--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত কমনৱেলথ গেমছত দেওবাৰে ক্ৰিকেট ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে ভাৰতে। স্বৰ্ণ যুঁজৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হোৱা ভাৰতীয় মহিলা দলটো নিশ্চিত জয়ৰ দিশত গতি কৰিও শেষৰ ফালে দুৰ্বল বেটিং প্ৰদৰ্শনৰ বাবে স্বৰ্ণ জয়ৰ পৰা বঞ্চিত হ'বলগীয়া হয়। মেচখনত ১৬২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে বেটিং ব্যৰ্থতাৰ বাবে ১৫২ ৰানত ইনিংছ সামৰি ৯ ৰানত পৰাজয়বৰণ কৰে। 

দলৰ আন বেটাৰ সকলৰ এই বেটিং ব্যৰ্থতাৰ মাজতে অধিনায়ক হৰমনপ্ৰীত কৌৰে জেমিমা ৰড্ৰিগোৱেজৰ সৈতে মিলি ভাৰতীয় দলটোৰ জয়ৰ এক  আশা জগাই তুলিছিল যদিও দুয়োগৰাকী বেটাৰ আউট হোৱাৰ পিছত আন কোনো এগৰাকী খেলুৱৈয়ে অষ্ট্ৰেলিয়াৰ সন্মুখত প্ৰত্যাহ্বান জনাব নোৱাৰিলে। 

কৌৰে ৪৩ টা বলত ৬৫ ৰানৰ এট দৰ্শনীয় ইনিংছেৰে পুনৰ এবাৰ ‘বিগ মেচ প্লেয়াৰ’ হিচাপে থকা খ্যাতি প্ৰমাণিত কৰে। এই ইনিংছটোৰে হৰমনপ্ৰীত কৌৰে স্থাপন কৰে এক অনন্য অভিলেখ। এই নতুন অভিলেখ গঢ়াৰ দিশত কৌৰে অতিক্ৰম কৰে প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলীক।

কৌৰে এই ইনিংছটোৰ সহায়েৰে টি-২০ ক্ৰিকেটত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক ৰানৰ অভিলেখ গঢ়ে। অধিনায়ক হিচাপে কেৰিয়াৰৰ ৭২ সংখ্যক টি-২০ মেচত বৰ্তমানলৈকে ১৫৭১ ৰান  সংগ্ৰহ কৰিছে। এইদৰে কৌৰে কোহলীৰ নামত থকা অভিলেখ ভংগ কৰে। ভাৰতীয় দলৰ অধিনায়ক হিচাপে কোহলীয়ে ৫০ খন মেচত ১৫৭০ ৰান সংগ্ৰহ কৰিছিল। 

ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা এই তালিকাত কৌৰ আৰু কোহলীৰ পাছতে তৃতীয় স্থানত আছে। ৰোহিত শৰ্মাই এতিয়ালৈকে অধিনায়ক হিচাপে ৩৫ খন মেচত ১১৬১ ৰান সংগ্ৰহ কৰিছে। আনহাতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা টি-২০ বিশ্বকাপ বিজয়ী অধিনায়ক ধোনীয়ে এই তালিকাত ৭২ খন মেচত ১১১২ ৰান সংগ্ৰহ কৰি চতুৰ্থ স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ