--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভেজালৰ বাবে পাম তেল, পামৰ গুটিৰ তেল আৰু পাম 'লিন মিলোৱা হৈছিল। এই দ্রব্যবোৰ 'বেটা-কেৰ'টিন, এছিটিক এচিড ইষ্টাৰ, ঘিউৰ সুগন্ধিৰ সৈতে ন্যূনতম পৰিমাণৰ ঘিউৰ সৈতে মিহলোৱা হৈছিল

ডিজিটেল ডেস্কঃ অন্ধ্র প্রদেশৰ তিৰুপতি জিলাৰ তিৰুমালাৰ শ্রী ভেংকটেশ্বৰ স্বামী মন্দিৰলৈ ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ২৫০.৮০ কোটি টকা মূল্যৰ ভেজাল ঘিউ যোগান ধৰা হৈছিল। মন্দিৰটোৰ প্ৰখ্যাত 'লাড্ডু প্রসাদম' ভেজালকৰণ বিষয়ত তদন্ত কৰিবলৈ গঠিত বিশেষ অনুসন্ধান গোটৰ (এছ আই টি) তদন্তত এই কথা প্রকাশ পাইছে।


উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত উক্ত এছ আই টি গঠন কৰা হৈছিল। এছ আই টিৰ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে উক্ত ভেজাল ঘিউ যোগান ধৰিছিল হৰ্ষ ফ্ৰেছ ডেইৰী প্ৰডাক্টছ বা ভোলে বাবা অৰগেনিক ডেইৰী মিল্ক প্রাইভেট লিমিটেডে। ইয়াৰ উপ কোম্পানীসমূহ হৈছে-বৈষ্ণৱী ডেইৰী স্পেচিয়েলিটিজ প্রাইভেট লিমিটেড, মলগংগা মিল্ক এণ্ড এগ্র' প্রডাক্টছ প্রাইভেট লিমিটেড আৰু এ আৰ ডেইৰী ফুচ্ছ প্রাইভেট লিমিটেড। এছ আই টিৰ বিষয়াৰ মতে উত্তৰাখণ্ডৰ ৰুৰকীৰ সমীপৰ ভগৱানপুৰৰ এটা প্রকল্পত উক্ত ভেজালকৰণ হৈছিল।

ভেজালৰ বাবে পাম তেল, পামৰ গুটিৰ তেল আৰু পাম 'লিন মিলোৱা হৈছিল। এই দ্রব্যবোৰ 'বেটা-কেৰ'টিন, এছিটিক এচিড ইষ্টাৰ, ঘিউৰ সুগন্ধিৰ সৈতে ন্যূনতম পৰিমাণৰ ঘিউৰ সৈতে মিহলোৱা হৈছিল।' উল্লেখযোগ্য যে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাই ডুবে ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত অমৰাৱতীত এন ডি এৰ এখন সভাত তিৰুপতিৰ মন্দিৰৰ প্ৰসাদৰ লাড্ডুৰ ভেজালকৰণৰ কথা প্রকাশ কৰাৰ পাছত উক্ত বাতৰিয়ে ৰাষ্ট্ৰজুৰি দৃষ্টি আকৰ্ষণ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু