--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভোগবাদী মানসিকতাৰ ভয়ংকৰ ৰূপ! মানসিক স্খলন আৰু অসহনশীলতাৰ চূড়ান্ত ৰূপৰ প্ৰতিফলন দেখা গল আজি উত্তৰ প্ৰদেশত৷ ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ নকৰাৰ বাবে উত্তৰ প্ৰদেশত হত্যাৰ বলি হল এগৰাকী কিশোৰী৷

উত্তৰ প্ৰদেশ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, অভিযুক্তজনে বিয়াৰ চিঠি এখন লৈ ছোৱালীজনীৰ ঘৰলৈ আহিছিল আৰু ছোৱালীজনীয়ে ইয়াক সংগ্ৰহ কৰিবলৈ তেওঁৰ ফালে যোৱাৰ সময়ত ছোৱালীগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে অভিযুক্তজনে৷

তাৰ কাৰণ হিচাপে জানিব পৰা গৈছে যে, চিয়েল মিডিয়াত তেওঁৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ নকৰাৰ বাবে বিৰক্ত হৈ এগৰাকী কিশোৰে এগৰাকী ১৬বছৰীয়া কিশোৰীক হত্যা কৰে আৰু তেওঁৰ মাতৃক আঘাত কৰে বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰে।

অভিযুক্ত ৰবি মুজাফানগৰৰ বাসিন্দা বুলি আৰক্ষী অধীক্ষক মাৰ্তন্দ প্ৰকাশ সিঙে জানিবলৈ দিয়ে৷ ফৰিদাবাদৰ কাৰখানাৰ নিৰাপত্তাকৰ্মী ছোৱালীজনীৰ দেউতাক তেজবীৰ সিঙৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হৈছে বুলি ষ্টেচন হাউচ বিষয়া অজয় কৌশলে কয়।

ঘটনাটো কালি হাইৱেআৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত নাগলা বোহৰা গাঁৱত সংঘটিত হৈছিল৷ বিয়াৰ চিঠি দিবলৈ আহি অভিযুক্তজনে কিশোৰীগৰাকীক আক্ৰমণ কৰে আৰু যেতিয়া তেওঁৰ মাক সুনীতাই কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ আহিছিল, ৰবিয়ে ছোৱালীগৰাকীৰ মাতৃকো আক্ৰমণ কৰিছিল বুলি বিষয়াজনে লগতে সদৰী কৰে৷

পিছত তেওঁ চুৰিৰে নিজকে হত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলি এছপিয়ে প্ৰকাশ কৰিছে৷ তেওঁৰ অভিযোগত, তেজবীৰে অভিযোগ কৰিছিল যে ৰবিয়ে তেওঁৰ জীয়েকক হত্যা কৰিছিল কিয়নো তাই ফেচবুকত তেওঁৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৪ দালাই লামাৰ পৱিত্ৰ জন্ম দিৱসত কৈলাশ শৰ্মা সম্বৰ্ধিত
লেখক শান্তনু তামুলীৰ 'জয় ইন দ্য জাংগল 'লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
ফাষ্টটেগৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ
সাৱধান! ChatGPTক এইসমূহ প্ৰশ্ন কৰিলে বিপদত পৰিব আপুনি...
উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণ ; আকস্মিক বানত ২জন শ্ৰমিকৰ মৃত্যু, ৭জন সন্ধানহীন
মৰাণৰ দৰে বৰমা-টিহু, নগাঁও-লামডিং পথতো হ'ব জৰুৰী অৱতৰণ প্ৰকল্প