--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত কমনৱেলথ গেমছত দেওবাৰে ক্ৰিকেট ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে ভাৰতে। স্বৰ্ণ যুঁজৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হোৱা ভাৰতীয় মহিলা দলটো নিশ্চিত জয়ৰ দিশত গতি কৰিও শেষৰ ফালে দুৰ্বল বেটিং প্ৰদৰ্শনৰ বাবে স্বৰ্ণ জয়ৰ পৰা বঞ্চিত হ'বলগীয়া হয়। মেচখনত ১৬২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে বেটিং ব্যৰ্থতাৰ বাবে ১৫২ ৰানত ইনিংছ সামৰি ৯ ৰানত পৰাজয়বৰণ কৰে। 

দলৰ আন বেটাৰ সকলৰ এই বেটিং ব্যৰ্থতাৰ মাজতে অধিনায়ক হৰমনপ্ৰীত কৌৰে জেমিমা ৰড্ৰিগোৱেজৰ সৈতে মিলি ভাৰতীয় দলটোৰ জয়ৰ এক  আশা জগাই তুলিছিল যদিও দুয়োগৰাকী বেটাৰ আউট হোৱাৰ পিছত আন কোনো এগৰাকী খেলুৱৈয়ে অষ্ট্ৰেলিয়াৰ সন্মুখত প্ৰত্যাহ্বান জনাব নোৱাৰিলে। 

কৌৰে ৪৩ টা বলত ৬৫ ৰানৰ এট দৰ্শনীয় ইনিংছেৰে পুনৰ এবাৰ ‘বিগ মেচ প্লেয়াৰ’ হিচাপে থকা খ্যাতি প্ৰমাণিত কৰে। এই ইনিংছটোৰে হৰমনপ্ৰীত কৌৰে স্থাপন কৰে এক অনন্য অভিলেখ। এই নতুন অভিলেখ গঢ়াৰ দিশত কৌৰে অতিক্ৰম কৰে প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলীক।

কৌৰে এই ইনিংছটোৰ সহায়েৰে টি-২০ ক্ৰিকেটত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক ৰানৰ অভিলেখ গঢ়ে। অধিনায়ক হিচাপে কেৰিয়াৰৰ ৭২ সংখ্যক টি-২০ মেচত বৰ্তমানলৈকে ১৫৭১ ৰান  সংগ্ৰহ কৰিছে। এইদৰে কৌৰে কোহলীৰ নামত থকা অভিলেখ ভংগ কৰে। ভাৰতীয় দলৰ অধিনায়ক হিচাপে কোহলীয়ে ৫০ খন মেচত ১৫৭০ ৰান সংগ্ৰহ কৰিছিল। 

ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা এই তালিকাত কৌৰ আৰু কোহলীৰ পাছতে তৃতীয় স্থানত আছে। ৰোহিত শৰ্মাই এতিয়ালৈকে অধিনায়ক হিচাপে ৩৫ খন মেচত ১১৬১ ৰান সংগ্ৰহ কৰিছে। আনহাতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা টি-২০ বিশ্বকাপ বিজয়ী অধিনায়ক ধোনীয়ে এই তালিকাত ৭২ খন মেচত ১১১২ ৰান সংগ্ৰহ কৰি চতুৰ্থ স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু