--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰা এতিয়া যেন বহুতৰে জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। সুৰাৰ বাবেই সমাজত নিতৌ নানা ধৰণৰ অথন্তৰ ঘটি আহিছে। এতিয়া ভাৰতবৰ্ষৰ নানা ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাতে সুৰাৰ অবাধ প্ৰচলন হৈছে। তাহানিৰ দিনতো ৰাজপৃষ্ঠপোষকতাত সুৰাৰ প্ৰচলন হোৱাৰ বহু উদাহৰণ আছে। চাণক্যই  সম্ভৱতঃ প্ৰথম ব্যক্তি আছিল যিয়ে ৰাজসভাত সুৰাৰ বিৰুদ্ধে মাত মাতিছিল। 

সেই সময়ত  চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যত  আঙুৰৰ পৰা মদ প্ৰস্তুত কৰা হৈছিল। যাক মধু নামেৰে জনা গৈছিল। চাণক্যই  মধু নামেৰে জনাজাত আঙুৰৰ সুৰাৰ বিৰুদ্ধে মাত মাতিছিল। চাণক্যৰ নীতি অনুসৰি, মানুহে সুৰা বা আন নিচা জাতীয়  আসক্তিৰ পৰা আঁতৰি থাকিব লাগে। যিসকল নিচাগ্ৰস্ত, শত্ৰুৱে  তেওঁলোকক সহজে পৰাজিত কৰিব পাৰে। নিচাত এজন ব্যক্তিয়ে তেওঁৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু এনে ভুল কৰে যাৰ সম্পূৰ্ণ সুবিধা আন মানুহে  ল'ব পাৰে। 

নিচাৰ আসক্তিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। সেয়েহে ইয়াক পৰিহাৰ কৰিব লাগে বুলি চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই কৈ গৈছে। চাণক্যৰ মতে সুৰা আৰু আন নিচাই সংসাৰ ভাঙিব পাৰে। ইয়াৰ বিপৰীতে চাণক্যই কৈছে যে মহিলাসকলে সদায় পুৰুষৰ ক্ষেত্ৰত কিছুমান গুণ বিচাৰে। এজন আদৰ্শ পুৰুষৰ কি গুণ থাকিব লাগে আৰু মহিলাসকলে তেওঁৰ প্ৰিয় পুৰুষৰ কি গুণ থকাটো  বিচাৰে? চাণক্যৰ মতে নিচাগ্ৰস্ত পুৰুষক মহিলাই কেতিয়াও পছন্দ নকৰে। চাণক্যই কৈছে  যে পুৰুষ এজন  তেওঁৰ আচৰণ  আৰু কৰ্মৰ ক্ষেত্ৰত যদি সৎ নহয়, তেন্তে  মহিলাই তেওঁৰ প্ৰতি আকৰ্ষিত নহয়। 

কাৰণ যিকোনো সম্পৰ্কৰ মূল ভেটি হৈছে সততা।  এনে এক সম্পৰ্ক য’ত সততা নাই  , ইজনে সিজনৰ প্ৰতি সন্মান নাই, সেই সম্পৰ্ক কেতিয়াও সুখী আৰু স্থায়ী হ'ব নোৱাৰে। সৎ মানুহজনে কেতিয়াও তেওঁৰ পত্নী বা প্ৰেমিকাক প্ৰতাৰণা নকৰে। গতিকে মহিলাসকল সহজে সৎ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। আৰু এই আকৰ্ষণ কেতিয়াও ম্লান নহয়। ভাৰতবৰ্ষত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চাণক্যৰ নীতি গ্ৰহণ কৰিয়েই তেওঁৰ ৰাজ্য খনত সুৰা নিষিদ্ধ কৰা বুলি ঘোষণা কৰিছিল।একেদৰে মিজোৰাম, নাগালেণ্ডতো সুৰা নিষিদ্ধ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু