--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি যদি ফ্লেটত বাস কৰে বা ফ্লেট ক্ৰয় কৰিবলৈ মন মেলিছে তেন্তে ফ্লেটৰ সজ্জা যাতে বাস্তুৰ বিধান অনুসৰি হয় সেই কথাৰ প্ৰতি গুৰুত্ব দিলে সুফল পাব৷ 

ফ্লেটৰ ক্ষেত্ৰত বাস্তুৰ মতে মানি চলিবলগীয়া কেইটামান কথা হ'ল-

(১)ফ্লেটৰ আকাৰ আয়তাকাৰ বা বৰ্গাকাৰ হ'ব লাগে। বর্গাকাৰ স্থানত নিৰ্মাণ কৰা ফ্লেটসমূহৰ আকাৰো বর্গাকাৰ হ'ব লাগে। 

(২) প্ৰতিটো ফ্লেটৰ স্নানাগাৰ তথা শৌচাগাৰ উত্তৰ পশ্চিম দিশত হ'ব লাগে।

(৩)ফ্লেটৰ ভিতৰত মন্দিৰৰ বাবে উত্তৰ-পূব দিশত স্থান নির্ণয় কৰিব লাগে। ফ্লেটৰ ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। ৰান্ধনীশাল  উত্তৰ পূব দিশত যাতে স্থাপন কৰা নহয় সেই কথাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। প্রয়োজন হ'লে উত্তৰ পশ্চিম দিশতো ৰান্ধনীশাল স্থাপন কৰিব পাৰি। কিন্তু ৰান্ধনীশাল স্থাপনৰ উপযুক্ত দিশ হৈছে দক্ষিণ-পূব দিশ।

(৪)এটা কথালৈ সদায় মন কৰিব লাগে যে ফ্লেটৰ মধ্যভাগ যাতে সম্পূর্ণ মুকলিকৈ ৰখা হয়। ফ্লেটৰ মধ্যভাগত কোনো ধৰণৰ ওজনযুক্ত বস্তু ৰাখিব নালাগে।

(৫)মধ্যভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ফ্লেটৰ মালবস্তু থোৱা গুদামঘৰ সদায় দক্ষিণ পশ্চিম দিশত অথবা মধ্য পশ্চিম দিশত স্থাপন কৰিব লাগে।

(৬)ফ্লেটত যাতে সুন্দৰভাৱে বতাহ আৰু পোহৰ প্ৰৱেশ কৰিব পাৰে, তাৰ বাবে ফ্লেটৰ পূব আৰু উত্তৰ দিশ নাইবা উত্তৰ-পূব দিশত উপযুক্ত ভেন্টিলেচনৰ ব্যৱস্থা কৰিব লাগে৷

(৭)ফ্লেটৰ দক্ষিণ-পূব দিশত কিছু ওজনযুক্ত বস্ত ৰাখিব পাৰি । ২০০-৫০০ কিলোগ্ৰাম ওজনৰ বস্তু সদায় দক্ষিণ-পশ্চিম কোণত ৰাখিলে যথেষ্ট সুফল লাভ কৰিব পাৰি।

(৮)প্ৰতিটো ফ্লেটৰ ঘৰৰ প্ৰধান দুবাৰ যাতে ভিতৰৰ পৰা খুলিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে।

(৯)ফ্লেটৰ দুৱাৰ স্বয়ংক্রিয়াভাৱে খোল খোৱা অথবা জাপ খোৱা হ'ব নালাগে। এনে যান্ত্রিক দুৱাৰে নানান ধৰণৰ অপায়-অমংগল মাতি আনে।

(১০) ফ্লেটৰ  দুৱাৰ কেতিয়াও দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব নালাগে। 

(১১) ফ্লেটৰ চৌহদৰ ভিতৰত নলীনাদ, বৰিং আদি সদায় উত্তৰ-পূব, পূর্ব বা উত্তৰ দিশত স্থাপন কৰিব লাগে ।

(১২)ফ্লেটৰ জলাধাৰ বা পানীৰ টেংকী আদি উত্তৰ-পূব, পূব বা উত্তৰ দিশত থাকিব লাগে। জলাধাৰ কেতিয়াও দক্ষিণ পূর্ব কোণত স্থাপন কৰিব নালাগে।

(১৩) ফ্লেটৰ উত্তৰ আৰু পূব দিশ দুটা যথাসম্ভৱ মুকলিকৈ ৰাখিব লাগে ।

(১৪)ফ্ৰেটৰ উত্তৰ আৰু পশ্চিম দিশত গছ-গছনি ৰোপণ কৰিব লাগে। গছ-গছনিৰ ভিতৰত ওখ কনক চম্পা, নাৰিকল আদি গছ ৰুৱ পাৰে। 

(১৫)ফ্লেটৰ বৰ্জিত পানী ওলাই যাব পৰা নলা দক্ষিণ পশ্চিম বা উত্তৰ পশ্চিম দিশত স্থাপন কৰিব লাগে ।নলা পশ্চিম বা দক্ষিণ পূব দিশটো স্থাপন কৰিব পাৰি। ফ্লেটৰ নলাৰ জলপ্রবাহ যেন দক্ষিণৰ পৰা উত্তৰলৈ, পশ্চিমৰ পৰা পূবলৈ নাইবা উত্তৰ আৰু পূব দিশে গতি কৰে সেই কথালৈ মন দিব লাগে। 

(১৬)ফ্লেটৰ  বৈদ্যুতিক আহিলা আদি দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে।

(১৭)ফ্লেটত প্রায়ভাগ মানুহৰেই নিজা নিজা গাড়ী থাকে। কম ওজনৰ সৰু গাড়ী উত্তৰ-পূব দিশত আৰু বেছি ওজনৰ ডাঙৰ গাড়ী পশ্চিম নাইবা উত্তৰ দিশৰ মাজভাগত ৰাখিব লাগে ।

(১৮) ফ্লেটৰ  ছিৰিৰ ৰেলিং দক্ষিণ, পশ্চিম বা দক্ষিণ পশ্চিম দিশত থাকিব লাগে। উত্তৰ পূব দিশত ফ্লেটৰ  ছিৰিৰ ৰেলিং দিব নালাগে।

(১৯) ফ্লেটত শোৱনি কোঠা সদায় দক্ষিণ পশ্চিম দিশত স্থাপন কৰিব লাগে। ইয়াৰ উপৰি উত্তৰ পূব, উত্তৰ অথবা পূব দিশতো বিছনা স্থাপন কৰিব পাৰি।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস