--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ঠাইৰ অভাৱৰ বাবে চহৰ-মহানগৰ আদিত ফ্লেট আদি জনপ্ৰিয় হৈ পৰিছে৷ ফ্লেটৰ সজ্জা বাস্তুৰ বিধানৰ আধাৰত হ’লে ভাল৷ বাস্তু শাস্ত্ৰই দি যোৱা গৃহসজ্জাৰ বিধানৰ ওপৰত ভিত্তি কৰিয়েই ফ্লেটৰ সজ্জাৰ কিছুমান নীতিও পিছত মানুহে নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি প্ৰতিটো ফ্লেট স্নানাগাৰ তথা শৌচাগাৰ উত্তৰ-পশ্চিম দিশত হ'ব লাগে। 

ফ্লেটৰ ভিতৰত মন্দিৰৰ বাবে উত্তৰ-পূব দিশত স্থান নির্ণয় কৰিব লাগে। ফ্লেটৰ ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। ৰান্ধনীশাল উত্তৰ- পূব দিশত যাতে স্থাপন কৰা নহয় সেই কথাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। প্রয়োজন হ'লে উত্তৰ পশ্চিম দিশটো ৰান্ধনীশাল স্থাপন কৰিব পাৰি। কিন্তু ৰান্ধনীশাল স্থাপনৰ উপযুক্ত দিশ হৈছে দক্ষিণ-পূব দিশ।

শোৱনি কোঠা ফ্লেটত সদায় দক্ষিণ পশ্চিম দিশত স্থাপন কৰিব লাগে। ইয়াৰ উপৰি উত্তৰ পূব, উত্তৰ অথবা পূব দিশতো বিছনা স্থাপন কৰিব পাৰি। এটা কথালৈ সদায় মন কৰিব লাগে যে ফ্লেট মধ্যভাগ যাতে সম্পূর্ণ মুকলিকৈ ৰখা হয়। ফ্লেটৰ মধ্যভাগত কোনো ধৰণৰ ওজনযুক্ত বস্তু ৰাখিব নালাগে । মধ্যভাগ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে।

ফ্লেক্টৰ মালবস্তু থোৱা গুদামঘৰ সদায় দক্ষিণ পশ্চিম দিশত অথবা মধ্য পশ্চিম দিশত স্থাপন কৰিব লাগে।
ফ্লেটত যাতে সুন্দৰভাৱে বতাহ আৰু পোহৰ প্ৰৱেশ কৰিব পাৰে, তাৰ বাবে ফ্লেটৰ পূব আৰু উত্তৰ দিশ নাইবা উত্তৰ-পূব দিশত উপযুক্ত ভেণ্টিলেচনৰ ব্যৱস্থা কৰিব লাগে ।ফ্লেট দক্ষিণ-পূব দিশত কিছু ওজনযুক্ত বস্তু ৰাখিব লাগে। ২০০-৫০০ কিলোগ্ৰাম ওজনৰ বস্তু সদায় দক্ষিণ-পশ্চিম কোণত ৰাখিলে যথেষ্ট সুফল লাভ কৰিব পাৰি ।

প্ৰতিটো ফ্লেটৰ ঘৰৰ প্ৰধান দুৱাৰ যাতে ভিতৰৰ পৰা খুলিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে ।
ফ্লেটৰ দুৱাৰ স্বয়ংক্রিয়ভাৱে খোল খোৱা অথবা জাপ খোৱা হ'ব নালাগে । এনে যান্ত্রিক দুৱাৰে নানান ধৰণৰ অপায়-অমংগল মাতি আনে।

ফ্লেক্টৰ দুৱাৰ কেতিয়াও দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব নালাগে ।
ফ্লেটৰ চৌহদৰ ভিতৰত নলীনাদ, বৰিং আদি সদায় উত্তৰ-পূব, পূব বা উত্তৰ দিশত স্থাপন কৰিব লাগে ।
 জলাধাৰ উত্তৰ-পূব, পূব বা উত্তৰ দিশত থাকিব লাগে। জলাধাৰ কেতিয়াও দক্ষিণ পূব কোণত স্থাপন কৰিব নালাগে।
ফ্লেক্টৰ উত্তৰ আৰু পূব দিশ দুটা যথাসম্ভৱ মুকলিকৈ ৰাখিব লাগে ।
ফ্লেক্টৰ উত্তৰ আৰু পশ্চিম দিশত গছ-গছনি ৰোপণ কৰিব লাগে। গছ-গছনিৰ ভিতৰত ওখ কনক চম্পা, নাৰিকল আদি গছ হ'ব পাৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু