--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেওবাৰে সামৰণি পৰা টি-২০ শৃংখলাৰ অন্তিমখন মেচত কালি ভাৰতে ৮৮ ৰানৰ বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত কৰে। এই জয়েৰে ভাৰতে পাঁচখনীয়া মেচৰ শৃংখলাটো ৪-১ ব্যৱধানত হস্তগত কৰে। ভাৰতৰ এই জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে দলৰ স্পিন বলিং আক্ৰমণে। মেচখনত ভাৰতীয় দলত থকা স্পিন ত্ৰিমূৰ্তি অক্সৰ পেটেল, কুলদীপ যাদৱ আৰু ৰবি বিষ্ণৈয়ে সন্মিলিত আক্ৰমণেৰে ৱেষ্ট ইণ্ডিজ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰে। 

তিনিওগৰাকী স্পিনাৰে চমকপ্ৰদ প্ৰদৰ্শনেৰে ৱেষ্ট ইণ্ডিজ বেটিং লাইন আপ বিধ্বস্ত কৰি দখল কৰে দলটোৰ আটাইকেইটা উইকেট। এইদৰে টি-২০ ক্ৰিকেট ইতিহাসত বিপক্ষৰ আটাইকেইটা উইকেট দখল কৰাৰ এক বিৰল অভিলেখ গঢ়ি তোলে ভাৰতৰ  স্পিন বিভাগে। ২০০৪ চনৰ পৰা আৰম্ভ হোৱা ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত ইয়াৰ পূৰ্বে কেতিয়াও এইয়া সম্ভৱ হোৱা নাছিল। 

ভাৰতৰ হৈ মেচখনত প্লেয়াৰ অফ দ্য মেচ বিবেচিত হোৱা অক্ষৰ পেটেলে ১৫ ৰানত ৩ টা উইকেট লাভ কৰে। আনহাতে দীৰ্ঘদিনৰ মূৰত ভাৰতৰ হৈ টি-২০ মেচত অৱতীৰ্ণ হোৱা কুলদীপ যাদৱে চাৰি অভাৰত মাত্ৰ ১২ ৰাণ খৰচ কৰি দখল কৰে ৩ টা উইকেট।  উদীয়মান স্পিনাৰ ৰবি বিষ্ণৈয়ে ১৬ ৰানত দখল কৰে আন চাৰিটা উইকেট। 

তিনি স্পিনাৰৰ এই স্পিন ঘূৰ্ণীত বিধ্বস্ত হৈ পৰা ৱেষ্ট ইণ্ডিজে ১৮৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১০০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় আৰু ৮৮ ৰানত পৰাজয় স্বীকাৰ কৰে। দলটোৰ মাত্ৰ তিনিগৰাকী বেটাৰেহে দহকৰ সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ছিমৰন হেটমেয়াৰে সৰ্বাধিক ৫৬ ৰান সংগ্ৰহ কৰে। অপেনাৰ ছামাৰা ব্ৰুকছে দ্বিতীয় সৰ্বাধিক ১৩ ৰান আৰু উইকেটৰক্ষক ডেভন থমাচে ১০ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বটিং কৰি ৭ উইকেটত ১৮৮ ৰান সংগ্ৰহ কৰিছিল। চতুৰ্থখন মেচতে ভাৰতে শৃংখলা দখল কৰাৰ পিছত কালিৰ মেচখনত ভাৰতীয় দলটোত কেইবাটাও সালসলনি ঘটোৱা হয়। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ লগতে বিশ্ৰাম দিয়া হয় সূৰ্যকুমাৰ যাদৱ, ৰবিচন্দ্ৰন অশ্বিন, ঋষভ পন্ত আৰু ভুৱনেশ্বৰ কুমাৰক। তেওঁলোকৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হয় ঈষাণ কিষণ, শ্ৰেয়স আয়াৰ, কুলদীপ যাদৱ আৰু ৰবি বিষ্ণৈক।

ৰোহিত-যাদৱৰ অনুপস্থিতিত কালি ভাৰতৰ হৈ ইনিংছ মুকলি কৰে কিষণ আৰু আয়াৰে। কিষণ ব্যৰ্থ হ’লেও অৱশ্যে আয়াৰে শেহতীয়া টি-২০ ব্যৰ্থতাৰ অন্ত পেলাই ৪০ বলত ৬৪ ৰান সংগ্ৰহ কৰে। দীপক হুডাই ৩৮ ৰানৰ অৱদান আগবঢ়োৱাৰ লগতে মেচখনত অধিনায়কৰ দায়িত্ব পালন কৰা হাৰ্দিক পাণ্ডিয়াই শেষৰ ফালে ১৬ বলত ২৮ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ