--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে। কিন্তু শেহতীয়া নিৰ্বাচনী ফলাফলত মোদীৰ ঢৌৰ বিশেষ কোনো উমান নাই। বিজেপিয়ে  দেশ কংগ্ৰেছমুক্ত হ’ব বুলি  হুংকাৰ দি থকাৰ সময়তে দেশৰ কেইবাখনো ৰাজ্য ইণ্ডিয়া মিত্ৰজোঁটে এনডিএৰ সৈতে সমানে সমানে ফেৰ মাৰিছে।  বিজেপিৰ  ‘৪০০ পাৰ’ শ্লোগানৰ সমান্তৰালকৈ এই পৰিস্থিতিত ইণ্ডিয়া মিত্ৰজোঁটেও ১০০ পাৰ শ্লোগান দিব পৰা গৈছে।  দেশৰ বেছিভাগ বুথত এতিয়া এনডিএ-ইণ্ডিয়া মিত্ৰজোঁটৰ তীব্ৰ যুঁজ চলিছে। 


 পূৰ্বৰ দুটা নিৰ্বাচনৰ তুলনাত কংগ্ৰেছে এইবাৰ চমৎকাৰী  জয় লাভ কৰিবলৈ সাজু হৈছে।  কংগ্ৰেছে যেন এই লোকসভা নিৰ্বাচনত ফিনিক্স চৰাইৰ দৰে পুনৰ জন্ম লাভ কৰিছে। ২০১৪ আৰু ২০১৯ৰ ব্যৰ্থতাৰ পিছত কংগ্ৰেছে ১০০ খনতকৈও অধিক আসন লাভ কৰিবলৈ ওলাইছে! আনহাতে, ২২৭ খন আসনত আগবাঢ়ি আছে ইণ্ডিয়া এলায়েন্স ।২০১৪ চনত ছোনিয়া গান্ধীৰ দলে ৪৪ খন আসন লাভ কৰিছিল। ২০১৯ চনত পূৰ্বৰ সংখ্যাৰ সৈতে  ৮ খন আসন সংযোজন হৈছিল,  অৰ্থাৎ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে মুঠ ৫২ খন আসন লাভ কৰিছিল। ইয়াৰ লগে লগে তেতিয়াৰ  ইউ পি এৰ মিত্ৰজোঁটৰ দুৰ্ভাগ্যজনক পৰাজয় আৰম্ভ হৈছিল । কিন্তু এইবাৰ দুপৰীয়া ১২ বজা পৰ্যন্ত ২৩০খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁট।  বৰ্তমান ২৯০খন আসনেৰে আগবাঢ়ি আছে এনডিএ। অন্যান্যই  ২০খন আসনত আগবাঢ়ি আছে। ফলাফল যিয়েই নহওঁক, আচল কথাটো হ’ল কংগ্ৰেছৰ এইবাৰ নৱজাগৰণ হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
মাৰ্ঘেৰিটাত কিশোৰীক হাত-ভৰি বান্ধি নিজ গৃহতে কেইবাদিনো বলাৎকাৰ খ্ৰীষ্টান ধৰ্মগুৰুৰ
আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি, উদ্বিগ্ন ৰাজ্য চৰকাৰ
গুৱাহাটী বিশ্ববিদ্যালয়ত 'পেছাৰ বাবে প্ৰস্তুতি' শীৰ্ষক অনুষ্ঠানৰ সামৰণি
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ