--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন ছবিৰ পৰা বলীউডৰ তাৰকাসকলে পাৰিতোষিক হিচাপে কিমান টকা পাই আছে সেয়া জানি আচৰিত লাগে। তেওঁলোকৰ বিলাসী জীৱনশৈলী, দামী গাড়ী, ভেনিটি ভ্যান, দামী কাপোৰ আদিত সকলোকে আচৰিত কৰি তোলে। তেওঁলোকৰ জীৱনশৈলীত সাধাৰণ মানুহৰ মূৰ আচন্দ্ৰাই কৰিব। কিন্তু আপুনি জানেনে যে এই বলীউডৰ তাৰকাসকলৰ এক বৃহৎ অংশৰ মুম্বাইত নিজা ঘৰ নাই। বৰঞ্চ ঘৰৰ ভাড়াৰ বাবে প্ৰতিমাহে বিপুল পৰিমাণৰ ধন দিয়ে। এই তালিকাখনত কোন কোন আছে এবাৰ চকু ফুৰাই চাও‌ আহক।

১) ৰণবীৰ সিংঃ বিয়াৰ পাছত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে মুম্বাইৰ এখন বিলাসী ঠাইত ভাড়াঘৰত বাস কৰি আছে। ৰণবীৰৰ বাসস্থান প্ৰভাদেৱী টাৱাৰৰ ফ্লেটটোৰ বাবে ৰণবীৰে মাহিলীকৈ ডাঙৰ ভাড়া দিয়ে। ইয়াত বসবাসৰ বাবে মাহে ৭.২৫ লাখ টকা। মুম্বাইত তেওঁলোকৰ প্ৰকৃত ঘৰ এতিয়াও নাই।

২) বিকি কৌশল আৰু কেটৰিনা কাইফঃ যোৱা বছৰ কেটৰিনা কাইফ আৰু বিকি কৌশলে নতুন পৃথিৱীত প্ৰৱেশ কৰিছিল। বিয়াৰ আগতে তেওঁলোকে জুহুত এটা বিলাসী ফ্লেটত ভাড়া হিচাপে আছিল। বিয়াৰ পাছত তেওঁলোকৰ সুখী পৰিয়ালটো তাতেই গঢ় লৈ উঠিছিল। এই ফ্লেটটো ভিকি আৰু কেটৰিনাই ৭ মাহৰ বাবে ভাড়াত লৈছে। এই ফ্লেটটোৰ ভাড়া হিচাপে মাহে ৮ লাখ টকা দিব লাগে।

৩) হৃতিক ৰোশন: আশ্চৰ্যজনকভাৱে ইমান দিনে বলীউডত থাকিলেও বৰ্তমান মুম্বাইৰ ভাড়াঘৰত বাস কৰি আছে হৃতিক ৰোশনে। কিন্তু মায়া নগৰীত তেওঁৰ আছে দুটা ঘৰ । ইয়াৰে এটা শ্বাহৰুখৰ ‘মন্নত’ৰ ওচৰত। আনটো জুহু ভাৰ্চোভা লিংক ৰোডত। কিন্তু তেওঁৰ এটা পুৰণি ঘৰ এতিয়া নিৰ্মাণৰ কাম চলি আছে। সেইবাবেই তেওঁ মাহে ৮.২৫ লাখ টকা দি ভাড়াঘৰত বসবাস কৰি আছে।

৪) ছলমান খান : মুম্বাইত ছলমান খানৰ ৰাজপ্ৰসাদ আছে। পৰিয়ালৰ সৈতে গেলাক্সি এপাৰ্টমেণ্টত থাকে ছলমান। অৱশ্যে শেহতীয়াকৈ তেওঁ বংগত থকা কোম্পানীটোৰ বাবে এটা ডুপ্লেক্স ভাড়াত লোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ বাবে তেওঁ প্ৰতিমাহে ৮.২৫ লাখ টকা ঘৰৰ ভাড়া দিব লাগিব।

৫) জেকলিন ফাৰ্নাণ্ডেজ:  জেকলিন ফাৰ্নাণ্ডেজ দীৰ্ঘদিন ধৰি বলীউডত আছে যদিও মুম্বাইৰ মাটিত তেওঁৰ নিজা ঘৰ নাই। জেকলিনে এতিয়ালৈকে ভাড়াঘৰত কটালে। বৰ্তমান তেওঁ প্ৰিয়ংকা চোপ্ৰাৰ পুৰণি ঘৰ ভাড়াত লৈ আছে। এই ঘৰটো জুহুত অৱস্থিত। শুনা যায় যে এই ঘৰটোৰ ভাড়া প্ৰতিমাহে ৬.৭৮ লাখ টকা।

৬) কৃতি ছাননঃ শেহতীয়াকৈ অমিতাভ বচ্চনৰ ডুপ্লেক্স ভাড়াত লৈছিল কৃতি ছাননে। এই ঘৰটো মুম্বাইৰ আন্ধেৰীত অৱস্থিত। কৃতিয়ে দুবছৰৰ বাবে ভাড়াত লৈছে ঘৰটো। এই ঘৰটোৰ বাবে তেওঁ প্ৰতিমাহে ১০ লাখ টকা দিব লাগে।

৭) মাধুৰী দীক্ষিতঃ আশ্চৰ্যজনকভাৱে মাধুৰী দীক্ষিত আৰু তেওঁৰ স্বামী শ্ৰীৰাম নেনে এতিয়াও ভাড়াঘৰত থাকে। তেওঁলোকৰ ভাড়াঘৰটো মুম্বাইৰ ৱৰ্লিত অৱস্থিত। ইয়াত তেওঁলোকে প্ৰতিমাহে ঘৰৰ ভাড়া হিচাপে ১২.৫ লাখ টকা দিব লাগে।

৮) ৰিচা চদ্দা আৰু আলী ফজল: কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰ অন্তত এই বছৰ ৰিচা আৰু আলীৰ বিবাহ হয়। ৰিয়েলি মুম্বাইত সাগৰৰ পাৰত এটা বিলাসী এপাৰ্টমেণ্ট ভাড়াত লৈছে। ৰিচা আৰু আলী বিয়াৰ পিছত তাতেই আছে। এইবাৰ প্ৰতিমাহে তিনি লাখ টকা ভাড়া হিচাপে দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক