--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰা এতিয়া যেন বহুতৰে জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। সুৰাৰ বাবেই সমাজত নিতৌ নানা ধৰণৰ অথন্তৰ ঘটি আহিছে। এতিয়া ভাৰতবৰ্ষৰ নানা ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাতে সুৰাৰ অবাধ প্ৰচলন হৈছে। তাহানিৰ দিনতো ৰাজপৃষ্ঠপোষকতাত সুৰাৰ প্ৰচলন হোৱাৰ বহু উদাহৰণ আছে। চাণক্যই  সম্ভৱতঃ প্ৰথম ব্যক্তি আছিল যিয়ে ৰাজসভাত সুৰাৰ বিৰুদ্ধে মাত মাতিছিল। 

সেই সময়ত  চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যত  আঙুৰৰ পৰা মদ প্ৰস্তুত কৰা হৈছিল। যাক মধু নামেৰে জনা গৈছিল। চাণক্যই  মধু নামেৰে জনাজাত আঙুৰৰ সুৰাৰ বিৰুদ্ধে মাত মাতিছিল। চাণক্যৰ নীতি অনুসৰি, মানুহে সুৰা বা আন নিচা জাতীয়  আসক্তিৰ পৰা আঁতৰি থাকিব লাগে। যিসকল নিচাগ্ৰস্ত, শত্ৰুৱে  তেওঁলোকক সহজে পৰাজিত কৰিব পাৰে। নিচাত এজন ব্যক্তিয়ে তেওঁৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু এনে ভুল কৰে যাৰ সম্পূৰ্ণ সুবিধা আন মানুহে  ল'ব পাৰে। 

নিচাৰ আসক্তিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। সেয়েহে ইয়াক পৰিহাৰ কৰিব লাগে বুলি চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই কৈ গৈছে। চাণক্যৰ মতে সুৰা আৰু আন নিচাই সংসাৰ ভাঙিব পাৰে। ইয়াৰ বিপৰীতে চাণক্যই কৈছে যে মহিলাসকলে সদায় পুৰুষৰ ক্ষেত্ৰত কিছুমান গুণ বিচাৰে। এজন আদৰ্শ পুৰুষৰ কি গুণ থাকিব লাগে আৰু মহিলাসকলে তেওঁৰ প্ৰিয় পুৰুষৰ কি গুণ থকাটো  বিচাৰে? চাণক্যৰ মতে নিচাগ্ৰস্ত পুৰুষক মহিলাই কেতিয়াও পছন্দ নকৰে। চাণক্যই কৈছে  যে পুৰুষ এজন  তেওঁৰ আচৰণ  আৰু কৰ্মৰ ক্ষেত্ৰত যদি সৎ নহয়, তেন্তে  মহিলাই তেওঁৰ প্ৰতি আকৰ্ষিত নহয়। 

কাৰণ যিকোনো সম্পৰ্কৰ মূল ভেটি হৈছে সততা।  এনে এক সম্পৰ্ক য’ত সততা নাই  , ইজনে সিজনৰ প্ৰতি সন্মান নাই, সেই সম্পৰ্ক কেতিয়াও সুখী আৰু স্থায়ী হ'ব নোৱাৰে। সৎ মানুহজনে কেতিয়াও তেওঁৰ পত্নী বা প্ৰেমিকাক প্ৰতাৰণা নকৰে। গতিকে মহিলাসকল সহজে সৎ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। আৰু এই আকৰ্ষণ কেতিয়াও ম্লান নহয়। ভাৰতবৰ্ষত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চাণক্যৰ নীতি গ্ৰহণ কৰিয়েই তেওঁৰ ৰাজ্য খনত সুৰা নিষিদ্ধ কৰা বুলি ঘোষণা কৰিছিল।একেদৰে মিজোৰাম, নাগালেণ্ডতো সুৰা নিষিদ্ধ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement