰ'টিন, এছিটিক এচিড ইষ্টাৰ, ঘিউৰ সুগন্ধিৰ সৈতে ন্যূনতম পৰিমাণৰ ঘিউৰ সৈতে মিহলোৱা হৈছিল।' উল্লেখযোগ্য যে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাই ডুবে ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত অমৰাৱতীত এন ডি এৰ এখন সভাত তিৰুপতিৰ মন্দিৰৰ প্ৰসাদৰ লাড্ডুৰ ভেজালকৰণৰ কথা প্রকাশ কৰাৰ পাছত উক্ত বাতৰিয়ে ৰাষ্ট্ৰজুৰি দৃষ্টি আকৰ্ষণ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ