--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেওবাৰে সামৰণি পৰা টি-২০ শৃংখলাৰ অন্তিমখন মেচত কালি ভাৰতে ৮৮ ৰানৰ বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত কৰে। এই জয়েৰে ভাৰতে পাঁচখনীয়া মেচৰ শৃংখলাটো ৪-১ ব্যৱধানত হস্তগত কৰে। ভাৰতৰ এই জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে দলৰ স্পিন বলিং আক্ৰমণে। মেচখনত ভাৰতীয় দলত থকা স্পিন ত্ৰিমূৰ্তি অক্সৰ পেটেল, কুলদীপ যাদৱ আৰু ৰবি বিষ্ণৈয়ে সন্মিলিত আক্ৰমণেৰে ৱেষ্ট ইণ্ডিজ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰে। 

তিনিওগৰাকী স্পিনাৰে চমকপ্ৰদ প্ৰদৰ্শনেৰে ৱেষ্ট ইণ্ডিজ বেটিং লাইন আপ বিধ্বস্ত কৰি দখল কৰে দলটোৰ আটাইকেইটা উইকেট। এইদৰে টি-২০ ক্ৰিকেট ইতিহাসত বিপক্ষৰ আটাইকেইটা উইকেট দখল কৰাৰ এক বিৰল অভিলেখ গঢ়ি তোলে ভাৰতৰ  স্পিন বিভাগে। ২০০৪ চনৰ পৰা আৰম্ভ হোৱা ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত ইয়াৰ পূৰ্বে কেতিয়াও এইয়া সম্ভৱ হোৱা নাছিল। 

ভাৰতৰ হৈ মেচখনত প্লেয়াৰ অফ দ্য মেচ বিবেচিত হোৱা অক্ষৰ পেটেলে ১৫ ৰানত ৩ টা উইকেট লাভ কৰে। আনহাতে দীৰ্ঘদিনৰ মূৰত ভাৰতৰ হৈ টি-২০ মেচত অৱতীৰ্ণ হোৱা কুলদীপ যাদৱে চাৰি অভাৰত মাত্ৰ ১২ ৰাণ খৰচ কৰি দখল কৰে ৩ টা উইকেট।  উদীয়মান স্পিনাৰ ৰবি বিষ্ণৈয়ে ১৬ ৰানত দখল কৰে আন চাৰিটা উইকেট। 

তিনি স্পিনাৰৰ এই স্পিন ঘূৰ্ণীত বিধ্বস্ত হৈ পৰা ৱেষ্ট ইণ্ডিজে ১৮৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১০০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় আৰু ৮৮ ৰানত পৰাজয় স্বীকাৰ কৰে। দলটোৰ মাত্ৰ তিনিগৰাকী বেটাৰেহে দহকৰ সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ছিমৰন হেটমেয়াৰে সৰ্বাধিক ৫৬ ৰান সংগ্ৰহ কৰে। অপেনাৰ ছামাৰা ব্ৰুকছে দ্বিতীয় সৰ্বাধিক ১৩ ৰান আৰু উইকেটৰক্ষক ডেভন থমাচে ১০ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বটিং কৰি ৭ উইকেটত ১৮৮ ৰান সংগ্ৰহ কৰিছিল। চতুৰ্থখন মেচতে ভাৰতে শৃংখলা দখল কৰাৰ পিছত কালিৰ মেচখনত ভাৰতীয় দলটোত কেইবাটাও সালসলনি ঘটোৱা হয়। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ লগতে বিশ্ৰাম দিয়া হয় সূৰ্যকুমাৰ যাদৱ, ৰবিচন্দ্ৰন অশ্বিন, ঋষভ পন্ত আৰু ভুৱনেশ্বৰ কুমাৰক। তেওঁলোকৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হয় ঈষাণ কিষণ, শ্ৰেয়স আয়াৰ, কুলদীপ যাদৱ আৰু ৰবি বিষ্ণৈক।

ৰোহিত-যাদৱৰ অনুপস্থিতিত কালি ভাৰতৰ হৈ ইনিংছ মুকলি কৰে কিষণ আৰু আয়াৰে। কিষণ ব্যৰ্থ হ’লেও অৱশ্যে আয়াৰে শেহতীয়া টি-২০ ব্যৰ্থতাৰ অন্ত পেলাই ৪০ বলত ৬৪ ৰান সংগ্ৰহ কৰে। দীপক হুডাই ৩৮ ৰানৰ অৱদান আগবঢ়োৱাৰ লগতে মেচখনত অধিনায়কৰ দায়িত্ব পালন কৰা হাৰ্দিক পাণ্ডিয়াই শেষৰ ফালে ১৬ বলত ২৮ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু