--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফ্লিপকাৰ্ট, এমাজন, মীশ্বো আৰু স্নেপডিলৰ দৰে আগশাৰীৰ ই-কমাৰ্চ পৰ্টেলসমূহে বাৰ্ষিক উৎসৱমুখৰ ঋতুৰ বিক্ৰী আৰম্ভ কৰিছে। শেহতীয়াকৈ ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে  কয় যে তেওঁলোকৰ প্লেটফৰ্মৰ উৎসৱমুখৰ ঋতুৰ বিক্ৰীৰ প্ৰথম দিনটোত প্ৰতি ছেকেণ্ডত ১৬ লাখ সমকালীন ব্যৱহাৰকাৰী দেখা গৈছে।

প্ৰকৃত বিক্ৰীৰ সংখ্যা প্ৰকাশ নকৰাকৈয়ে ফ্লিপকাৰ্টে কয় যে ‘দ্য বিগ বিলিয়ন ডেজ (টিবিবিডি)’ বিক্ৰীৰ প্ৰাৰম্ভিক ধাৰাসমূহে ইংগিত দিয়ে যে উৎসৱমুখৰ বজাৰ কৰাৰ প্ৰতি সামগ্ৰিকভাৱে গ্ৰাহকৰ আৱেগ অতি ইতিবাচক।

লেপটপ, স্মাৰ্টৱাচৰ দৰে শিতানত সৰ্বাধিক চাহিদা দেখা পোৱাৰ বিপৰীতে মেকআপ আৰু সুগন্ধি শিতানতো অধিক ট্ৰেকচন দেখা গৈছিল।ফ্লিপকাৰ্টত গেলামালৰ সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি কোম্পানীটোৱে জনায়।

"টিবিবিডি ২০২২ত এপটোত অভূতপূৰ্ব সংখ্যক সমকালীন ব্যৱহাৰকাৰীৰ সাক্ষী হৈছিল - প্ৰতি ছেকেণ্ডত ১৬ লাখ। টিবিবিডি ২০২২ৰ ব্যৱহাৰ কৰা ফ্লিপকাৰ্ট প্লাছৰ গ্ৰাহকৰ সংখ্যা যোৱা বছৰৰ অনুষ্ঠানৰ তুলনাত  বৃদ্ধি দেখিছিল। 

ৱালমাৰ্টৰ মালিকানাধীন প্ৰতিষ্ঠানটোৱে জনোৱা মতে, ইয়াৰ সহজ পেমেণ্ট বিকল্প ফ্লিপকাৰ্ট পে লেটাৰ ইএমআইয়ে ১ম দিনত গ্ৰহণৰ হাৰ ১২ গুণ বৃদ্ধি পাইছে। ফ্লিপকাৰ্টৰ ই-কমাৰ্চ প্লেটফৰ্ম শ্বপ্সিয়ে টায়াৰ-২ চহৰ আৰু ইয়াৰ বাহিৰৰ পৰা গৰিষ্ঠসংখ্যক গ্ৰাহকক আকৰ্ষণ কৰিছিল আৰু শাৰী, পুৰুষৰ টি-চাৰ্ট আৰু হেডফোন আছিল আটাইতকৈ জনপ্ৰিয় সামগ্ৰী। স্প’ৰ্টছ এণ্ড ফিটনেছ শাখাত ফ্লিপকাৰ্টে কোম্পানীটোৱে কয় যে ইভেণ্টৰ প্ৰথম ২৪ ঘণ্টাত প্ৰতি ছেকেণ্ডত এখনকৈ চাইকেল বিক্ৰী কৰা হৈছে।

কোম্পানীটোৱে জনোৱা মতে, নতুন দিল্লী, বেংগালুৰু, হায়দৰাবাদকে ধৰি , হাওৰা, লক্ষ্ণৌ, কলকাতা, চেন্নাই, জয়পুৰ, কৰ্ণাল, পাটনা, ভূৱনেশ্বৰ, বিশাখাপট্টনম, চুৰাট, আগ্ৰা, গাজিয়াবাদকে ধৰি অন্যান্য চহৰৰ পৰা সৰ্বাধিক অৰ্ডাৰ আহিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ