--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডোখৰ ভূমিৰ সকলো স্থানেই অথবা সকলো দিশেই সমানেই শুভকাৰক নহয়। ভূমি এডোখৰৰ মধ্যস্থানক ব্ৰহ্মস্থান বুলি কোৱা হয়। এই ব্ৰহ্মস্থান অতি উত্তম স্থান। এই ব্ৰহ্মস্থান বাস্তু পুৰুষৰ নাভিস্থলৰ চাৰিওদিশে অৱস্থান কৰে। এই ব্ৰহ্মস্থান সেয়ে চিহ্নিত কৰি লোৱাটো উচিত। 

ব্ৰহ্মস্থান যাতে কোনো পৰিস্থিতিতে ক্ষতিগ্রস্ত নহয়, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । চিত্ৰত ভূমি এডোখৰৰ ব্ৰহ্মস্থানৰ অৱস্থান চিহ্নিত কৰা হৈছে। কাৰ্যালয় আদিত ব্ৰহ্মা স্থানত সৰু মন্দিৰ স্থাপন কৰিব পাৰি। ব্ৰহ্মস্থান সদায় পৰিষ্কাৰে ৰখাৰ লগতে ফুল, গছ আদিৰে সজাই ৰাখিব পাৰিলে ভাল।

 ব্ৰহ্মস্থানৰ সুন্দৰ পৰিচৰ্যাৰ জৰিয়তে সুখ-শান্তি তথ্য সম্পদ বৃদ্ধি পায়। ব্ৰহ্মস্থানত কোনোধৰণৰ গাঁত আদি খান্দিব নালাগে অথবা তেনে স্থানত মলিয়ন বস্তু, জোতা- চেণ্ডেল আদি ৰাখিব নালাগে । ঘৰ সাজোতে ব্ৰহ্মস্থান সদায় চিহ্নিত কৰি ল'ব লাগে আৰু সেই মতে ব্রহ্মস্থান নিকা কৰি ৰাখিব লাগে । 

ব্ৰহ্মস্থান ঢাকি ৰখাৰ সলনি মুকলিকৈ ৰাখিব পাৰিলে ভাল ৷ব্ৰহ্মস্থান এনেভাৱে মুকলি কৰি ৰাখিব লাগে যাতে প্রয়োজন অনুসৰি সেই স্থানত বিভিন্ন পূজা-পার্বণ, উৎসৱ আদি পাতিব পাৰি। ব্ৰহ্মস্থানত জাবৰ পেলোৱা, কুঁৱা, স্তম্ভ, পিলাৰ আদি নিৰ্মাণ কৰা অনুচিত । সৰু ঘৰৰ ক্ষেত্ৰত ব্ৰহ্মস্থান মুকলিকৈ নাৰাখিলেও কোনো কথা নাই। সৰু ঘৰৰ ক্ষেত্ৰত ব্ৰহ্মস্থানত শোৱনি কোঠা স্থাপন কৰিব পাৰি। 

অৱশ্যে কোঠাৰ মাজ অংশত কোনোধৰণৰ বস্তু ৰাখিব নালাগে ৷ ডাঙৰ ফ্লেট আদিত ব্ৰহ্মস্থান মুকলিকৈ ৰাখিব লাগে। কল-কাৰখানা আদিৰ ক্ষেত্ৰত ব্ৰহ্মস্থানত কোনোধৰণৰ অত্যধিক ওজনৰ বস্তু ৰাখিব নালাগে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল