--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। ৰাজ্য খনত শনিবাৰে নিশাও সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষৰ ঘটনা। এই সংঘৰ্ষত পাঁচজন লোক নিহত হৈছে।নিহতসকলৰ ভিতৰত মেইটেই সম্প্ৰদায়ৰ তিনিজন আৰু কুকি-জোমি সম্প্ৰদায়ৰ দুজন লোক আছে বুলি জানিব পৰা গৈছে। 

ৰাজ্যখনত নিশাৰ ভাগলৈকে হিংসাত্মক ঘটনা সংঘটিত হৈ থাকে।  চুৰাচান্দপুৰ জিলাৰ সীমামূৰীয়া এলেকাত  তীব্ৰ গুলীচালনাৰ ঘটনা  সংঘটিত হোৱাৰ লগতে  চুৰাচান্দপুৰ জিলাৰ কুকি-জোমী অধ্যুষিত হোৱাৰ লগতে ইম্ফলত অগ্নিসংযোগৰ ঘটনা ঘটে। আৰক্ষীয়ে প্ৰকাশ কৰা  মতে শনিবাৰে পুৱতি নিশা মেইটেই সম্প্ৰদায়ৰ তিনিজন লোকক বিষ্ণুপুৰ জিলাৰ কোৱাকটাত দুৰ্বৃত্তই  হত্যা কৰিছে৷ তেওঁলোকক য়ুমনাম জিতেন মেইটেই (৪৬), য়ুম্নাম পিশাক মেইটেই (৬৭) আৰু তেওঁৰ পুত্ৰ য়ুমনাম প্ৰেমকুমাৰ মেইটেই (৩৯) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক কোৱাকটা ৱাৰ্ড ৮-ৰ  বাসিন্দা আছিল।  মেইটেই অধ্যুষিত কোৱাকটাৰ বেছিভাগ বাসিন্দা মুছলমান মেইটেই পাঙ্গাল সম্প্ৰদায়ৰ লোক। 

 আৰক্ষীয়ে  কয়  যে আক্ৰমণকাৰীসকল চুৰাচান্দপুৰৰ পৰা আহিছিল।এজন আৰক্ষী বিষয়াই কয় " তিনিওজন সাহায্য শিবিৰত আছিল কিন্তু পৰিস্থিতি উন্নত হোৱাৰ বাবে  শুকুৰবাৰে কোৱাকটাত  থকা তেওঁলোকৰ বাসগৃহলৈ উভতি গৈছিল," । ঘটনাটোৰ ঠিক পিছতে, একাংশ  জনতাই কোৱাকটাত একত্ৰিত হৈ  চুৰাচান্দপুৰ অভিমুখে যাব বিচাৰিছিল,  কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁসোক বাধা দিয়ে।  

ইপিনে শনিবাৰে পুৱা কোৱাকতাৰ ওচৰত আৰক্ষী  আৰু উগ্ৰপন্থীৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীতএজন আৰক্ষী আহত হয়।আৰক্ষীজনৰ মুখত স্প্লিণ্টাৰ আঘাত লাগিছে । এই ঘটনাত আন দুজন অসামৰিক লোকো আহত হয়। তিনিওজনকে  ইম্ফলৰ ৰাজ মেডিচিটিলৈ অনা হৈছে। তেওঁলোক বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।  ইফালে জিলা প্ৰশাসনে ইম্ফলৰ বহু ঠাইত কাৰফিউ শিথিলকৰণৰ সময় হ্ৰাস কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়