--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। ৰাজ্য খনত শনিবাৰে নিশাও সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষৰ ঘটনা। এই সংঘৰ্ষত পাঁচজন লোক নিহত হৈছে।নিহতসকলৰ ভিতৰত মেইটেই সম্প্ৰদায়ৰ তিনিজন আৰু কুকি-জোমি সম্প্ৰদায়ৰ দুজন লোক আছে বুলি জানিব পৰা গৈছে। 

ৰাজ্যখনত নিশাৰ ভাগলৈকে হিংসাত্মক ঘটনা সংঘটিত হৈ থাকে।  চুৰাচান্দপুৰ জিলাৰ সীমামূৰীয়া এলেকাত  তীব্ৰ গুলীচালনাৰ ঘটনা  সংঘটিত হোৱাৰ লগতে  চুৰাচান্দপুৰ জিলাৰ কুকি-জোমী অধ্যুষিত হোৱাৰ লগতে ইম্ফলত অগ্নিসংযোগৰ ঘটনা ঘটে। আৰক্ষীয়ে প্ৰকাশ কৰা  মতে শনিবাৰে পুৱতি নিশা মেইটেই সম্প্ৰদায়ৰ তিনিজন লোকক বিষ্ণুপুৰ জিলাৰ কোৱাকটাত দুৰ্বৃত্তই  হত্যা কৰিছে৷ তেওঁলোকক য়ুমনাম জিতেন মেইটেই (৪৬), য়ুম্নাম পিশাক মেইটেই (৬৭) আৰু তেওঁৰ পুত্ৰ য়ুমনাম প্ৰেমকুমাৰ মেইটেই (৩৯) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক কোৱাকটা ৱাৰ্ড ৮-ৰ  বাসিন্দা আছিল।  মেইটেই অধ্যুষিত কোৱাকটাৰ বেছিভাগ বাসিন্দা মুছলমান মেইটেই পাঙ্গাল সম্প্ৰদায়ৰ লোক। 

 আৰক্ষীয়ে  কয়  যে আক্ৰমণকাৰীসকল চুৰাচান্দপুৰৰ পৰা আহিছিল।এজন আৰক্ষী বিষয়াই কয় " তিনিওজন সাহায্য শিবিৰত আছিল কিন্তু পৰিস্থিতি উন্নত হোৱাৰ বাবে  শুকুৰবাৰে কোৱাকটাত  থকা তেওঁলোকৰ বাসগৃহলৈ উভতি গৈছিল," । ঘটনাটোৰ ঠিক পিছতে, একাংশ  জনতাই কোৱাকটাত একত্ৰিত হৈ  চুৰাচান্দপুৰ অভিমুখে যাব বিচাৰিছিল,  কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁসোক বাধা দিয়ে।  

ইপিনে শনিবাৰে পুৱা কোৱাকতাৰ ওচৰত আৰক্ষী  আৰু উগ্ৰপন্থীৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীতএজন আৰক্ষী আহত হয়।আৰক্ষীজনৰ মুখত স্প্লিণ্টাৰ আঘাত লাগিছে । এই ঘটনাত আন দুজন অসামৰিক লোকো আহত হয়। তিনিওজনকে  ইম্ফলৰ ৰাজ মেডিচিটিলৈ অনা হৈছে। তেওঁলোক বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।  ইফালে জিলা প্ৰশাসনে ইম্ফলৰ বহু ঠাইত কাৰফিউ শিথিলকৰণৰ সময় হ্ৰাস কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস