--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডোখৰ ভূমিৰ সকলো স্থানেই অথবা সকলো দিশেই সমানেই শুভকাৰক নহয়। ভূমি এডোখৰৰ মধ্যস্থানক ব্ৰহ্মস্থান বুলি কোৱা হয়। এই ব্ৰহ্মস্থান অতি উত্তম স্থান। এই ব্ৰহ্মস্থান বাস্তু পুৰুষৰ নাভিস্থলৰ চাৰিওদিশে অৱস্থান কৰে। এই ব্ৰহ্মস্থান সেয়ে চিহ্নিত কৰি লোৱাটো উচিত। 

ব্ৰহ্মস্থান যাতে কোনো পৰিস্থিতিতে ক্ষতিগ্রস্ত নহয়, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । চিত্ৰত ভূমি এডোখৰৰ ব্ৰহ্মস্থানৰ অৱস্থান চিহ্নিত কৰা হৈছে। কাৰ্যালয় আদিত ব্ৰহ্মা স্থানত সৰু মন্দিৰ স্থাপন কৰিব পাৰি। ব্ৰহ্মস্থান সদায় পৰিষ্কাৰে ৰখাৰ লগতে ফুল, গছ আদিৰে সজাই ৰাখিব পাৰিলে ভাল।

 ব্ৰহ্মস্থানৰ সুন্দৰ পৰিচৰ্যাৰ জৰিয়তে সুখ-শান্তি তথ্য সম্পদ বৃদ্ধি পায়। ব্ৰহ্মস্থানত কোনোধৰণৰ গাঁত আদি খান্দিব নালাগে অথবা তেনে স্থানত মলিয়ন বস্তু, জোতা- চেণ্ডেল আদি ৰাখিব নালাগে । ঘৰ সাজোতে ব্ৰহ্মস্থান সদায় চিহ্নিত কৰি ল'ব লাগে আৰু সেই মতে ব্রহ্মস্থান নিকা কৰি ৰাখিব লাগে । 

ব্ৰহ্মস্থান ঢাকি ৰখাৰ সলনি মুকলিকৈ ৰাখিব পাৰিলে ভাল ৷ব্ৰহ্মস্থান এনেভাৱে মুকলি কৰি ৰাখিব লাগে যাতে প্রয়োজন অনুসৰি সেই স্থানত বিভিন্ন পূজা-পার্বণ, উৎসৱ আদি পাতিব পাৰি। ব্ৰহ্মস্থানত জাবৰ পেলোৱা, কুঁৱা, স্তম্ভ, পিলাৰ আদি নিৰ্মাণ কৰা অনুচিত । সৰু ঘৰৰ ক্ষেত্ৰত ব্ৰহ্মস্থান মুকলিকৈ নাৰাখিলেও কোনো কথা নাই। সৰু ঘৰৰ ক্ষেত্ৰত ব্ৰহ্মস্থানত শোৱনি কোঠা স্থাপন কৰিব পাৰি। 

অৱশ্যে কোঠাৰ মাজ অংশত কোনোধৰণৰ বস্তু ৰাখিব নালাগে ৷ ডাঙৰ ফ্লেট আদিত ব্ৰহ্মস্থান মুকলিকৈ ৰাখিব লাগে। কল-কাৰখানা আদিৰ ক্ষেত্ৰত ব্ৰহ্মস্থানত কোনোধৰণৰ অত্যধিক ওজনৰ বস্তু ৰাখিব নালাগে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ