--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীৰ আটাইতকৈ পুৰণি চহৰবোৰৰ কথা ক’লে এথেন্সৰ নামটো বহুতৰে মনত আহে । ইয়াক ইউৰোপৰ আটাইতকৈ পুৰণি চহৰ বুলি গণ্য কৰা হয়। কিন্তু বিশ্বৰ প্ৰথমখন চহৰৰ কথা ক’বলৈ গ’লে এক গৱেষণাৰ মতে তুৰস্কৰ চেটাল হুয়ুক চহৰক বিশ্বৰ প্ৰথমখন চহৰ বুলি গণ্য কৰা হয়। গৱেষণাত দেখা গ’ল যে বিশ্বৰ প্ৰথম চহৰখনত ৯ হাজাৰ বছৰৰ আগতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৭০০০ চনত বসতি স্থাপন কৰা হৈছিল।

প্ৰায় ৬৫ ​​বছৰ আগতে ১৯৫৮ চনত তেতিয়া চেটাল হোয়ুক আৱিষ্কাৰ হৈছিল। এই চহৰখন তেতিয়া আৱিষ্কাৰ হৈছিল যেতিয়া জেমছ মেলাৰ্ট নামৰ বৃটিছ অভিযাত্ৰীজনে যেতিয়া প্ৰথম এই স্থানত খন্দা আৰম্ভ কৰিছিল।  মেলাৰ্টৰ দলটোৱে অতি সোনকালেই বিশ্বৰ প্ৰথমখন চহৰৰ আৱাসিক গঠন উন্মোচন কৰিবলৈ আৰম্ভ কৰিলে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তদন্তকাৰীসকল হয়তো সলনি হৈছে, কিন্তু চেটাল হোয়ুক বিচাৰি উলিওৱা দলটোৰ গৱেষণামূলক কাম আজিও অব্যাহত আছে। সেই সময়ৰ স্থাপত্য আৰু ৰীতি-নীতিৰ প্ৰতি গৱেষকসকলৰ আগ্ৰহ বছৰৰ পিছত বছৰ ধৰি বাঢ়ি গৈ আছে।

কোৱা হয় যে ইয়াত ঘৰবোৰত কোনো দুৱাৰ নাছিল, ঘৰবোৰত সোমাবলৈ আৰু ওলাবলৈ বাটটো কেৱল চালৰ মাজেৰেহে আছিল। এই স্থানৰ খননৰ সময়ত উদ্ধাৰ হোৱা অৱশিষ্টৰ পৰা জানিব পৰা গৈছে যে ইয়াত ঘৰৰ মাজত কোনো পথ বা ৰাস্তা নাছিল।  ইয়াৰ মানুহে ইজনে সিজন ঘৰলৈ চালৰ অৰ্থাৎ চাদৰ  ওপৰেৰে গৈছিল। আৰু চিৰিৰে বাহিৰলৈ ওলাই আহিছিল। ইয়াৰ প্ৰতিটো ঘৰতে দুটা কোঠা আছিল। য’ত শস্য ৰখাৰ বাবে ব্যৱহাৰ কৰা কোঠা এটা আছিল, ইয়াক পাকঘৰ বুলিও গণ্য কৰিব পাৰি। বাকী কামবোৰ আনটো কোঠাতে হৈছিল।

চেতাল হোয়ুকৰ মানুহে ঘৰৰ ভিতৰত উপযুক্ত ঠাই বিচাৰি মৃত আত্মীয়ক সমাধিস্থ কৰিছিল। গৱেষণাৰ পৰা এইটোও পোহৰলৈ আহিছে যে পৃথিৱীৰ এই প্ৰথম চহৰখনত নাৰী আৰু পুৰুষৰ মৰ্যাদা সমান আছিল। আগতে দুয়োজনে সকলো কাম একেলগে কৰিছিল। মধ্য তুৰস্কৰ এই স্থানত কৰা গৱেষণাৰ ওপৰতো বিতৰ্কৰ সৃষ্টি হৈছিল। ১৯৬৫ চনত গৱেষণাৰ কাম বন্ধ কৰিবলগীয়া হৈছিল।  খবৰ অনুসৰি ১৯৯৩ চনত পুনৰ খনন আৰম্ভ হৈছিল, যেতিয়া এই চহৰৰ মুখখন পৰিষ্কাৰ কৰিব পৰা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা