ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ড। ফেচবুকত নিজৰ চেহেৰাৰ দৰে মিল থকা এগৰাকী যুৱতীৰ সন্ধান কৰিলে এগৰাকী যুৱতীয়ে। তাৰপাছত সেই যুৱতীগৰাকীক কৰা হ'ল হত্যা। ইয়াৰ আঁৰৰ কাৰণ জানিলে আপুনি স্তম্ভিত হৈ পৰিব। এই ঘটনা জাৰ্মানীৰ মিউনিখ চহৰৰ।
ঘটনা অনুসৰি ৰাজপথত এখন মাৰ্চিডিজ গাড়ীৰ ভিতৰত এগৰাকী যুৱতীৰ তেজেৰে লুটুৰি-পুতুৰি হৈ থকা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। যুৱতীগৰাকীৰ মুখমণ্ডলত ৫০ বাৰতকৈও অধিক চুৰীৰ আঘাত দেখা পোৱা গৈছিল। যাৰবাবে যুৱতীগৰাকীৰ মুখখন চিনিব পৰা অৱস্থাত নাছিল। আৰক্ষীয়ে গাড়ীৰ নম্বৰৰ অনুসন্ধান কৰি দেখে যে সেই গাড়ীখন শ্বহৰবান কে নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীৰ। আৰক্ষী শ্বহৰবান কেৰ ঘৰত উপস্থিত হয়।

শ্বহৰবান কে
পৰিয়ালৰ লোকে জনায় যে শ্বহৰবান আগদিনাৰ পৰা ঘৰত নাই। আৰক্ষীৰ সৈতে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দেখি কয় যে সেয়া শ্বহৰবানৰে মৃতদেহ। যুৱতীগৰাকীৰ মুখমণ্ডল চিনিব পৰা অৱস্থাত নাছিল কিন্তু চুলিৰ ৰং আৰু দৈৰ্ঘ্য, শাৰীৰিক উচ্চতা দেখি পৰিয়ালৰ লোকে সেই মৃতদেহ শ্বহৰবানৰে বুলি জনায় আৰক্ষীক। আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ডিএনএ টেষ্ট কৰায়। তাত ধৰা পৰে যে সেই মৃতদেহ শ্বহৰবান কেৰ নহয়। আৰক্ষী এইবাৰ বিমোৰত পৰিল মৃতদেহটো শ্বহৰবানৰ নহয় যদি কাৰ তেন্তে? আৰু শ্বহৰবান গ'ল ক'লৈ? আৰক্ষীয়ে এইবাৰ শ্বহৰবান কেৰ ছ'চিয়েল মিডিয়া একাউণ্ট পৰীক্ষা কৰাত লাগিল। তাত ধৰা পৰে যে শ্বহৰবান এগৰাকী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।
শ্বহৰবান কেৰ ফ্ৰেণ্ড লিষ্টখন পৰীক্ষা কৰোতে আৰক্ষীৰ চকুত পৰে শ্বহৰবানৰ দৰে চেহেৰাৰ মিল থকা এগৰাকী যুৱতীৰ একাউণ্ট। যুৱতীগৰাকীৰ নাম খদিজা অ। এইবাৰ খদিজাৰ সন্ধানত নামি পৰিল আৰক্ষী। আৰক্ষীৰ অনুসন্ধানত ধৰা পৰে যে খদিজা দুদিন ধৰি সন্ধানহীন হৈ আছে আৰু পৰিয়ালৰ লোকে তেওঁৰ নিৰুদ্দেশ হোৱাৰ এজাহাৰো দাখিল কৰি থৈছে থানাত। এইবাৰ ডিএনএ টেষ্টত ধৰা পৰে যে সেই মৃতদেহ খদিজাৰ। আৰক্ষীয়ে পুনৰ শ্বহৰবান কেৰ সন্ধানত নামি পৰে। শ্বহৰবানৰ গাড়ীত কেনেকৈ উদ্ধাৰ হ'ল খদিজাৰ মৃতদেহ? শ্বহৰবানৰ প্ৰেমিক শ্বেকিৰ কেক প্ৰথমে আটক কৰে আৰক্ষীয়ে। শ্বেকিৰৰ জৰিয়তে আৰক্ষীয়ে শ্বহৰবানৰ সন্ধান লাভ কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে।

খদিজা অ
আৰক্ষীৰ জেৰাত শ্বহৰবানে খদিজাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে সুধিলে যে তেওঁ কিয় এনে কৰিলে? শ্বহৰবানে জনায় যে তেওঁ পৰিয়ালৰ সদস্যসকলৰ ওপৰত ক্ষোভিত আছিল। শ্বহৰবানে কয়, "মই বয়ফ্ৰেণ্ড শ্বেকিৰক বহুত ভাল পাওঁ। মোৰ পৰিয়ালৰ লোকে যেতিয়া এই বিষয়ে গম পালে, তেতিয়া তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিলে। তেওঁলোকে মোক শ্বেকিৰৰ পৰা আঁতৰি থাকিবলৈ ক’লে। কিন্তু মই শ্বেকিৰৰ পৰা আঁতৰি থাকিব বিচৰা নাছিলোঁ। সেইবাবেই মই শ্বেকিৰৰ লগত এক গোপন জীৱন যাপনৰ পৰিকল্পনা কৰিলোঁ। কিন্তু মই যদি জীয়াই থাকোঁতে এই কামটো কৰিলোহেঁতেন তেন্তে মোৰ পৰিয়ালৰ লোকে চাগে মোক তেওঁৰ পৰা আঁতৰাই আনিলেহেঁতেন। সেইবাবেই মই এটা পৰিকল্পনা কৰিলোঁ।"
শ্বহৰবানে লগতে কয়, “মই শ্বেকিৰক কৈছিলো যে মই পৃথিৱীৰ চকুত মৰি যোৱাটো ভাল হ’ব। তেতিয়া মোৰ পৰিয়ালৰ মানুহেও মোক তোমাৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰিব। মই মোৰ সৈতে মিল থকা ছোৱালী এজনী বিচাৰি উলিয়াই তাইক হত্যা কৰাৰ পৰিকল্পনা কৰিলো। আৰু ছোৱালীজনীৰ মুখখন নষ্ট কৰাৰ কথা ভাবিলো। ইয়াৰ দ্বাৰা সকলোৱে অনুভৱ কৰিব যে শ্বহৰবানৰ মৃত্যু ঘটিছে। তাৰপাছত শ্বহৰবানে ছ’চিয়েল মিডিয়াত তেওঁৰ দৰে ছোৱালী বিচাৰিবলৈ আৰম্ভ কৰিলে।

শ্বেকিৰ কে
এনে সময়তে তেওঁ ছ’চিয়েল মিডিয়াত খদিজাক বিচাৰি পায়। উচ্চতাৰ পৰা চেহেৰালৈকে শ্বেহৰবানৰ সৈতে বহু পৰিমাণে মিল আছিল খদিজাৰ। শ্বেহৰবানে প্ৰথমে তেওঁৰ লগত বন্ধুত্ব কৰিছিল। তাৰ পিছত এদিন তেওঁক লগ কৰিবলৈ মাতিলে। খদিজা আহিল শ্বেহৰবানক লগ কৰিবলৈ। শ্বহৰবান আৰু প্ৰেমিক শ্বেকিৰে খদিজাক গাড়ী এখনত উঠাই এক নিজান স্থানলৈ লৈ যায়। তাৰপাছত তেওঁলোকে ডিঙি চেপি হত্যা কৰিলে খদিজাক। পিছত খদিজাৰ মুখখন চুৰীৰে বিকৃত কৰা হয় যাতে তেওঁক চিনাক্ত কৰিব পৰা নাযায়।
শ্বহৰবানৰ এই বক্তব্যৰ পাছতে শ্বেকিৰ আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়। দুয়োকে আদালতত হাজিৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছে। এই গোচৰটো এতিয়াও আদালতত চলি আছে।