--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৯৭১ত পাকিস্তানী সেনাই ধ্বংস কৰা বাংলাদেশৰ ঢাকাৰ কালী মন্দিৰৰ পুনৰ নির্মাণ কৰা হ'ল। ঢাকাত পুনৰ নির্মিত ঐতিহাসিক কালী মন্দিৰটোৰ শুভ উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সেনাই পাকিস্তানী সেনাই অপাৰেচন চার্চলাইটৰ সময়ত এই কালী মন্দিৰটো সম্পূর্ণৰূপে ধ্বংস কৰিছিল৷ মুক্তিযোদ্ধাৰ বিৰুদ্ধে অভিযান চলোৱা পাকিস্তানী সেনাই মন্দিৰটোত অগ্নিসংযোগ কৰাৰ ফলত ভক্তসহ অনেক লোকে প্রাণ হেৰুৱাইছিল৷এই কথাই হিন্দু ধৰ্মাৱলম্বীসকলক মোক্ষম আঘাত দিছিল। ধ্বংস হোৱা মন্দিৰটো পুনৰ নিৰ্মাণ হৈ উঠাত সুখী হৈ পৰিছে প্ৰতিজন ধৰ্মপ্ৰাণ লোক।

পুনৰ নির্মিত ঐতিহাসিক কালী মন্দিৰটো বাংলাদেশ ভ্রমণৰত ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ পত্নী সবিতা কোৱিন্দৰ সৈতে কালী মাৰ ওচৰত প্রার্থনা জনাই সকলোৰে কুশল মংগল কামনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ কালী মন্দিৰটো উদ্বোধন কৰি ৰাষ্ট্রপতি কোৱিন্দে কয় যে ''ভাৰত আৰু বাংলাদেশৰ জনগণৰ মাজত সাংস্কৃতিক–আধ্যাত্মিক প্রতীক এই কালী মন্দিৰটো। মন্দিৰটো ধ্বংস হৈছিল যদিও মা কালীৰ আশীর্বাদ তথা ইচ্ছাৰ বাবেই মন্দিৰটো পুনৰ নিৰ্মাণ সম্ভৱ হৈ উঠিল৷ ঐতিহাসিক ৰামনা কালী মন্দিৰ শুভ উদ্বোধন কৰিব পৰাটো মোৰ বাবে বিশেষ মর্যাদাসম্পন্ন৷ এয়া কালী মাৰ আশীৰ্বাদ।'' উল্লেখ্য যে বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণ জয়ন্তী উপলক্ষে দেশখনৰ ৰাষ্ট্রপতি এম আব্দুল হামিদৰ আমন্ত্রণমর্মে প্রথমবাৰৰ বাবে বাংলাদেশ ভ্রমণত গৈছিল ৰামনাথ কোৱিন্দ। তিনি দিনীয়া ভ্ৰমণসূচীৰে সপত্নীক বাংলাদেশ ভ্ৰমণলৈ গ'ল ভাৰতৰ ৰাষ্ট্ৰপতি কোৱিন্দ।

আৰু পঢ়কঃ আহি আছে ‘শ্ব’মেন’ ৰাজ কাপুৰৰ বায়’পিক! নিৰ্মাণ কৰিব নাতি ৰণবীৰে


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু