--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোনে বিভিন্ন কথাৰ আগজাননী দিয়ে বুলি জ্যোতিষ শাস্ত্ৰৰ পৰা আৰম্ভ কৰি ফেংছুইলৈকে সকলোতে কৈ অহা হৈছে। ফেংছুই অনুসৰি সপোনৰ ফল বিভিন্ন ধৰণৰ হ'ব পাৰে। ইয়াত ফেংছুই অনুসৰি সপোনৰ কেতবোৰ ফলাফল উল্লেখ কৰা হ'ল।

সপোনত জীৱ-জন্তু দেখিলে : সপোনত আমি প্ৰায়ে বিভিন্ন ধৰণৰ জীৱ জন্তু দেখো। সপোনত এনেদৰে জীৱ-জন্তু দেখাতো ফেংছুইৰ মতে অতি শুভ ফলদায়ক কথা। সপোনত যদি কোনোবাই জীৱ-জন্তু দেখে তেন্তে তেওঁৰ উন্নতিৰ বাট প্রশস্ত হোৱা বুলি ধৰিব পাৰি। হিংস্ৰ জীৱ-জন্তুৰ সলনি শান্ত জীৱ-জন্তু দেখিলে বেছি ভাল ফল পোৱা যায়। অৱশ্যে সপোনত দেখা জীৱ-জন্তুৱে যদি নিজৰ ভিতৰতে যুঁজ বাগৰত লিপ্ত হোৱা দেখে তেন্তে কাৰোবাৰ সৈতে আপোনাৰ কাজিয়া-পেচাল হোৱাৰ আশংকা থাকে। একেদৰে সপোনত যদি কোনোবাই দূৰন্ত বেগেৰে দৌৰি থকা ঘোঁৰা দেখে তেন্তে এয়া ফেংছুইৰ মতে অতি শুভ ফলদায়ক কথা। অৱশ্যে সপোনত ঘৰচীয়া জীৱ-জন্তু দেখিলে বিশেষ কোনো ফল পোৱা নাযায়

সপোনত উৰাজাহাজ দেখিলেঃ কোনোবাই যদি সপোনত উৰাজাহাজ দেখে তেন্তে সেয়া অতি শুভ ফলদায়ক কথা হিচাপে ফেংছুইত বিবেচনা কৰা হয়। সপোনত উৰাজাহাজ দেখা জনে  সৃষ্টিশীল কর্মৰাজিত অধিক উৎসাহেৰে ব্ৰতী হোৱাত সহায় কৰে। উৰাজাহাজে দূৰন্ত গতিৰে নিৰ্দিষ্ট লক্ষ্যক উদ্দেশ্যি আগুৱাই যায়। উৰাজাহাজৰ যাত্ৰাপথত কোনো ধৰণৰ বাধা নাথাকে। সেইবাবেই সপোনত উৰাজাহাজ দেখিলে লোক এজনৰ সৃষ্টিশীল মনতো পূৰ্বতকৈয়ো অধিক জাগ্ৰত হৈ পৰে। আনহাতে উৰাজাহাজৰ যাত্ৰী হিচাপে যদি আপুনি নিজকে সপোনত দেখিবলৈ পায় তেন্তে সেয়াও অতি শুভ বুলি ফেংছুইত গণ্য কৰা হয়।

সপোনত বিশ্বাস ভংগৰ দৃশ্য দেখিলেঃ মানুহে বিভিন্ন ধৰণৰ সপোন দেখে। সপোনত কেতিয়াবা কাজিয়া-পেচাল, বিশ্বাসভংগতা আদিৰ দৃশ্যও দেখা যায়। এনেবোৰ দৃশ্যই মানুহ এজনৰ মনটো অশান্ত কৰি তুলিব পাৰে। সপোনত যদি বিশ্বাসভংগতাৰ দৃশ্য দেখে তেন্তে বাস্তৱত আপুনি বন্ধুৰ দ্বাৰা অথবা কোনো আত্মীয়ৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। সেয়ে এই বিষয়ত আপুনি বাস্তৱত সাৱধান হোৱাটো উচিত হ'ব।

সপোনত চৰাই দেখিলেঃ সপোনত চৰাই দেখাতো ফেংছুইৰ মতে অতি ভাল কথা। সপোনত যদি আপুনি চৰাই দেখে তেন্তে আপুনি বাস্তৱ জীৱনত সাফল্য অৰ্জন কৰিব পাৰিব। সপোন দেখা চৰাই যদি ধুনীয়া হয় তেন্তে আপোনাৰ সাফল্যৰ হাৰো বেছি হ'ব৷ চৰায়ে সদায় ইতিবাচক দিশ প্রতিফলিত কৰে। সেইবাবে সপোনত চৰাই দেখাতো অতি ভাল বুলি ফেছুইয়ে কৈ আহিছে। সপোনত চৰাই দেখিলে আপোনাৰ বহুদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। সপোনত উৰি যোৱা চৰাই দেখাতো আৰু বেছি ভাল বুলি বহুতে কয়।

সপোনত মৃতদেহ সৎকাৰ কৰা দেখিলেঃ সপোনত মৃতদেহ সৎকাৰ কৰা দেখিলে লোক এজনে তেওঁৰ মনত থকা বিভিন্ন ধৰণৰ ৰিপুসমূহ দমন কৰাৰ চেষ্টা চলাব লাগে। আচলতে ৰিপুসমূহে আমাক মৃত্যু ভয়ৰ পৰাও আঁতৰাই ৰাখে। আমি মৃত্যুৰ কথা পাহৰি গৈ পৃথিৱীখনতেই আজীৱন থাকিম বুলি ধৰি লওঁ। বিভিন্ন ৰিপুৰ বাবেই আমি পৃথিৱীখনত উপলব্ধ সুখসমূহ ভালদৰে উপভোগ কৰিব নোৱাৰোঁ। কেবল ধন-সম্পত্তিৰ পিছতেই দৌৰি ফুৰোঁতেই আমাৰ সময়বোৰ পাৰ হৈ যায়। পৃথিৱীৰ দৰে সুন্দৰ সুজলা-সুফলা পৰিৱেশৰ পৰাই যে আমি স্বৰ্গীয় সুখানুভূতি অনুভৱ কৰিব পাৰোঁ সেই কথা ভাবি চোৱাৰ সময় আমাৰ বহুতৰে নাথাকে। কেবল পার্থিৱ বিষয়ক লৈ ব্যস্ত থকা সকলে যদি সপোনত মৃতদেহ সৎকাৰ কৰা দেখে তেন্তে তেওঁলোকে ৰিপু দমন কৰাৰ চেষ্টা চলাব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?