--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুই হৈছে এক প্রাচীন পদ্ধতি। যি পদ্ধতিয়ে মানুহৰ সুখ তথা সমৃদ্ধি বৃদ্ধিৰ ক্ষেত্ৰত যুগ যুগ ধৰি নানান বিধান আগবঢ়াই আহিছে। যদি সেই বিধানসমূহ সঠিকভাৱে পালন কৰিব পাৰি তেন্তে ঘৰৰ সুখ-শান্তি বৃদ্ধি পোৱাৰ লগতে ধন-ধান আদিও অভাৱনীয়ভাৱে বৃদ্ধি পায়।

ফুল হৈছে পৱিত্ৰতাৰ প্ৰতীক। ফুলে মানুহৰ মন প্রফুল্লিত কৰাৰ লগতে পৰিৱেশো সুন্দৰ কৰি তোলে। ঘৰত ফুল সজাই ৰাখিলে ঘৰৰ পৰিৱেশেই সলনি হৈ পৰে। ফেংছুইৰ মতে ঘৰত যদি সদায় হালধীয়া ফুল সজাই ৰখা হয় তেন্তে ঘৰৰ সুখ- শান্তি বৃদ্ধি পোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক মধুৰ হৈ পৰে।

প্ৰতিজন সদস্যৰ মাজত বুজাপৰাৰ ভাব বৃদ্ধি পায় আৰু সকলো মনোমালিন্য আঁতৰ হৈ ঘৰত স্বৰ্গীয় পৰিৱেশে বিৰাজ কৰে। ঘৰত হালধীয়া ফুল সজাই ৰাখিবলৈ চীনা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি।
কাছৰ স্বচ্ছ পাত্ৰত ৰখা মুদ্ৰাই ধন বৃদ্ধি কৰে।

 ফেংছুইৰ মতে ঘৰৰ উত্তৰ-পশ্চিম অংশই উন্নতি তথা সমৃদ্ধিক বুজায়। উত্তৰ-পশ্চিম অংশৰ প্ৰধান উপাদান হৈছে ধাতু। সেইবাবে এই অংশত ধাতু ৰাখিব পাৰিলে ঘৰৰ উন্নতি তথা সমৃদ্ধি বৃদ্ধি পাব আৰু গৃহস্থৰ ধন লাভ হ'ব। ফেংছুইয়ে সেইবাবে স্বচ্ছ কাঁচৰ পাত্ৰত ঘৰৰ উত্তৰ-পশ্চিম অংশত ধাতুৰ মুদ্ৰা সজাই ৰখাৰ পৰামৰ্শ দিছে। এনেদৰে ধাতুৰ মুদ্ৰা সজাই ৰাখিলে গৃহস্থৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব। অৱশ্যে ধাতুৰ মুদ্ৰা যি স্থানত সজাই ৰখা হয় সেই স্থান যাতে বাহিৰৰ কোনো লোকে সহজে দেখা নাপায়, সেই কথালৈ মন দিব লাগিব । গৃহস্থই মাজে মাজে স্বচ্ছ কাঁচৰ পাত্ৰত ৰখা সেই ধাতুৰ মুদ্ৰা চাই থাকিব লাগে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন