--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে দক্ষিণ-পশ্চিম দিশত গাড়ীখন কেতিয়াও ৰাখিব নালাগে। এই দিশটো হৈছে মাটি তত্ত্বৰ দিশ 
 
এই দিশটোৱে প্ৰেমৰ দিশকো প্ৰতিনিধিত্ব কৰে। এই দিশটোত গাড়ী ৰাখিলে ধাতু তত্ত্বই দিশটোৰ সৈতে বিক্ৰিয়া কৰিব। ইয়াৰ ফলত মানুহৰ মাজতপ্ৰেম-ভালপোৱাৰ ভাববোৰ বহু কমি যাব। যদি অতি প্ৰয়োজনত এই দিশত গেৰেজ নির্মাণ কৰিবলগীয়া হয় তেন্তে কেতবোৰ বিশেষ বিধি মানিব লাগিব। দক্ষিণ-পশ্চিম দিশত গেৰেজ স্থাপন কৰিব লাগিলে গেৰেজত এটা প্ৰাকৃতিক স্ফটিক ৰাখিব লাগে। গাড়ীৰ পৰা নিৰ্গত হোৱা ধাতুৰ নেতিবাচক শক্তিখিনি নিষ্ক্ৰিয় কৰিবলৈ পানীৰ কোনো আধাৰ ৰাখিব লাগে। তদুপৰি দক্ষিণ-পশ্চিম দিশত এযোৰ মেণ্ডেলিন হাঁহৰ মূৰ্তি ৰাখিও দোষ নিবাৰণ কৰিব পাৰি ।

দক্ষিণ-পূব দিশতো গেৰেজ পৰাপক্ষত নিৰ্মাণ কৰিব নালাগে। দক্ষিণ-পূব দিশটো হৈছে কাঠ তত্ত্বৰ দিশ । কাঠৰ সৈতে ধাতুৰ সদায় সংঘৰ্ষ লাগি থাকে। কাৰণ ধাতুৰ জৰিয়তেই কাঠ কটা হয়। সেইবাবে কাঠৰ দিশ দক্ষিণ-পূব দিশত গেৰেজ নিৰ্মাণ নকৰাই ভাল। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অথবা গাড়ী ৰাখিলে পৰিয়ালৰ বিভিন্ন ধৰণৰ ক্ষতি হোৱাৰ আশংকা থাকে।

উত্তৰ-পূব দিশতো পৰাপক্ষত গেৰেজ সাজিব নালাগে। উত্তৰ-পূব দিশটো হৈছে মাটি তত্ত্বৰ দিশ । তদুপৰি এই দিশটোৱে লোক এজনৰ জ্ঞান তথা বুদ্ধিৰ বিকাশৰ দিশকো বুজায়। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে ঘৰৰ শিক্ষাৰ্থীসকলৰ জ্ঞান অর্জনত বাধাৰ সৃষ্টি হ'ব পাৰে। যদি উপায় নথকা অৱস্থাত এই দিশত গেজে সাজিবলগীয়া হয় তেন্তে সেই দিশটোত স্ফটিক জাতীয় পদাৰ্থ আঁৰি থ'ব লাগে ।

দক্ষিণ দিশতো পৰাপক্ষত গেৰেজ নিৰ্মাণ নকৰাই ভাল। দক্ষিণ দিশৰ তত্ত্ব অর্থাৎ উপাদান হৈছে অগ্নি। এই দিশত গেৰেজ নিৰ্মাণ কৰিলে অগ্নিৰ সৈতে ধাতু তত্ত্বৰ বিপৰীতমুখী ক্ৰিয়া কৰিব। ফলত গেৰেজত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ আশংকা থাকে। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰা হয় তেন্তে প্ৰায়ে গাড়ী বেয়া হৈ থাকিব। যদি এই দিশত গেৰেজ নিৰ্মাণ কৰিবলগীয়া হয় তেন্তে গাড়ীখনৰ ৰং ৰঙা হ'লে কিছু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পৰা যাব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমগুৰিত অসমীয়া যুৱ মঞ্চৰ মিঞাৰ বিৰুদ্ধে হুংকাৰ
কৃষকৰ স্বাৰ্থৰ সৈতে আপোচ কৰি আমেৰিকাৰ সৈতে চুক্তি নকৰোঁঃ মোদী
মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান! ড্ৰাগছসহ দুই লাখ টকা আৰু বাহন জব্দ, গ্ৰেপ্তাৰ ১
চিয়া ছিডছ ছালৰ বাবে অতি উপকাৰী? ইয়াৰ উপকাৰিতা জনাৰ পাছত আপুনিও খাবলৈ আৰম্ভ কৰিব
'শিক্ষাসেতু' এপত ২৫ সহস্রাধিক শিক্ষকৰ অনুপস্থিতি কেনেকৈ সম্ভৱ?
অসমৰ ভূমিত জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ নগাৰ
ধনখড়ৰ উত্তৰসুৰী কোন হ'ব ?
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'