--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভোগবাদী মানসিকতাৰ ভয়ংকৰ ৰূপ! মানসিক স্খলন আৰু অসহনশীলতাৰ চূড়ান্ত ৰূপৰ প্ৰতিফলন দেখা গল আজি উত্তৰ প্ৰদেশত৷ ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ নকৰাৰ বাবে উত্তৰ প্ৰদেশত হত্যাৰ বলি হল এগৰাকী কিশোৰী৷

উত্তৰ প্ৰদেশ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, অভিযুক্তজনে বিয়াৰ চিঠি এখন লৈ ছোৱালীজনীৰ ঘৰলৈ আহিছিল আৰু ছোৱালীজনীয়ে ইয়াক সংগ্ৰহ কৰিবলৈ তেওঁৰ ফালে যোৱাৰ সময়ত ছোৱালীগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে অভিযুক্তজনে৷

তাৰ কাৰণ হিচাপে জানিব পৰা গৈছে যে, চিয়েল মিডিয়াত তেওঁৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ নকৰাৰ বাবে বিৰক্ত হৈ এগৰাকী কিশোৰে এগৰাকী ১৬বছৰীয়া কিশোৰীক হত্যা কৰে আৰু তেওঁৰ মাতৃক আঘাত কৰে বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰে।

অভিযুক্ত ৰবি মুজাফানগৰৰ বাসিন্দা বুলি আৰক্ষী অধীক্ষক মাৰ্তন্দ প্ৰকাশ সিঙে জানিবলৈ দিয়ে৷ ফৰিদাবাদৰ কাৰখানাৰ নিৰাপত্তাকৰ্মী ছোৱালীজনীৰ দেউতাক তেজবীৰ সিঙৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হৈছে বুলি ষ্টেচন হাউচ বিষয়া অজয় কৌশলে কয়।

ঘটনাটো কালি হাইৱেআৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত নাগলা বোহৰা গাঁৱত সংঘটিত হৈছিল৷ বিয়াৰ চিঠি দিবলৈ আহি অভিযুক্তজনে কিশোৰীগৰাকীক আক্ৰমণ কৰে আৰু যেতিয়া তেওঁৰ মাক সুনীতাই কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ আহিছিল, ৰবিয়ে ছোৱালীগৰাকীৰ মাতৃকো আক্ৰমণ কৰিছিল বুলি বিষয়াজনে লগতে সদৰী কৰে৷

পিছত তেওঁ চুৰিৰে নিজকে হত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলি এছপিয়ে প্ৰকাশ কৰিছে৷ তেওঁৰ অভিযোগত, তেজবীৰে অভিযোগ কৰিছিল যে ৰবিয়ে তেওঁৰ জীয়েকক হত্যা কৰিছিল কিয়নো তাই ফেচবুকত তেওঁৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ