--°C
Loading...
Listen to Article
2 min read
80%
১২ আগষ্ট ২০২৩, শনিবাৰ

মেষঃ আজিৰ দিনটো শৰীৰৰ অসুস্থতা থাকিব যদিও সন্ধিয়াৰ পৰা অলপ শুভ কাৰক হ'ব। মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। বিদ্যাৰ্থীৰ আনন্দ-উৎসাহত বাধা আহিব পাৰে। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ দুশ্চিন্তা আৰু অস্থিৰতাৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰো অশান্তি বাঢ়িব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ'ব।

বৃষঃ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক যদিও সন্ধিয়াৰ পৰা শুভ হ'ব। মানসিক দিশত কিছু হতাশা আহিব। প্ৰেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক, সমাজকৰ্মীৰ চিন্তা সত্ত্বেও লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক হ'ব।

মিথুনঃ আজি সন্ধিয়ালৈ দেহৰ অসুস্থতা আৰু মানসিক অশান্তি একেই থাকিব যদিও সন্ধিয়াৰ পৰা কিছু উন্নত হ'ব। প্ৰেম-পাৰিবাৰিক দিশত দিনটো অশান্তি থাকিব। শিক্ষাৰ্থী, শিল্পীৰ আশান্তি আৰু উন্নতিৰ ক্ষেত্ৰৰ দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন উৎসাহেৰে কৰ্মত লাগিব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰ মাজতে কিছু লাভৱান হ'ব।

কৰ্কটঃ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ যদিও সন্ধিয়াৰ পৰা জলজ ৰোগে আমনি দিব পাৰে। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। সাহিত্যিক, ক্ৰীড়াবিদ আৰু শিল্পীৰ মানসিক অশান্তি হ'লেও উন্নতিমূলক যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ।

সিংহঃ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু সুস্থতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভাশুভ মিশ্ৰিত কাৰক হ'ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু মানসিক অশান্তি হ'ব পাৰে। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদসকলৰ কৰ্মত উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। কৰ্ম আৰু আৰ্থিক দিশত কিছু উন্নতিদায়ক হ'ব।

কন্যাঃ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ'ব। সন্ধিয়াৰ পৰা দেহ-মনৰ সুখ-শান্তিৰ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিনটো শুভাশুভ মিশ্ৰিত ফল পাব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ'ব।

তুলাঃ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ যদিও সন্ধিয়াৰ পৰা অলপ অশান্তি হ'ব পাৰে। মানসিক দিশতো অশান্তি থাকিব। প্ৰেম-প্ৰীতি, সাংসৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ নতুন কৰ্মত উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ'ব।

বৃশ্চিকঃ আজিৰ দিনটো শৰীৰৰ ৰোগ, অশান্তি কাৰক। সন্ধিয়াৰ পৰা অশান্তি আৰু মনৰো যথেষ্ট দুশ্চিন্তা হ'ব পাৰে। প্ৰেম-প্ৰীতি, সাংসৰিক ক্ষেত্ৰত মধ্যমীয়া ফল পাব। শিক্ষাৰ্থীৰ উৎসাহ হ্ৰাস পাব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎাসহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজসেৱীৰ লাভৰ যোগ।

ধনুঃ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎকণ্ঠা বাঢ়িব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ কৰ্মৰ প্ৰতি অনীহা আহিব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্ম তৎপৰতা বৃদ্ধি হ'ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক।

মকৰঃ আজি সন্ধিয়াৰ পৰা শাৰীৰিক ক্ষেত্ৰত কষ্টদায়ক হ'ব। মনৰো দুৰ্ভাৱনা আৰু অশান্তি হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত অলপ অশান্তি হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত অলপ অশান্তি হ'ব পাৰে।শিক্ষাৰ্থীৰ মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে। শিল্পী, সাহিত্যিকৰো দুশ্চিন্তা আৰু অশান্তি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৱান হোৱাৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰে লাভৱান হ'ব।

কুম্ভঃ আজিৰ দিনটো শাৰীৰিক দিশত কিছু অশুভ কাৰক যদিও সন্ধিয়াৰ পৰা শুভ কাৰক হ'ব। মনৰো অশান্তি কিছু হ্ৰাস পাব। পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত মধ্যমীয়া হ'ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু খেলিমেলি হ'ব পাৰে। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ নতুনকৈ কৰ্মত উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তা বৃদ্ধিৰ কাৰক।আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সফল হ'ব।

মীনঃ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ যোগ। সন্ধিয়াৰ পৰা কিছু সকাহ পাব পাৰে।পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। শিক্ষাৰ্থীয়ে নিজক ভৱিষ্যতৰ ক্ষেত্ৰত অনিশ্চয়তাত ভূগিব পাৰে।শিল্পী, সাহিত্য, ক্ৰীড়া, সংবাদসেৱাত যুক্তসকলৰ কিছু উন্নতি কাৰক হ'ব। সমাজসেৱা আৰু ৰাজনীতিত জড়িতসকলৰ কৰ্মৰ অস্থিৰতা থাকিব। কৰ্ম বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন