--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে ঘৰত ঘৰত জাহাজৰ প্ৰতিকৃতি ৰাখে। জাহাজৰ প্ৰতিকৃতি ফেংছুইৰ মতে সৌভাগ্যৰ প্ৰতীক। আজিকালি বজাৰত ধাতু, কাঠ, বাঁহ আদিৰে নিৰ্মাণ কৰা জাহাজৰ বিভিন্ন ধৰণৰ সুদৃশ্য প্ৰতিকৃতি কিনিবলৈ পোৱা যায় । এনেধৰণৰ প্ৰতিকৃতি যদি ঘৰৰ বিভিন্ন কোঠাত সজাই ৰখা হয় তেন্তে সেয়া সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হৈ পৰে। থকা ঘৰৰ লগতে কাৰ্যালয় আদিতো যদি জাহাজৰ প্ৰতিকৃতি ৰখা হয় তেন্তে অতি বিস্ময়কৰভাৱে সুখ আৰু সমৃদ্ধিয়ে আহি সকলোৰে লগ দিব।

অৱশ্যে জাহাজৰ প্ৰতিকৃতি পোনে পোনে বজাৰৰ পৰা কিনি আনি যিকোনো অৱস্থানত ঘৰত সজাই ৰাখিলেই সমৃদ্ধি নাহিব। জাহাজৰ প্রতিকৃতিৰ সন্মুখভাগ অর্থাৎ মুখ যাতে ঘৰৰ বাহিৰৰ দিশে নাথাকে সেই কথালৈ মন দিব লাগিব। জাহাজৰ সন্মুখভাগ যদি ঘৰৰ বাহিৰৰ দিশে ৰখা হয় তেন্তে সমৃদ্ধিয়ে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ সলনি বাহিৰলৈহে যাব। 

সেয়ে জাহাজৰ সন্মুখভাগ ঘৰৰ ভিতৰৰ দিশে ৰাখিব লাগে যেন জাহাজখন ঘৰৰ ভিতৰলৈহে আহি আছে। টাইটানিক জাহাজৰ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু ঘটিছিল। আজিকালি বজাৰত টাইটানিক জাহাজৰ বহু প্ৰতিকৃতি পোৱা যায়। কিন্তু এনে টাইটানিক জাহাজৰ প্ৰতিকৃতি ঘৰত কেতিয়াও নাৰাখিব। দুৰ্ঘটনাত পতিত হোৱা জাহাজৰ প্ৰতিকৃতিয়ে শুভ ফলৰ সলনি অশুভ ফলহে দিব। 

সেয়ে জাহাজৰ মডেল নির্বাচন কৰোঁতে সাৱধান হ'ব। ঘৰত ৰাখিব বিচৰা জাহাজখনৰ আহি যাত্রীবাহী জাহাজৰ সলনি মাল পৰিবাহী জাহাজৰ আহি হ'লে বেছি ভাল হয়। জাহাজৰ লগত আপুনি কেতবোৰ নকল সোণৰ মুদ্ৰাও একেলগে ৰাখিব পাৰে । যদি নকল সোণৰ মুদ্ৰা পোৱা নাযায় তেন্তে সাধাৰণ মুদ্রাকেই জাহাজৰ সৈতে সজাই থ'লে লক্ষ্মী দেৱীয়ে ঘৰত সহজে প্ৰৱেশ কৰিব পাৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement