--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৎসৱৰ বতৰ আৰম্ভ হৈছে আৰু লগতে ই-কমাৰ্চ ৱেবছাইটৰ বাম্পাৰ বিক্ৰীও আৰম্ভ হৈছে। এনে অৱস্থাত বহু গ্ৰাহকে সস্তীয়া আৰু উত্তম সামগ্ৰী ক্ৰয় কৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ই-কমাৰ্চ ৱেবচাইটৰ পৰা বজাৰ কৰাৰ সময়ত এজন গ্ৰাহক পুনৰ প্ৰবঞ্চনাৰ বলি হৈছে। এই গ্ৰাহকজনে অনলাইনত লেপটপ এটা অৰ্ডাৰ দিছিল। লেপটপৰ সলনি তেওঁ পালে ঘড়ী চাবোন। 

গ্ৰাহকজন আই আই এম আহমেদাবাদৰ এজন ছাত্ৰ, যিয়ে ফ্লিপকাৰ্টৰ পৰা ৫০ হাজাৰ টকাৰ লেপটপ অৰ্ডাৰ কৰিছিল, কিন্তু কোম্পানীয়ে তেওঁক ঘড়ী চাবোনহে পঠাইছিল। ছাত্ৰজনৰ নাম যশস্বী শৰ্মা আৰু তেওঁ ফ্লিপকাৰ্টত চলি থকা ‘বিগ বিলিয়ন ডেজ ছেল’ৰ পৰা পিতৃৰ বাবে এটা লেপটপ অৰ্ডাৰ কৰিছিল। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছিল– মই দেউতাৰ বাবে এটা লেপটপ অৰ্ডাৰ দিছিলোঁ, কিন্তু ফ্লিপকাৰ্টে ঘড়ী চাবোনহে পঠালে। যেতিয়া মই কাষ্টমাৰ কেয়াৰত অভিযোগ কৰিছিলো, তেতিয়া তেওঁলোকে ভুল মানি ল’বলৈ অস্বীকাৰ কৰিছিল।

যেতিয়া তেওঁ কোম্পানীটোৰ ওচৰত অভিযোগ কৰিছিল, তেতিয়া তেওঁক ‘নো ৰিটাৰ্ণ পলিচি’ৰ উল্লেখ কৰি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব বুলি কৈছিল। যশস্বী শৰ্মাই দাবী কৰিছে যে তেওঁৰ হাতত লেপটপৰ সলনি ঘড়ী চাবোন ডেলিভাৰী কৰাৰ চিচিটিভিৰ প্ৰমাণ আছে। তেওঁ কোম্পানীটোক এই প্ৰমাণো দেখুৱাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ডেলিভাৰী বয়ৰ পৰা টোপোলাটো লৈ থাকোঁতে দেউতাকে ভুল কৰিছিল বুলি ক’লে কোম্পানীয়ে। আচলতে যশস্বী শৰ্মাৰ পিতৃ অপেন বক্স ডেলিভাৰীৰ বিষয়ে অৱগত নাছিল। ইয়াৰ অধীনত গ্ৰাহকে ডেলিভাৰী এজেণ্টৰ সন্মুখত পেকেজটো খুলিব লাগে আৰু সন্তুষ্ট হোৱাৰ পাছত অ’টিপি দিব লাগে।

যশস্বীয়ে এই এই প’ষ্ট কৰি ফ্লিপকাৰ্টৰ চিইঅ’ কল্যাণ কৃষ্ণমূৰ্তি আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলকো টেগ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ