--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফিলিপাইনছত প্ৰকৃতিৰ ধ্বংসযজ্ঞ। এই বছৰ ফিলিপাইনছক আঘাত কৰা আটাইতকৈ শক্তিশালী টাইফুনত ১০০জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ৰায় নামৰ টাইফুনে ফিলিপাইনছৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলসমূহ তছনছ কৰাৰ ফলত ৩,০০,০০০ তকৈও অধিক লোকে তেওঁলোকৰ ঘৰ আৰু বীচফ্ৰণ্ট ৰিজৰ্টৰ পৰা পলায়ন কৰে। ধুমুহাৰ ফলত বহুতো অঞ্চলত যোগাযোগ আৰু বিদ্যুৎ সংযোগ ব্যাহত হয়। এই সামুদ্ৰিক ধুমুহাৰ ফলত ঘৰ ভাগিছে, কংক্ৰিটৰ বিদ্যুতৰ খুটাবোৰ ভাঙি পৰিছে আৰু গাঁওবোৰ প্লাবিত হৈ পৰিছে। ধুমুহাৰ ফলত হোৱা মৃত্যু আৰু ধ্বংসৰ সম্পূৰ্ণ পৰিমাণ মূল্যায়ন কৰিলে এই সংখ্যা বৃদ্ধি পাব।

ৰায়ে বৃহস্পতিবাৰে দেশখনত ১৯৫ কিলোমিটাৰ (১২০ মাইল) বেগেৰে ফিলিপাইনছত প্ৰৱেশ কৰিছিল। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ হাজাৰ হাজাৰ সামৰিক বাহিনী, আৰক্ষী, উপকূলৰক্ষী বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী মোতায়েন কৰা হৈছে। খাদ্য, পানী আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা উপকূলৰক্ষী বাহিনী আৰু নৌ-জাহাজ প্ৰেৰণ কৰা হৈছে। দাতব্য সংস্থা আৰু জৰুৰীকালীন সেৱাসমূহে অনুদানৰ বাবে আবেদন কৰিছে। উল্লেখ্য যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবে বিশ্বৰ আটাইতকৈ দুৰ্বল ৰাষ্ট্ৰসমূহৰ ভিতৰত স্থান পোৱা ফিলিপাইনছত প্ৰতি বছৰে গড়ে ২০ টা ধুমুহা আৰু টাইফুনৰ দ্বাৰা পীড়িত হয়, এই প্ৰাকৃতিক দুৰ্যোগে সাধাৰণতে দৰিদ্ৰ অঞ্চলবোৰত শস্য, ঘৰ আৰু আন্তঃগাঁথনি মচি পেলায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু