--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে। কিন্তু শেহতীয়া নিৰ্বাচনী ফলাফলত মোদীৰ ঢৌৰ বিশেষ কোনো উমান নাই। বিজেপিয়ে  দেশ কংগ্ৰেছমুক্ত হ’ব বুলি  হুংকাৰ দি থকাৰ সময়তে দেশৰ কেইবাখনো ৰাজ্য ইণ্ডিয়া মিত্ৰজোঁটে এনডিএৰ সৈতে সমানে সমানে ফেৰ মাৰিছে।  বিজেপিৰ  ‘৪০০ পাৰ’ শ্লোগানৰ সমান্তৰালকৈ এই পৰিস্থিতিত ইণ্ডিয়া মিত্ৰজোঁটেও ১০০ পাৰ শ্লোগান দিব পৰা গৈছে।  দেশৰ বেছিভাগ বুথত এতিয়া এনডিএ-ইণ্ডিয়া মিত্ৰজোঁটৰ তীব্ৰ যুঁজ চলিছে। 


 পূৰ্বৰ দুটা নিৰ্বাচনৰ তুলনাত কংগ্ৰেছে এইবাৰ চমৎকাৰী  জয় লাভ কৰিবলৈ সাজু হৈছে।  কংগ্ৰেছে যেন এই লোকসভা নিৰ্বাচনত ফিনিক্স চৰাইৰ দৰে পুনৰ জন্ম লাভ কৰিছে। ২০১৪ আৰু ২০১৯ৰ ব্যৰ্থতাৰ পিছত কংগ্ৰেছে ১০০ খনতকৈও অধিক আসন লাভ কৰিবলৈ ওলাইছে! আনহাতে, ২২৭ খন আসনত আগবাঢ়ি আছে ইণ্ডিয়া এলায়েন্স ।২০১৪ চনত ছোনিয়া গান্ধীৰ দলে ৪৪ খন আসন লাভ কৰিছিল। ২০১৯ চনত পূৰ্বৰ সংখ্যাৰ সৈতে  ৮ খন আসন সংযোজন হৈছিল,  অৰ্থাৎ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে মুঠ ৫২ খন আসন লাভ কৰিছিল। ইয়াৰ লগে লগে তেতিয়াৰ  ইউ পি এৰ মিত্ৰজোঁটৰ দুৰ্ভাগ্যজনক পৰাজয় আৰম্ভ হৈছিল । কিন্তু এইবাৰ দুপৰীয়া ১২ বজা পৰ্যন্ত ২৩০খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁট।  বৰ্তমান ২৯০খন আসনেৰে আগবাঢ়ি আছে এনডিএ। অন্যান্যই  ২০খন আসনত আগবাঢ়ি আছে। ফলাফল যিয়েই নহওঁক, আচল কথাটো হ’ল কংগ্ৰেছৰ এইবাৰ নৱজাগৰণ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ