--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৯৭১ত পাকিস্তানী সেনাই ধ্বংস কৰা বাংলাদেশৰ ঢাকাৰ কালী মন্দিৰৰ পুনৰ নির্মাণ কৰা হ'ল। ঢাকাত পুনৰ নির্মিত ঐতিহাসিক কালী মন্দিৰটোৰ শুভ উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সেনাই পাকিস্তানী সেনাই অপাৰেচন চার্চলাইটৰ সময়ত এই কালী মন্দিৰটো সম্পূর্ণৰূপে ধ্বংস কৰিছিল৷ মুক্তিযোদ্ধাৰ বিৰুদ্ধে অভিযান চলোৱা পাকিস্তানী সেনাই মন্দিৰটোত অগ্নিসংযোগ কৰাৰ ফলত ভক্তসহ অনেক লোকে প্রাণ হেৰুৱাইছিল৷এই কথাই হিন্দু ধৰ্মাৱলম্বীসকলক মোক্ষম আঘাত দিছিল। ধ্বংস হোৱা মন্দিৰটো পুনৰ নিৰ্মাণ হৈ উঠাত সুখী হৈ পৰিছে প্ৰতিজন ধৰ্মপ্ৰাণ লোক।

পুনৰ নির্মিত ঐতিহাসিক কালী মন্দিৰটো বাংলাদেশ ভ্রমণৰত ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ পত্নী সবিতা কোৱিন্দৰ সৈতে কালী মাৰ ওচৰত প্রার্থনা জনাই সকলোৰে কুশল মংগল কামনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ কালী মন্দিৰটো উদ্বোধন কৰি ৰাষ্ট্রপতি কোৱিন্দে কয় যে ''ভাৰত আৰু বাংলাদেশৰ জনগণৰ মাজত সাংস্কৃতিক–আধ্যাত্মিক প্রতীক এই কালী মন্দিৰটো। মন্দিৰটো ধ্বংস হৈছিল যদিও মা কালীৰ আশীর্বাদ তথা ইচ্ছাৰ বাবেই মন্দিৰটো পুনৰ নিৰ্মাণ সম্ভৱ হৈ উঠিল৷ ঐতিহাসিক ৰামনা কালী মন্দিৰ শুভ উদ্বোধন কৰিব পৰাটো মোৰ বাবে বিশেষ মর্যাদাসম্পন্ন৷ এয়া কালী মাৰ আশীৰ্বাদ।'' উল্লেখ্য যে বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণ জয়ন্তী উপলক্ষে দেশখনৰ ৰাষ্ট্রপতি এম আব্দুল হামিদৰ আমন্ত্রণমর্মে প্রথমবাৰৰ বাবে বাংলাদেশ ভ্রমণত গৈছিল ৰামনাথ কোৱিন্দ। তিনি দিনীয়া ভ্ৰমণসূচীৰে সপত্নীক বাংলাদেশ ভ্ৰমণলৈ গ'ল ভাৰতৰ ৰাষ্ট্ৰপতি কোৱিন্দ।

আৰু পঢ়কঃ আহি আছে ‘শ্ব’মেন’ ৰাজ কাপুৰৰ বায়’পিক! নিৰ্মাণ কৰিব নাতি ৰণবীৰে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ