--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন ছবিৰ পৰা বলীউডৰ তাৰকাসকলে পাৰিতোষিক হিচাপে কিমান টকা পাই আছে সেয়া জানি আচৰিত লাগে। তেওঁলোকৰ বিলাসী জীৱনশৈলী, দামী গাড়ী, ভেনিটি ভ্যান, দামী কাপোৰ আদিত সকলোকে আচৰিত কৰি তোলে। তেওঁলোকৰ জীৱনশৈলীত সাধাৰণ মানুহৰ মূৰ আচন্দ্ৰাই কৰিব। কিন্তু আপুনি জানেনে যে এই বলীউডৰ তাৰকাসকলৰ এক বৃহৎ অংশৰ মুম্বাইত নিজা ঘৰ নাই। বৰঞ্চ ঘৰৰ ভাড়াৰ বাবে প্ৰতিমাহে বিপুল পৰিমাণৰ ধন দিয়ে। এই তালিকাখনত কোন কোন আছে এবাৰ চকু ফুৰাই চাও‌ আহক।

১) ৰণবীৰ সিংঃ বিয়াৰ পাছত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে মুম্বাইৰ এখন বিলাসী ঠাইত ভাড়াঘৰত বাস কৰি আছে। ৰণবীৰৰ বাসস্থান প্ৰভাদেৱী টাৱাৰৰ ফ্লেটটোৰ বাবে ৰণবীৰে মাহিলীকৈ ডাঙৰ ভাড়া দিয়ে। ইয়াত বসবাসৰ বাবে মাহে ৭.২৫ লাখ টকা। মুম্বাইত তেওঁলোকৰ প্ৰকৃত ঘৰ এতিয়াও নাই।

২) বিকি কৌশল আৰু কেটৰিনা কাইফঃ যোৱা বছৰ কেটৰিনা কাইফ আৰু বিকি কৌশলে নতুন পৃথিৱীত প্ৰৱেশ কৰিছিল। বিয়াৰ আগতে তেওঁলোকে জুহুত এটা বিলাসী ফ্লেটত ভাড়া হিচাপে আছিল। বিয়াৰ পাছত তেওঁলোকৰ সুখী পৰিয়ালটো তাতেই গঢ় লৈ উঠিছিল। এই ফ্লেটটো ভিকি আৰু কেটৰিনাই ৭ মাহৰ বাবে ভাড়াত লৈছে। এই ফ্লেটটোৰ ভাড়া হিচাপে মাহে ৮ লাখ টকা দিব লাগে।

৩) হৃতিক ৰোশন: আশ্চৰ্যজনকভাৱে ইমান দিনে বলীউডত থাকিলেও বৰ্তমান মুম্বাইৰ ভাড়াঘৰত বাস কৰি আছে হৃতিক ৰোশনে। কিন্তু মায়া নগৰীত তেওঁৰ আছে দুটা ঘৰ । ইয়াৰে এটা শ্বাহৰুখৰ ‘মন্নত’ৰ ওচৰত। আনটো জুহু ভাৰ্চোভা লিংক ৰোডত। কিন্তু তেওঁৰ এটা পুৰণি ঘৰ এতিয়া নিৰ্মাণৰ কাম চলি আছে। সেইবাবেই তেওঁ মাহে ৮.২৫ লাখ টকা দি ভাড়াঘৰত বসবাস কৰি আছে।

৪) ছলমান খান : মুম্বাইত ছলমান খানৰ ৰাজপ্ৰসাদ আছে। পৰিয়ালৰ সৈতে গেলাক্সি এপাৰ্টমেণ্টত থাকে ছলমান। অৱশ্যে শেহতীয়াকৈ তেওঁ বংগত থকা কোম্পানীটোৰ বাবে এটা ডুপ্লেক্স ভাড়াত লোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ বাবে তেওঁ প্ৰতিমাহে ৮.২৫ লাখ টকা ঘৰৰ ভাড়া দিব লাগিব।

৫) জেকলিন ফাৰ্নাণ্ডেজ:  জেকলিন ফাৰ্নাণ্ডেজ দীৰ্ঘদিন ধৰি বলীউডত আছে যদিও মুম্বাইৰ মাটিত তেওঁৰ নিজা ঘৰ নাই। জেকলিনে এতিয়ালৈকে ভাড়াঘৰত কটালে। বৰ্তমান তেওঁ প্ৰিয়ংকা চোপ্ৰাৰ পুৰণি ঘৰ ভাড়াত লৈ আছে। এই ঘৰটো জুহুত অৱস্থিত। শুনা যায় যে এই ঘৰটোৰ ভাড়া প্ৰতিমাহে ৬.৭৮ লাখ টকা।

৬) কৃতি ছাননঃ শেহতীয়াকৈ অমিতাভ বচ্চনৰ ডুপ্লেক্স ভাড়াত লৈছিল কৃতি ছাননে। এই ঘৰটো মুম্বাইৰ আন্ধেৰীত অৱস্থিত। কৃতিয়ে দুবছৰৰ বাবে ভাড়াত লৈছে ঘৰটো। এই ঘৰটোৰ বাবে তেওঁ প্ৰতিমাহে ১০ লাখ টকা দিব লাগে।

৭) মাধুৰী দীক্ষিতঃ আশ্চৰ্যজনকভাৱে মাধুৰী দীক্ষিত আৰু তেওঁৰ স্বামী শ্ৰীৰাম নেনে এতিয়াও ভাড়াঘৰত থাকে। তেওঁলোকৰ ভাড়াঘৰটো মুম্বাইৰ ৱৰ্লিত অৱস্থিত। ইয়াত তেওঁলোকে প্ৰতিমাহে ঘৰৰ ভাড়া হিচাপে ১২.৫ লাখ টকা দিব লাগে।

৮) ৰিচা চদ্দা আৰু আলী ফজল: কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰ অন্তত এই বছৰ ৰিচা আৰু আলীৰ বিবাহ হয়। ৰিয়েলি মুম্বাইত সাগৰৰ পাৰত এটা বিলাসী এপাৰ্টমেণ্ট ভাড়াত লৈছে। ৰিচা আৰু আলী বিয়াৰ পিছত তাতেই আছে। এইবাৰ প্ৰতিমাহে তিনি লাখ টকা ভাড়া হিচাপে দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু