--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিয়ে শাসন কৰা দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য খনৰ পৰা ক্ষমতাচ্যুত হ’ল বিজেপি। নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ গঠনৰ বাট প্ৰশস্ত কৰিলে। আনহাতে অতি দুখ লগা ভাবে পৰাভূত হ’ল বিজেপি। এই মুহূৰ্তত কংগ্ৰেছে মেজিক নম্বৰ ১১৩ অতিক্ৰম কৰি ১১৯ খন আসন লাভ কৰিছে। একেদৰে ১৭ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। আনহাতে বিজেপিয়ে ৫৫ খন আসনত বিজয় সাৱস্ত্য কৰিছে। দলটোৱে ৯ খন আসনত আগবাঢ়ি আছে। 

 আনহাতে বিজেপিয়ে ৫৩ খন আসনত বিজয় সাৱস্ত্য কৰিছে। দলটোৱে ১১ খন আসনত আগবাঢ়ি আছে। জেডিএছে  ১৭ খন আসনত বিজয়ী হৈছে। কৰ্ণাটকে অনাগত দিনত সমগ্ৰ দেশক পথ প্ৰদৰ্শন কৰিব বুলি এতিয়া বহুতেই চৰ্চা কৰিছে। প্ৰসিদ্ধ অৰ্থনীতিবিদ কৌশিক বসুৱে দাবী কৰিছে যে দক্ষিণৰ ৰাজ্যখনৰ নিৰ্বাচনৰ ফলাফল এতিয়া  স্পষ্ট হৈ পৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে বহু দিন আগতেই এনে ফলাফলৰ ভৱিষ্যতবাণী কৰিছিল।

দৰাচলতে কৰ্ণাটক সদায় ৰাজনৈতিকভাৱে সচেতন ৰাজ্য হিচাবে পৰিচিত হৈ আহিছে। একে সময়তে দক্ষিণৰ ৰাজ্যখনৰ এক বৃহৎ অংশত হিন্দুত্বৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত যদিও বিজেপিয়ে সেইসকল ভোটাৰক এইবাৰ মুহিব নোৱাৰিলে।   বিজেপিয়ে একমাত্ৰ দক্ষিণৰ ৰাজ্যখনত চাৰিবাৰ শাসন কৰিছে। এইবাৰো গেৰুৱা দলটোৱে বিধানসভা নিৰ্বাচনৰ বাবে ইয়াৰ প্ৰচাৰত হিন্দুত্ব আৰু ধৰ্মীয় বিভাজনক অস্ত্ৰ-শস্ত্ৰৱ হিচাবে  ব্যৱহাৰ কৰাৰ  চেষ্টা কৰিছিল বুলি বহুতে আলোচনা কৰিছে। গেৰুৱা দলটো নিৰ্বাচনৰ আগতে প্ৰায় এবছৰ ধৰি হিজাব আৰু হালালৰ দৰে বিষয়কলৈ ব্যস্ত আছিল। নিৰ্বাচনী প্ৰচাৰৰ একেবাৰে শেষত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতিকলৈ কংগ্ৰেছক চোকা সমালোচনা কৰিছিল ।

আনহাতে কংগ্ৰেছে বিজেপিৰ মেৰুকৰণৰ ফান্দত ভৰি নিদি আৰু মুখ্যতঃ ৰুটি-কাপড়া-মকানৰ বিষয়কলৈ  নিৰ্বাচনত যুঁজ দিছিল। ৰাজ্যখনৰ অৰ্থনীতি, নিবনুৱা সমস্যা, আৰু সৰ্বোপৰি দুৰ্নীতিৰ বিষকলৈ কংগ্ৰেছে ভোটাৰৰ কাষ চাপিছিল। কংগ্ৰেছৰ 'পেচিএম' শ্লোগান, '৪০ শতাংশৰ চৰকাৰ', সকলোবোৰ মুখ্যতঃ অৰ্থনীতি কেন্দ্ৰিক আছিল। আনকি ভোটগ্ৰহণৰ দিনাও কংগ্ৰেছ কৰ্মীসকলে ভোটকেন্দ্ৰলৈ যোৱাৰ আগতে গেছ চিলিণ্ডাৰৰ পূজা কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। অৰ্থাৎ, কংগ্ৰেছে সম্পূৰ্ণৰূপে জনসাধাৰণৰ অৰ্থনৈতিক সমস্যাৰ বিষয়ত গুৰুত্ব দি ভোটাৰক আশ্বস্ত কৰিব বিচাৰিছিল।

কৌশিক বসু আৰু ৰঘুৰাম ৰাজনৰ দৰে অৰ্থনীতিবিদসকলে দীৰ্ঘদিন ধৰি কৈ আহিছে যে ধৰ্মৰ নামত অস্থিৰতাই প্ৰকৃততে দেশৰ অৰ্থনীতিক পিছলৈ ঠেলি দিছে। ৰঘুৰাম ৰাজনেও বিজেপিৰ ধৰ্মীয় বিভাজন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ভাৰত যোড়ো যাত্ৰাত ভাগ লৈছিল। তেওঁ এতিয়াও কৈছে যে চৰকাৰে বিভাজন পাহৰি অৰ্থনীতি উন্নত কৰাৰ বিষয়ে চিন্তা কৰা উচিত। কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলত সেয়া  স্পষ্ট হৈ পৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস